কাথাৰিণা মাজেপা (ইংৰাজী ভাষা: Katharina Mazepa; জন্ম: ১৯ আগষ্ট ১৯৯৫) এগৰাকী অষ্ট্ৰিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ ভিয়েনা খিতাপ জয় কৰি চৰ্চালৈ আহিছিল। কাথাৰিণা মাজেপা বৰ্তমান এগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেল হিচাপে বিশ্বৰ বিভিন্ন আগশাৰীৰ ফেশ্বন ব্ৰেণ্ডৰ সৈতে কাম কৰি আহিছে।
প্ৰাৰম্ভিক জীৱন
কাথাৰিণা নাহলিকৰ জন্ম ১৯৯৫ চনৰ ১৯ আগষ্টত অষ্ট্ৰিয়াৰ ভিয়েনাত হৈছিল। তেওঁ ভিয়েনাৰ মাৰিয়াহিলফ জিলাত ডাঙৰ-দীঘল হৈছিল।১ তেওঁ ভিয়েনা বাইলিংগুৱেল স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল।২ ১৫ বছৰ বয়সত তেওঁ শিক্ষাৰ বাবে এবছৰ মালয়েছিয়াত কটাইছিল।৩ পৰৱৰ্তী সময়ত তেওঁ ভিয়েনাৰ ইউনিভাৰ্ছিটি অফ নেচাৰেল ৰিচৰ্চেছ এণ্ড লাইফ চাইন্সেছৰ (BOKU university) পৰা এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং অৰ্থাৎ পৰিৱেশ অভিযান্ত্ৰিকী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৪ ছাত্ৰী অৱস্থাৰপৰাই তেওঁ বিভিন্ন সমাজসেৱামূলক কাম-কাজত সক্ৰিয় আছিল।
কেৰিয়াৰ
কাথাৰিণাৰ কেৰিয়াৰ আৰম্ভ হয় ২০১৪ চনত যেতিয়া তেওঁক 'মিছ ভিয়েনা'ৰ মুকুট পিন্ধোৱা হয়।৫ এই খিতাপ জয় কৰাৰ পাছত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মডেলিং কৰাৰ কেইবাটাও সুযোগ লাভ কৰে।৬ তেওঁ বিশ্বৰ বিভিন্ন ফেশ্বন আলোচনীৰ বেটুপাতত স্থান পোৱাৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বিজ্ঞাপন অভিযানৰ মুখ (face) হিচাপে কাম কৰিছে। তেওঁৰ উচ্চতা আৰু ব্যক্তিত্বৰ বাবে তেওঁ ফেশ্বন জগতত অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে। মডেলিং কেৰিয়াৰক তেওঁ যথেষ্ট গুৰুত্বসহকাৰে লৈছে যদিও প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ ইয়াক এক পাৰ্শ্বৱৰ্তী কাম হিচাপেহে গণ্য কৰিছিল।
ব্যক্তিগত জীৱন
২০১৯ চনত কাথাৰিণা নাহলিকে ইটালীৰ স্পোলেটোত আমেৰিকাৰ কূটনীতিবিদ চিল' মাজেপাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৭ তেওঁৰ বিবাহত প্ৰাক্তন মিছ ইউনিভাৰ্ছ প্ৰতিযোগী আমিনা ডাগীয়ে ব্ৰাইডছমেইড হিচাপে অংশ লৈছিল।৮ বিবাহৰ পিছত এই দম্পতীটোৱে আমেৰিকাৰ ৱাশ্বিংটন ডি.চি.লৈ গুচি যায়। অৱশ্যে ২০২১ চনত তেওঁলোকৰ মাজত মনোমালিন্য ঘটে আৰু তেওঁ বিচ্ছেদৰ বাবে আৱেদন কৰে। ২০২৩ চনত তেওঁলোকৰ মাজত আইনীভাৱে বিচ্ছেদ সম্পন্ন হয়।৯
২০২২ চনৰপৰা কাথাৰিণা প্লাষ্টিক চাৰ্জন ডা° লেনাৰ্ড হচষ্টাইনৰ সৈতে এক সম্পৰ্কত আছিল। সেই সময়ত ডা° হচষ্টাইন তেওঁৰ পত্নী লিছা হচষ্টাইনৰ সৈতে বিচ্ছেদৰ প্ৰক্ৰিয়াত আছিল। ২০২৩ চনৰ জুলাই মাহত কাথাৰিণা আৰু লেনিৰ বাগদান সম্পন্ন হয় যদিও ২০২৪ চনৰ ছেপ্টেম্বৰত তেওঁলোকৰ এই বাগদান বাতিল কৰা হয়। অৱশ্যে ২০২৪ চনৰ ডিচেম্বৰত হচষ্টাইনে পুনৰ কাথাৰিণাক বিবাহৰ প্ৰস্তাৱ দিয়ে।১০
তথ্যসূত্ৰ
- ↑ Katharina und Nicole wollen Miss Vienna 2014 werden. vienna.at
- ↑ Miss mit Mission: Stoppt den Magerwahn!. www.genios.de
- ↑ Katharina und Jacqueline treten zur Miss Vienna Wahl an. vienna.at
- ↑ Pizza für unsere Miss Vienna. meinbezirk.at
- ↑ Katharina Nahlik ist die Miss Vienna 2014: Das ist die schönste Frau Wiens. vienna.at
- ↑ (2014-04-15). Miss Vienna: "Modeln ist für mich Nebenjob". www.oe24.at
- ↑ (2019-06-14). Morgen heiratet Ex-Miss-Vienna. www.oe24.at
- ↑ Mit Selbstbewusstsein auf den großen Laufsteg. vol.at
- ↑ (2019-07-22). Austro-Beautys zeigen ihre sexy Urlaubsbilder. www.oe24.at
- ↑ Who Is Lenny Hochstein's Fiancée? All About Katharina Mazepa. Peoplemag
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাথাৰিণা মাজেপা” প্ৰবন্ধৰ সংশোধন ৫৯৮২৪৯ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।