ইউলিয়া চাৰ্গেয়েভনা পলিয়াচিখিনা (ইংৰাজী ভাষা: Yulia Sergeyevna Polyachikhina; জন্ম: ৬ ফেব্ৰুৱাৰী ২০০০) এগৰাকী ৰুছ ভাষা মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৮ ত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো স্থান লাভ কৰিবলৈ সমৰ্থ নহ’ল।
প্ৰাৰম্ভিক জীৱন
ৰাছিয়ান পিতৃ চাৰ্গেই পলিয়াচিখিন আৰু চুভাশ মাতৃ ওলগা পলিয়াচিখিনাৰ ঘৰত চেবোকচাৰীত পলিয়াচিখিনাৰ জন্ম হৈছিল।১২ মিছ ৰাছিয়া হোৱাৰ পূৰ্বে পলিয়াচিখিনাই চুভাশ ষ্টেট ইউনিভাৰ্ছিটীত সাংবাদিকতা অধ্যয়ন কৰি আছিল।৩ তেওঁ পেৰিছ আৰু ওছাকাত এগৰাকী পেছাদাৰী মডেল হিচাপে কাম কৰিছে।৪৫
সৌন্দৰ্য প্ৰতিযোগিতা
পলিয়াচিখিনাই ২০১৫ চনৰ মিছ চুভাশিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্ছ-আপ হৈ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছৰ বছৰত তেওঁ জয়ী হয় আৰু মিছ চুভাশিয়া ২০১৬ ৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ মিছ গ্ল’ব ২০১৬ ত ৰাছিয়াক প্ৰতিনিধিত্ব কৰি শীৰ্ষ দহগৰাকীৰ ভিতৰত স্থান লাভ কৰে।১ পৰৱৰ্তী সময়ত পলিয়াচিখিনাই মস্কোত অনুষ্ঠিত হোৱা মিছ ৰাছিয়া ২০১৮ ত চুভাশিয়াক প্ৰতিনিধিত্ব কৰে।৬২ এই প্ৰতিযোগিতাত তেওঁ স্ভাৰ্ডলভস্ক ওব্লাষ্টৰ পোলিনা পোপোভাৰ উত্তৰাধিকাৰী হিচাপে জয়লাভ কৰে।৭ বেলগোৰোডৰ ভায়োলেটা টিউৰ্কিনা আৰু য়াকুটিয়াৰ নাটালিয়া ষ্ট্ৰোয়েভা ক্ৰমে ৰানাৰ্ছ-আপ হয়।৮ পুৰস্কাৰ হিচাপে তেওঁ এখন নতুন গাড়ী আৰু ৩ নিযুত ৰাছিয়ান ৰুবল লাভ কৰে।৯ মিছ ৰাছিয়া হিচাপে তেওঁ মিছ ইউনিভাৰ্ছ ২০১৮ ত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো স্থান লাভ কৰিব নোৱাৰিলে।৫
২০১৯ চনৰ ১৩ এপ্ৰিলত পলিয়াচিখিনাই আজভৰ আলিনা চাংকোক মিছ ৰাছিয়া ২০১৯ ৰ মুকুট পিন্ধাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে।১০১১১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Alexandrov, Daniil. (15 April 2018). Кто такая новая Мисс Россия Юлия Полячихина — девушка из Чувашии, покорившая Париж. medialeaks.ru
- ↑ Platonova, Daria. (3 April 2018). Девушка из Чувашии рассказала, чем заняты участницы "Мисс Россия" на протяжении дня. pg21.ru
- ↑ (14 April 2018). Студентка из Чувашии победила на конкурсе "Мисс Россия - 2018". ren.tv
- ↑ (2 April 2018). Студентка ЧГУ - финалистка национального конкурса "Мисс Россия-2018". cheboksary.ru
- ↑ Kozhateleva, Yulia. (14 April 2018). Мисс Россия 2018 стала 18-летняя студентка журфака из Чувашии. kp.ru
- ↑ Platonova, Daria. (29 March 2018). Стало известно о второй представительнице Чувашии на "Мисс Россия". pg21.ru
- ↑ Nozdrin, Anton. (14 April 2018). Девушка из Владимирской области остановилась в шаге от победы в конкурসে "Мисс Россия". vladimir.kp.ru
- ↑ Lashkul, Nikita. (14 April 2018). "Мисс Россия-2018" стала студентка из Чувашии. rg.ru
- ↑ (14 April 2018). Победительница конкурса «Мисс Россия-2018» получила 3 миллиона рублей и автомобиль. lentachel.ru
- ↑ Khozhateleva, Yulia. (13 April 2019). Корону «Мисс Россия-2019» завоевала 20-летняя Алина Санько из Азова. Kp.ru -. Komsomolskaya Pravda
- ↑ (13 April 2019). Алина Санько стала победительницей конкурса "Мисс Россия - 2019". Tass
- ↑ (13 April 2019). "Мисс Россия" в режиме онлайн: первой красавицей страны стала девушка из Азова. 74.ru
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউলিয়া পলিয়াচিখিনা” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৫১ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।