কেথাৰিণা ব্ৰিং (ইংৰাজী ভাষা: Catharina Brink; জন্ম: ২৭ নৱেম্বৰ ১৯৭৯) এগৰাকী ডেনিছ অধিবক্তা, অশ্বাৰোহী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ বিশ্বৰ প্ৰথমগৰাকী মিছ আৰ্থ (২০০১) হিচাপে পৰিচিত।১২
প্ৰাথমিক আৰু ব্যক্তিগত জীৱন
চভেনচন মূলতঃ ডেনমাৰ্কৰ ক’পেনহেগেনৰ বাসিন্দা। পিতৃ-মাতৃৰ সূত্ৰে তেওঁ চুইডিছ আৰু ডেনিছ— এই দুয়োখন দেশৰে নাগৰিকত্ব লাভ কৰিছে। মিছ আৰ্থ হিচাপে কাৰ্যকাল শেষ কৰাৰ পাছত তেওঁ অধ্যয়ন অব্যাহত ৰাখে আৰু পৰৱৰ্তী সময়ত এগৰাকী অধিবক্তা হিচাপে প্ৰতিষ্ঠিত হয়।৩৪
২০০৭ চনৰ ৬ অক্টোবৰত চভেনচনে অলিম্পিয়ান তথা সাতবাৰৰ চুইডিছ ড্ৰেছেজ চেম্পিয়ন জান ব্ৰিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ট্ৰলেনাছ দুৰ্গত বিবাহ সম্পন্ন হোৱাৰ পিছত তেওঁ ব্ৰিঙৰ সৈতে চুইডেনলৈ গুচি যায়। ২০০৫ চনত তেওঁলোকৰ প্ৰথম সাক্ষাৎ হৈছিল আৰু ২০০৬ চনৰ নৱবৰ্ষৰ সন্ধিয়া চুইজাৰলেণ্ডৰ ভাৰ্বিয়াৰত জান ব্ৰিঙে চভেনচনক বিয়াৰ প্ৰস্তাৱ দিছিল। ২০১০ চনৰ ২২ মাৰ্চত তেওঁলোকৰ প্ৰথম সন্তান এঞ্জেলিনা ব্ৰিঙৰ জন্ম হয়।
সৌন্দৰ্য প্ৰতিযোগিতা
২০০১ চনৰ ২৮ অক্টোবৰত চভেনচনে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা 'মিছ আৰ্থ'ৰ খিতাপ জয় কৰে।৫ সেই সময়ত ১৯বছৰীয়া চভেনচন আইন বিষয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰী হোৱাৰ লগতে এগৰাকী অংশকালীন মডেল আছিল। এইখনেই আছিল তেওঁ অংশগ্ৰহণ কৰা প্ৰথমটো সৌন্দৰ্য প্ৰতিযোগিতা।
২০০৫ চনত তেওঁ পুনৰ ফিলিপাইনলৈ যায় আৰু মিছ আৰ্থ ২০০৫ ত বিচাৰক হিচাপে দায়িত্ব পালন কৰে। ২০১৫ চনত অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত মিছ আৰ্থৰ চূড়ান্ত প্ৰতিযোগিতাত তেওঁ সন্মানীয় অতিথি আৰু অফিচিয়েল বিচাৰক হিচাপে উপস্থিত আছিল। সেইদিনা তেওঁ পৰিৱেশ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছিল।৬
২০১৬ চনৰ মে' মাহত তেওঁ মিছ আৰ্থ ২০০৯ লাৰিছা ৰামোছৰ সৈতে 'ফেচ অফ ডেনমাৰ্ক' প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশ লৈছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Birthday.se. www.birthday.se
- ↑ (2024-11-17). FAKTA: Miss Universe er en af flere globale skønhedskonkurrencer. Berlingske
- ↑ (28 September 2007). Jan Brink and Catharina Svensson to Be Married. Eurodressage
- ↑ Bosson, Amelie. (2007-12-01). Brink - Bäst på häst. Sydsvenskan
- ↑ Castro Barawid, Rachel. (2001-10-30). Danish student wins 1st Miss Earth title. Manila Bulletin
- ↑ Adina, Armin. (7 December 2015). 2 in a row: Angelia wins Miss Earth title for PH. Philippine Daily Inquirer
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেথাৰিণা চভেনচন” প্ৰবন্ধৰ সংশোধন ৫৯৮২৯৮ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।