অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এণ্টিছাৰ আল-হাম্মাদি

এণ্টিছাৰ আল-হাম্মাদি (আৰবী: إنتصار الحمادي) (জন্ম ২৫ জানুৱাৰী ২০০১) এগৰাকী য়েমেনী অভিনেত্ৰী আৰু মডেল।

হালনাগাদ: ৮ আগষ্ট ২০২৬ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এণ্টিছাৰ আল-হাম্মাদি (আৰবী ভাষা: إنتصار الحمادي) (জন্ম ২৫ জানুৱাৰী ২০০১) এগৰাকী য়েমেনী অভিনেত্ৰী আৰু মডেল।

ব্যক্তিগত জীৱন

এণ্টিছাৰ ২০০১ চনৰ ২৫ জানুৱাৰীত টাইজ গভৰ্ণৰেটত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতা য়েমেনী আৰু মাতা ইথিয়'পিয়ান।১ ২ পৰৱৰ্তীকালত তেওঁ পৰিয়ালসহ ছানালৈ স্থানান্তৰিত হয়। পৰিয়ালে স্থানীয়ভাৱে এখন সৰু দোকান চলায়, য’ত তাইৰ মাতৃয়ে প্ৰস্তুত কৰা লাহোহ বিক্ৰী কৰা হয়। আল-হাম্মাদীয়ে সেই দোকানখনত সহায়ক হিচাপে কাম কৰিছিল। মহিলাৰ বিষয়ত ৰক্ষণশীল মানসিকতাৰ সমাজত ডাঙৰ হওয়া সত্ত্বেও মডেল হোৱাৰ উচ্চাকাংক্ষাই তেওঁক দোকানৰ কামত সহায় কৰি তেওঁৰ লক্ষ্যৰ দিশলৈ আগুৱাই নিয়াইছিল।৩

২০১৭ চনত তেওঁ মডেলিং ক্ষেত্ৰত নিজৰ পেচাগত জীৱন আৰম্ভ কৰি প্ৰসাধনী আৰু চুলিৰ যত্ন লোৱা স্থানীয় কোম্পানিসমূহৰ ছপা আৰু অনলাইন বিজ্ঞাপনত অংশগ্ৰহণ কৰে। ২০২০ চনত তেওঁ টেলিভিছন নাট্যজগতলৈ প্ৰৱেশ কৰে আৰু প্ৰথমবাৰৰ বাবে দুটা স্থানীয় টিভি নাটকধাৰাবাহিক — ছাদ আল-ঘৰীব আৰু ঘুৰবাত আল-বুন-ত অভিনয় কৰে।

আটক

২০২১ চনৰ ২০ ফেব্ৰুৱাৰীত এণ্টিছাৰক হাউথীয়ে ছানাত আটক কৰে আৰু আঠ মাহ পিছত হাউথী পৰিচালিত আদালতে তেওঁৰ বিৰুদ্ধে পাঁচ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে।৪ ৫ হাউথীয়ে তেওঁৰ ওপৰত ‘‘বেশ্যাবৃত্তি আৰু ড্ৰাগ্ছ সেৱন’’ৰ অভিযোগ তোলে, যদিও এণ্টিছাৰ আৰু তেওঁৰ অধিবক্তাই এই সকলো অভিযোগ অস্বীকাৰ কৰে।৬

হিউমেন ৰাইটছ ৱাচে জানিবলৈ দিয়ে যে হাউথীয়ে এণ্টিছাৰৰ বিৰুদ্ধে অন্যায় বিচাৰ চলাইছিল আৰু তেওঁৰ গোচৰটো অনিয়ম, শাৰীৰিক–মানসিক নিৰ্যাতন আদি সমস্যাৰে ভৰা আছিল।৭ ২০২১ চনৰ জুলাই মাহত জেলৰ ভিতৰত আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাছত তেওঁক তৎক্ষণাত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।৮

এম্নেষ্টী ইণ্টাৰনেচনেলৰ তথ্য অনুসাৰে, আল-হাম্মাদিক “চকুত বান্ধি থৈ জেৰা কৰা হৈছিল, শাৰীৰিক আৰু মৌখিকভাৱে নিৰ্যাতন চলোৱা হৈছিল আৰু বৰ্ণবাদী অপমানৰ লক্ষ্যবস্তু কৰা হৈছিল।”

এণ্টিছাৰৰ ১২বছৰীয়া ভাতৃ নাছৰে দ্য নিউ আৰবৰ সৈতে হোৱা এখন সাক্ষাৎকাৰত কয় যে তেওঁলোকে প্ৰথমতে এণ্টিছাৰক আটক কৰাৰ বিষয়ে একো নহয় জানিছিল। সংবাদ মাধ্যমৰ জৰিয়তেই বিষয়টো তেওঁলোকৰ গমত আহে। নাছৰে লগতে উল্লেখ কৰে যে এই খবৰ পোৱাৰ পিছতে তেওঁলোকৰ মাতৃৰ স্বাস্থ্য বেয়া হৈ পৰে, কিয়নো তেওঁ ইতিমধ্যেই হৃদযন্ত্ৰ–সম্পৰ্কীয় ৰোগত ভুগি আছিল।৩

২০২৫ চনৰ ২৫ অক্টোবৰত হাউথীয়ে তেওঁক কাৰাগাৰৰপৰা মুক্তি দিয়ে।৯

তথ্যসূত্ৰ

  1. ↑ من هي الفنانة إنتصار الحمادي – المحيط. www.almuheet.net
  2. ↑ سالم, احمد. (30 July 2022). انتصار الحمادي من هي وماهي قضية إنتصار الحمادي وكم عمرها اعتقال 2022 وفاة انتصار الحمادي. اليمن الغد
  3. ↑ Shaker, Naseh. (24 June 2021). Model Entisar Al-Hammadi detained by Houthis 'for challenging the social norms of Yemen’s society'. The New Arab
  4. ↑ Mahmood, Ali. (8 November 2021). Yemeni model Entisar Al Hammadi sentenced to five years in prison by Houthi court. The National
  5. ↑ (23 July 2022). Yemeni model Entisar al-Hammadi moved to solitary confinement in Houthi prison. Al Arabiya English
  6. ↑ Houthis sentence Yemeni model Entisar al-Hammadi to five years in prison. Middle East Eye
  7. ↑ (30 June 2021). Yemen: Houthis Subject Model to Unfair Trial. Human Rights Watch
  8. ↑ Entisar al-Hammadi: Jailed Yemeni model reportedly attempts suicide. Middle East Eye
  9. ↑ (2025-10-26). Houthis release Yemeni actor after she spent nearly 5 years in prison. AP News

সম্পৰ্কিত শ্ৰেণী

মডেলঅভিনেত্ৰীয়েমেনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্টিছাৰ আল-হাম্মাদি” প্ৰবন্ধৰ সংশোধন ৬২৫৪০৭ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।