অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিনা শাম্মী

এলিনা শাম্মী (ইংৰাজী: Elina Shammi) এগৰাকী বাংলাদেশী মডেল, ঘোষিকা আৰু অভিনেত্ৰী। ২০১৪ চনত শ্বাহ আলম কিৰণৰ ৭১-এৰ মা জননী চলচ্চিত্ৰৰ জৰিয়তে তেওঁ আত্মপ্ৰকাশ কৰে। তেওঁ মূলতঃ প্ৰিয়তমা আৰু মুজিব: এটা জাতিৰ ৰূপকাৰ (Mujib: The Making of a Nation) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

এলিনা শাম্মী (ইংৰাজী ভাষা: Elina Shammi) এগৰাকী বাংলাদেশী মডেল, ঘোষিকা আৰু অভিনেত্ৰী। ২০১৪ চনত শ্বাহ আলম কিৰণৰ ৭১-এৰ মা জননী চলচ্চিত্ৰৰ জৰিয়তে তেওঁ আত্মপ্ৰকাশ কৰে। তেওঁ মূলতঃ প্ৰিয়তমা আৰু মুজিব: এটা জাতিৰ ৰূপকাৰ (Mujib: The Making of a Nation) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। তেওঁ মুজিব চলচ্চিত্ৰখনত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।

কেৰিয়াৰ

২০১৪ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ আধাৰত নিৰ্মিত শ্বাহ আলম কিৰণৰ যুদ্ধ ভিত্তিক ড্ৰামা ৭১-এৰ মা জননীৰ জৰিয়তে তেওঁ আত্মপ্ৰকাশ কৰিছিল।১ ২০২১ চনত তেওঁ ৰায়হান ৰফীৰ ৱেব ফিল্ম জানোৱাৰত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলে।২ ২০১৯ চনৰ শেষৰফালে তেওঁ আশ্ৰফ শিশিৰৰ বিশ্বৰ আটাইতকৈ দীঘল চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম আমাৰা একতি চিনেমা বানাবোত অভিনয় কৰিছিল।৩৪

২০২০ চনত তেওঁ আশ্ৰফ শিশিৰৰ চলচ্চিত্ৰ ৫৭০-ত কৰ্ণেল হামিদৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনৰ কাহিনী বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ হত্যাকাণ্ডৰ পৰৱৰ্তী ৩৬ ঘণ্টাৰ ওপৰত আধাৰিত।৫ অৱশ্যে এই ছবিখন এতিয়ালৈকে মুক্তি পোৱা নাই। ২০২১ চনৰ মাৰ্চ মাহত অৰণ্য পলাশৰ যুদ্ধ ভিত্তিক ড্ৰামা গন্তব্য মুক্তি পায়, যিখন শ্বেখ মজিবুৰ ৰহমানৰ ঐতিহাসিক ৭ মাৰ্চৰ ভাষণৰদ্বাৰা অনুপ্ৰাণিত আছিল। ইয়াৰ পিছত তেওঁ অনন্য মামুনৰ থ্ৰিলাৰ কচাইত বাংলাদেশ আৰক্ষীৰ ডিটেকটিভ ব্ৰাঞ্চৰ এগৰাকী বিষয়াৰ চৰিত্ৰত অভিনয় কৰে।৬

২০২২ চনত তেওঁ ছিদ্দিকুৰ ৰহমানৰ 'ছায়াবাজি' আৰু অৰণ্য আনোৱাৰৰ 'মা' চলচ্চিত্ৰত অভিনয় কৰে। ২০২৩ চনত তেওঁ হিমেল আশ্ৰফৰ ব্লকবাষ্টাৰ ছবি প্ৰিয়তমাত অভিনয় কৰি বিশেষ চৰ্চা লাভ কৰে। একে বছৰতে মুক্তি লাভ কৰা শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত ভাৰত-বাংলাদেশৰ যুটীয়া প্ৰযোজনাৰ ছবি মুজিব: এটা জাতিৰ ৰূপকাৰত তেওঁ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল। ইয়াৰ উপৰি তেওঁ অনন্য মামুনৰ 'ৰেডিঅ' নামৰ চলচ্চিত্ৰখনতো অভিনয় কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (6 February 2019). bn:তিন সিনেমায় এলিনা শাম্মী. Manab Zamin
  2. ↑ bn:'জানোয়াৰ' আমাকে দৰ্শকদেৰ মাঝে পৌঁছে দিয়েছে: এলিনা শাম্মী. The Daily Ittefaq
  3. ↑ bn:বাংলাদেশে নিৰ্মিত হলো বিশ্বেৰ সৰ্বোচ্চ দৈৰ্ঘ্যেৰ চলচ্চিত্ৰ. bdnews24
  4. ↑ (2019-05-20). bn:মুক্তিৰ অনুমতি পেলো পৃথিৱীৰ দীৰ্ঘতম ছবি. Channel i
  5. ↑ (28 November 2023). bn:এলিনা শাম্মীৰ নতুন যাত্ৰা '৫৭০'. Bhorer Kagoj
  6. ↑ bn:'কসাই' নিয়ে আশাবাদী এলিনা শাম্মী. Dhaka Times 24

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিনা শাম্মী” প্ৰবন্ধৰ সংশোধন ৫৯৯২৪৯ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।