কেথেৰিন ত্ৰেছা আলেকজেণ্ডাৰ (Catherine Tresa; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ তেলুগু ভাষা, তামিল ভাষা, কন্নড় ভাষা আৰু মালয়ালম ভাষা চলচ্চিত্ৰত নিজৰ কৰ্মজীৱন প্ৰতিষ্ঠা কৰিছে। ২০১০ চনত শংকৰ আই.পি.এছ. নামৰ ছবিখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
কেথেৰিন ত্ৰেছাৰ জন্ম হৈছিল ডুবাইত এহাল মালয়ালম ভাষা দম্পতী ফ্ৰেংক মাৰিঅ' আলেকজেণ্ডাৰ আৰু ত্ৰেছা আলেকজেণ্ডাৰৰ ঘৰত।১ তেওঁ ডুবাইত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে বেংগালুৰুলৈ আহে।২ পঢ়ি থকাৰ সময়তে তেওঁ পিয়ানো বজায় শিকিছিল আৰু লগতে গায়ন, নৃত্য, আইচ স্কেটিং আৰু তৰ্কৰ প্ৰশিক্ষণ লৈছিল।৩ তেওঁ ডুবাইত 'এমিৰেটছ এনভায়ৰনমেণ্ট'ৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল। ১৪ বছৰ বয়সত কেথেৰিনে ফেশ্বন ডিজাইনৰ স্নাতক ছাত্ৰ-ছাত্ৰীৰ বাবে অপেছাদাৰী মডেলিং কৰিছিল।৪ ভাৰতলৈ অহাৰ পাছত তেওঁ নাল্লী চিল্কছ, চেন্নাই চিল্কছ, ফাষ্ট ট্ৰেক, জোস্কো জুৱেলাৰ্ছ আৰু ডেক্কান ক্ৰনিকলৰ বাবে মডেলিং কৰে। ইয়াৰ উপৰি তেওঁ শ্ৰীকণ্ঠদত্ত ৱাডিয়াৰ মহাৰাজ কেলেণ্ডাৰৰ বাবে কাম কৰিছিল আৰু ভাৰতৰ বহুতো ৰেম্প শ্ব'ত প্ৰসাদ বিডাপ্পাৰ সৈতে সহযোগিতা কৰিছিল।৪
কৰ্মজীৱন
কেথেৰিনে ২০১০ চনত দুনীয়া বিজয়ৰ বিপৰীতে কন্নড় ভাষা চলচ্চিত্ৰ শংকৰ আই.পি.এছ.ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।৫ ইয়াৰ পিছত তেওঁ মালয়ালম ছবি দ্য থ্ৰিলাৰ আৰু উপ্পুকান্দম ব্ৰাদাৰ্ছ: বেক ইন একচনত অভিনয় কৰে।৬ ২০১১ চনত তেওঁ কানাড়া ছবি বিষ্ণুত এটা চৰিত্ৰ ৰূপায়ণ কৰিছিল, যিটো তেওঁৰ বাস্তৱ জীৱনৰ সম্পূৰ্ণ বিপৰীত বুলি তেওঁ উল্লেখ কৰিছিল।৭
ইয়াৰ পিছত তেওঁ উপেন্দ্ৰৰ বিপৰীতে কানাড়া ছবি গডফাদাৰ (২০১২)-ত অভিনয় কৰে। এই ছবিখনত কেথেৰিনৰ চৰিত্ৰটো আছিল এগৰাকী মানসিকভাৱে প্ৰত্যাহ্বান জনোৱা মহিলাৰ।৮ তেওঁৰ অভিনয়ে ৬০সংখ্যক ফিল্মফেয়াৰ বঁটা দক্ষিণৰ কানাড়া শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ শিতানত প্ৰথমটো মনোনয়ন লাভ কৰিবলৈ সক্ষম হয়।
তাৰ পিছত তেওঁ নীলকান্তৰদ্বাৰা পৰিচালিত চম্মক চল্লোত অভিনয় কৰে, য'ত তেওঁ এগৰাকী সাহসী ছোৱালীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।৯ ছবিখন বক্স অফিচত বিফল হৈছিল যদিও তেওঁৰ অভিনয় ইতিবাচক পৰ্যালোচনা লাভ কৰিছিল।১০ ১২৩তেলেগু ডট কমে উল্লেখ কৰিছিল যে ভৱিষ্যতে তেওঁৰ এগৰাকী তাৰকা হোৱাৰ সম্ভাৱনা আছে।১১
কেথেৰিনে পুৰী জগন্নাথৰ তেলেগু ছবি ইদ্দাৰম্মায়িলাথোত অভিনয় কৰি যথেষ্ট প্ৰশংসা লাভ কৰে।১২ টাইমছ অৱ ইণ্ডিয়াই লিখিছিল যে "কেথেৰিন ত্ৰেছা আকাঙ্ক্ষাৰ চৰিত্ৰটোৰ বাবে সম্পূৰ্ণ উপযুক্ত।" ১৩ আইডলব্ৰেইন জীৱিয়ে তেওঁৰ পৰ্যালোচনাত কৈছিল যে সঠিক প্ৰশিক্ষণ পালে তেওঁ তেলেগু ছবিত বহুত নাম কৰিব পাৰিব।১৪
ইয়াৰ পিছত তেওঁ কৃষ্ণ বংশীৰ ছবি পইচা (২০১৪)-ত এগৰাকী মুছলমান ছোৱালীৰ চৰিত্ৰত অভিনয় কৰে যিয়ে চকুৰে বহু কথা কয়।১৫ কাৰ্থিৰ বিপৰীতে মাদ্ৰাজ (২০১৪) ছবিৰ জৰিয়তে তেওঁ তামিল চলচ্চিত্ৰ জগতত খোজ পেলায়।১৬ ইয়াৰ পিছত তেওঁ দুখন তেলেগু ছবিত অভিনয় কৰে: দাসাৰী নাৰায়ণ ৰাওৰদ্বাৰা পৰিচালিত এৰা বাছ (২০১৪)১৭ আৰু গুণশেখৰৰ ঐতিহাসিক থ্ৰি-ডি ছবি ৰুদ্ৰমাদেৱী (২০১৫)।১৮
তথ্যসূত্ৰ
- ↑ (14 November 2020). This Diwali, I will light a diya wishing for the world to be Covid-free: Catherine Tresa. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Raghavan, Nikhil. (20 September 2014). Kottayam to Kollywood. The Hindu
- ↑ Riding high. The Hindu
- ↑ (8 August 2012). Catherine Tresa rocks the bikini look!. Southscope.in
- ↑ (21 May 2010). Shankar IPS is an out and out Vijay film. Rediff.com
- ↑ Review: Uppukandam Brothers offers nothing new
- ↑ THUNDER THIES CATHERINE IS WONDER TOO!
- ↑ (27 March 2012). Upendra's 'Godfather' embellished by Rahman's melodies. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Narasimha, M.L. (10 June 2012). Breezy entertainer. The Hindu
- ↑ Chammak Challo Telugu Movie Review, Rating. Apherald.com
- ↑ (15 February 2013). Review: Chammak Challo – Nothing flashy about this. 123telugu.com
- ↑ Catherine opposite Allu Arjun in Puri film. Sify
- ↑ (31 May 2013). Iddarammayilatho Telugu movie review highlights. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (31 May 2013). Iddarammayilatho review – Telugu cinema – Allu Arjun, Amala Paul & Catherine Tresa. Idlebrain.com
- ↑ Krishnamoorthy, Suresh. (6 February 2014). In the end, Krishna Vamsi's Paisa is all about the moolah. দ্য হিন্দু
- ↑ (21 September 2013). Catherine Tresa cast opposite Karthi. The Times of India
- ↑ (16 July 2014). Vishnu Manchu's next titled Erra Bus. Times Of India
- ↑ (21 October 2013). Catherine in Rudramadevi. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেথেৰিন ত্ৰেছা” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৫০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।