কেডিষ্ট ডেল্টুৰ (জন্ম: ২৯ জুলাই ১৯৯৭) এগৰাকী বেলজিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ বেলজিয়াম ২০২১ ৰ মুকুট লাভ কৰিছিল। তেওঁ ২০২৪ চনৰ ৯ মাৰ্চত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰাৰম্ভিক জীৱন
ডেল্টুৰৰ জন্ম ইথিঅ’পিয়াৰ আদ্দিস আবাবাত হৈছিল।১ তেওঁৰ আঠ বছৰ বয়সত মাতৃৰ কেন্সাৰ ৰোগত মৃত্যু হয়। ইয়াৰ পিছত তেওঁৰ পিতৃয়ে পুনৰ বিবাহ কৰায়। ডেল্টুৰৰ মাহীমাকে তেওঁক শাৰীৰিক নিৰ্যাতন চলাইছিল আৰু ন বছৰ বয়সত তেওঁৰ পিতৃয়ে ডেল্টুৰ আৰু তেওঁৰ ভাই-ভনীসকলক এটা অনাথ আশ্ৰমত এৰি থৈ আহে।২ ডেল্টুৰৰ দহ বছৰ বয়সত তেওঁক আৰু তেওঁৰ ভাই-ভনীসকলক এহাল বেলজিয়ান দম্পতী পিটাৰ আৰু নাডেজ ডেল্টুৰে তুলি লয় আৰু তেওঁলোক ৱেষ্ট ফ্লেণ্ডাৰ্ছৰ ৱোষ্টেনলৈ গুচি আহে।২৩ বেলজিয়ামত ডেল্টুৰে হেয়াৰ ড্ৰেচাৰ হোৱাৰ বৃত্তিমূলক প্ৰশিক্ষণ সম্পূৰ্ণ কৰে আৰু পিছলৈ ইষ্ট ফ্লেণ্ডাৰ্ছৰ নাজৰেথলৈ স্থানান্তৰিত হয়।৪১
সৌন্দৰ্য প্ৰতিযোগিতা
২০২০ চনত ডেল্টুৰে সৌন্দৰ্য প্ৰতিযোগিতাৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু মিছ ইষ্ট ফ্লেণ্ডাৰ্ছ ২০২১ নিৰ্বাচিত হয়। ইয়াৰ ফলত তেওঁ মিছ বেলজিয়াম ২০২১ ত প্ৰদেশখনক প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ লাভ কৰে। ২০২১ চনৰ ৩১ মাৰ্চত আদিনকাৰ্কত অনুষ্ঠিত মিছ বেলজিয়ামৰ চূড়ান্ত প্ৰতিযোগিতাত তেওঁ বিজয়ী হয়।৫ পুৰস্কাৰ হিচাপে তেওঁ এখন গুলপীয়া ভলভো গাড়ী লাভ কৰে।
মিছ বেলজিয়াম হিচাপে ডেল্টুৰে মিছ ইউনিভাৰ্ছ ২০২১ ত বেলজিয়াক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো স্থান লাভ কৰিব নোৱাৰিলে। পৰৱৰ্তী সময়ত তেওঁ মিছ ৱৰ্ল্ড ২০২৩ ত অংশগ্ৰহণ কৰি শীৰ্ষ ৪০ গৰাকীৰ ভিতৰত স্থান লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Verhaeghe, Olaf. (15 January 2021). Kedist Deltour, van het weeshuis in Ethiopië naar de finale van Miss België: "Dit land heeft mij alles gegeven". kw.be
- ↑ (1 April 2021). L'incroyable destiny de Kedist Deltour, élue Miss Belgique 2021. La Voix du Nord
- ↑ (24 May 2020). Interview: Model Kedist Deltour (Belgium). Modellenland Magazine
- ↑ Vansteelandt, Tim. (9 January 2021). Miss West- én Oost-Vlaanderen verdedigen West-Vlaamse eer in finale Miss België. kw.be
- ↑ (31 March 2021). Kedist Deltour (23) gekroond tot Miss België 2021. Vlaamse Radio- en Televisieomroeporganisatie
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেডিষ্ট ডেল্টুৰ” প্ৰবন্ধৰ সংশোধন ৬০৩৩০৬ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।