মডেল
২১৯ প্ৰবন্ধ
-
হেলি কেলিল
হেলি বি কেলিল (ইংৰাজী: Haley Bea Kalil; জন্মগত নাম: অ’ব্ৰায়েন; জন্ম: ৬ আগষ্ট, ১৯৯২), যি তেওঁৰ ব্যৱহাৰকাৰী নাম haleyybaylee নামেৰেও পৰিচিত, এগৰাকী আমেৰিকান ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ, মডেল আৰু প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
হেলেনা ক্ৰীষ্টেনচেন
হেলেনা ক্ৰীষ্টেনচেন (ইংৰাজী: Helena Christensen; জন্ম: ২৫ ডিচেম্বৰ ১৯৬৮) এগৰাকী ডেনিছ ফেশ্বন মডেল। তেওঁ পূৰ্বৰ ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল, নাইলন আলোচনীৰ সহ-প্ৰতিষ্ঠাপক তথা মূল সৃষ্টিশীল পৰিচালক আছিল।
-
হ্ৰাফনহিল্ডুৰ হেৰাল্ডচডটিৰ
হ্ৰাফনহিল্ডুৰ হেৰাল্ডচডটিৰ (ইংৰাজী: Hrafnhildur Haraldsdóttir; জন্ম: ৭ এপ্ৰিল ২০০৪) এগৰাকী আইচলেণ্ডিক মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ আৰ্থ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ আৰ্থ - এয়াৰ ২০২৪ৰ খিতাপ অৰ্জন কৰিছিল।
-
ৰমণী বৰ্থলোমিউজ
ৰমণী এলিজাবেথ বৰ্থলোমিউজ (সিংহলী: රමණි බර්තොලමියුස්; ১ ছেপ্টেম্বৰ ১৯৬৬ – ৩০ জুন ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল।
-
ৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহ
ৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহ (জন্ম: ১৯৭৪) এগৰাকী মালয়েছিয়ান ব্যৱসায়ী, প্ৰাক্তন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে 'মিছ মালয়েছিয়া ৱৰ্ল্ড ১৯৯৪'ৰ মুকুট লাভ কৰিছিল।
-
ৰাচেল ফিঞ্চ
ৰাচেল ফিঞ্চ (ইংৰাজী: Rachael Finch; জন্ম: ৮ জুলাই ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান টেলিভিছন পৰিচালিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০৬ চনৰ মিছ টিন অষ্ট্ৰেলিয়াৰ 'পিপলছ চয়েচ এৱাৰ্ড' লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৯ ত তৃতীয় ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হৈছিল।
-
ৰিয়া পিল্লাই
ৰিয়া লাইলা পিল্লাই (ইংৰাজী: Rhea Laila Pillai) এগৰাকী ব্ৰিটিছ মডেল, যি টেলিভিছন আৰু বিজ্ঞাপনৰ কামৰ বাবে পৰিচিত। ২০০৩ চনত সমাজসেৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰবীনা টেণ্ডন, অনুষ্কা শংকৰ আৰু ৰিতু বেৰীৰ সৈতে তেওঁক "বছৰটোৰ মহিলা" হিচাপে সন্মানিত কৰা হৈছিল।
-
ৰেনা আইৰিছ
ৰেনা আইৰিছ (ইংৰাজী: Renae Ayris; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলিয়ান নৃত্যশিল্পী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১২ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১২ প্ৰতিযোগিতাত তৃতীয় ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।
-
ৱেনানিতা আংগাং
ৱেনানিতা আংগাং (ইংৰাজী: Wenanita Angang) এগৰাকী মালয়েছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ৱৰ্ল্ড মালয়েছিয়া ২০২২ ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।