কেণ্ডিচ চুজান স্বানেপোৱেল (ইংৰাজী ভাষা: Candice Susan Swanepoel; জন্ম: ২০ অক্টোবৰ ১৯৮৮) এগৰাকী দক্ষিণ আফ্ৰিকীয় মডেল। তেওঁ মুখ্যত ভিক্টোৰিয়াছ ছিক্ৰেটৰ সৈতে কৰা কামৰ বাবে পৰিচিত। ২০১০ চনত তেওঁ এগৰাকী ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল হৈছিল। ২০১৬ চনত তেওঁ ফৰ্বছৰ সৰ্বাধিক উপাৰ্জনকাৰী মডেলৰ তালিকাত অষ্টম স্থান লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
স্বানেপোৱেলৰ জন্ম হৈছিল জিম্বাবৱেৰ মুটাৰেৰ উইলিয়াম স্বানেপোৱেল আৰু আইলিন স্বানেপোৱেলৰ (পূৰ্বৰ নাম গ্ৰীণ) কোলাত। তেওঁ দক্ষিণ আফ্ৰিকাৰ মুই ৰিভাৰৰ এখন ফাৰ্মত ডাঙৰ-দীঘল হৈছিল।১ স্বানেপোৱেল এজন ডাচ্চ মূলৰ আফ্ৰিকানাৰ পৰিয়ালৰ সন্তান, আনহাতে তেওঁৰ মাতৃ ব্ৰিটিছ মূলৰ। তেওঁৰ ষ্টিফেন নামৰ এজন জ্যেষ্ঠ ভাতৃ আছে।২৩ ডাঙৰ হৈ অহাৰ সময়ত স্বানেপোৱেল এগৰাকী বেলে নৃত্যশিল্পী আছিল। তেওঁ ওচৰৰে হিলটন নামৰ চহৰখনৰ ছেইণ্ট এনছ ডাইঅচেচান কলেজত আৱাসিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।৪ ১৫ বছৰ বয়সত ডাৰবানৰ এটা বজাৰত এগৰাকী মডেল স্কাউটে তেওঁক পোনপ্ৰথমবাৰৰ বাবে লক্ষ্য কৰিছিল।৫
ব্যক্তিগত জীৱন
স্বানেপোৱেল আফ্ৰিকানী, ইংৰাজী আৰু পৰ্তুগীজ ভাষাত পাকৈত। পৰ্তুগীজ ভাষা তেওঁ তেওঁৰ প্ৰাক্তন বাগদত্ত তথা ব্ৰাজিলীয় মডেল হাৰমেন নিকোলিৰপৰা শিকিছিল।৬ ১৭ বছৰ বয়সত পেৰিছত তেওঁলোকৰ প্ৰথম দেখা-দেখি হৈছিল (সেই সময়ত নিকোলিৰ বয়স আছিল ২৩ বছৰ) আৰু তাৰ পিছৰপৰাই তেওঁলোকে ডেটিং আৰম্ভ কৰিছিল।৭ ২০১৫ চনৰ আগষ্ট মাহত এই দম্পতীহালে তেওঁলোকৰ বাগদানৰ কথা ঘোষণা কৰে।৮ তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে, যাৰ জন্ম ২০১৬ চনৰ অক্টোবৰ আৰু ২০১৮ চনৰ জুন মাহত হৈছিল। ২০১৮ চনৰ নৱেম্বৰ মাহত দম্পতীহালৰ মাজত বিচ্ছেদ ঘটে।৯
২০১৮ চনৰ তথ্য অনুসৰি, তেওঁ ব্ৰাজিল আৰু নিউয়ৰ্ক চহৰৰ মাজত নিজৰ সময় অতিবাহিত কৰে।১০
তথ্যসূত্ৰ
- ↑ McGurk, Stuart. (2014-08-06). Victoria's Top Secret: Candice Swanepoel. GQ Magazine
- ↑ Blasberg, Derek. (18 December 2012). A Candid Interview with the Impossibly Beautiful Candice. Mr. Blasberg
- ↑ Model Profile: Candice Swanepoel. New York
- ↑ Mbuyazi, Nondumiso. We found Candice, says agency
- ↑ Govender, Devi Sankaree (presenter); First Edit (producer). (29 May 2005). Mooiriver magic. Carte Blanche
- ↑ (29 January 2011). 'Pretendo Morar no Brasil', Conta a Angel Candice Swanepoel. Confira!. 180graus
- ↑ (May 2010). GQ Girl: Candice Swanepoel. GQ South Africa (, pp. cover, 8, 66–72.)
- ↑ Bacardi, Francesca. (15 August 2015). Candice Swanepoel Is Engaged! Model Set to Marry Longtime Boyfriend Hermann Nicoli. E!
- ↑ Guthrie, Susannah. Inside Candice Swanepoel's Relationship With Hermann Nicoli. Harper's BAZAAR
- ↑ (19 June 2018). Candice Swanepoel sobre relacionamento EUA-Brasil: "Estou tentando morar mais aqui". Vogue Brasil
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেণ্ডিচ স্বানেপোৱেল” প্ৰবন্ধৰ সংশোধন ৬২৩৫৯০ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।