অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলেচিয়া ৰাউত

এলেচিয়া ৰাউত (ইংৰাজী: Alesia Raut) এগৰাকী ভাৰতীয় মডেল, ভিজে আৰু ফেশ্বন কৰিঅ’গ্ৰাফাৰ। তেওঁ ষ্টাৰ ৱান চেনেলৰ এটা ভ্ৰমণ বিষয়ক অনুষ্ঠানৰ আঁত ধৰিছিল। তেওঁ টিভি ৰিয়েলিটি শ্ব’ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী (চতুৰ্থ ছিজন)ৰ এগৰাকী প্ৰতিযোগী আছিল।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এলেচিয়া ৰাউত (ইংৰাজী ভাষা: Alesia Raut) এগৰাকী ভাৰতীয় মডেল, ভিজে আৰু ফেশ্বন কৰিঅ’গ্ৰাফাৰ। তেওঁ ষ্টাৰ ৱান চেনেলৰ এটা ভ্ৰমণ বিষয়ক অনুষ্ঠানৰ আঁত ধৰিছিল।১ তেওঁ টিভি ৰিয়েলিটি শ্ব’ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী (চতুৰ্থ ছিজন)ৰ এগৰাকী প্ৰতিযোগী আছিল।২ ইয়াৰ উপৰিও এলেচিয়াই "মেৰী বেৰী কে বেৰ" আৰু "এক আঁখ মাৰো"ৰ দৰে কিছুমান আইটেম চঙত অভিনয় কৰিছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ ইণ্ডিয়া ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ অফিচিয়েল ৰেম্প-ৱাক প্ৰশিক্ষক।

প্ৰাৰম্ভিক জীৱন

এলেচিয়াৰ জন্ম ছোভিয়েট ইউনিয়নত ভাৰতীয় পিতৃ-মাতৃৰ ঘৰত হৈছিল। তেওঁ বোম্বে কেম্ব্ৰিজ গুৰুকুলত (আন্ধেৰী পূব) অধ্যয়ন কৰিছিল আৰু জুহুৰ মিথিবাই কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ অঞ্জলি ৰাউত নামৰ এগৰাকী ভগ্নী আছে, যি মুম্বাইৰ এগৰাকী প্ৰাক্তন মডেল আৰু এজন ভাতৃ অমিত ৰাউত আছে।

ব্যক্তিগত জীৱন

এলেচিয়াই ৰাছিয়াৰ এজন অৰ্থনীতিবিদ এলেক্সাণ্ডাৰ ইয়ানোভস্কিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ ৰাছিয়াৰ ৰাজধানীলৈ গুচি গৈছিল যদিও বিবাহ বিচ্ছেদৰ পিছত পুত্ৰৰ সৈতে ভাৰতলৈ উভতি আহে।

২০১৭ চনৰ নৱেম্বৰ মাহত এলেচিয়াই টেলিভিছন অভিনেতা সিদ্ধান্ত সূৰ্যবংশীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০২২ চনৰ ১১ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।৩

মডেলিং কেৰিয়াৰ

এলেচিয়াই কেতিয়াও মডেলিং জগতত ভৰি দিম বুলি ভবা নাছিল। অৱশ্যে এজন চুবুৰীয়াই তেওঁৰ কিছুমান ফটো তুলি ১৯৯৯ চনত ভাৰতৰ টাইমছ গ্ৰুপৰ দ্বাৰা আয়োজিত 'লুক অফ দ্য ইয়েৰ' প্ৰতিযোগিতালৈ পঠিয়াই দিছিল। সেই প্ৰতিযোগিতাত তেওঁ এগৰাকী ফাইনেলিষ্ট হিচাপে নিৰ্বাচিত হৈছিল।৪ বিবাহ বিচ্ছেদৰ পিছত, তেওঁৰ ভগ্নী অঞ্জলি (যি এগৰাকী প্ৰতিষ্ঠিত মডেল আছিল) এলেচিয়াক লুবনা এডামছ, নয়নীকা চেটাৰ্জী আৰু মাৰ্ক ৰবিনছন আদিকে ধৰি একাংশ ফেশ্বন কৰিঅ’গ্ৰাফাৰৰ সৈতে যোগাযোগ কৰাই দিছিল। ইয়াৰ পিছতে তেওঁ পুনৰ নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰে।৫ অতি সোনকালেই তেওঁ উইলছ লাইফষ্টাইল ইণ্ডিয়া ফেশ্বন উইক আৰু ইণ্টাৰনেচনেল ইনষ্টিটিউট অৱ ফেশ্বন ডিজাইনৰ দৰে সন্মানীয় অনুষ্ঠানসমূহত ব্যস্ত হৈ পৰে। তেওঁ মনিষ মালহোত্ৰাৰ দৰে বহুতো ফেশ্বন শ্ব’ত ৰেম্পত খোজ দিছে।৬ মধুৰ ভাণ্ডাৰকাৰৰ চলচ্চিত্ৰ ফেশ্বনত তেওঁ এগৰাকী মডেলৰ চৰিত্ৰত অভিনয় কৰিছিল য’ত প্ৰিয়ংকা চোপ্ৰা, কংগনা ৰানাৱাট, মুগ্ধা গডছে আৰু আৰ্জন বাজৱাই অভিনয় কৰিছিল। তেওঁ অক্ষয় কুমাৰৰ দ্বাৰা পৰিচালিত ৰিয়েলিটি শ্ব’ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী (চতুৰ্থ ছিজন)ত অংশগ্ৰহণ কৰিছিল। তেওঁ কৰু তো কৰু ক্যা ছবিৰ এটি আইটেম চঙৰ লগতে "মেৰী বেৰী কে বেৰ" আৰু "এক আঁখ মাৰো" মিউজিক ভিডিঅ’ত অভিনয় কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ alesia raut model turn item girl
  2. ↑ Alesia Raut contestant Fear Factor
  3. ↑ Namboodiri, Narayan. (12 November 2022). TV actor Siddhaanth Vir Surryavanshi, 46, dies of heart attack in gym. The Times of India
  4. ↑ Alesia Raut couture week models gallery
  5. ↑ (24 July 2012). Alesia Raut happily married but still modeling. The Times of India
  6. ↑ Alesia Raut with her son in Manish Malhotra Fashion show in AID OF CPAA

সম্পৰ্কিত শ্ৰেণী

মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলেচিয়া ৰাউত” প্ৰবন্ধৰ সংশোধন ৬০২০১৮ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।