মডেল
২১৯ প্ৰবন্ধ
-
জং হো-য়েন
জং হো-য়েন (ইংৰাজী: Jung Ho- yeon; কোৰিয়ান: 정호연; জন্ম: ২৩ জুন, ১৯৯৪) এগৰাকী দক্ষিণ কোৰিয়ান ফেশ্বন মডেল আৰু অভিনেত্ৰী। ২০১০ চনত ফ্ৰীলান্স মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, দুবছৰ ধৰি ছিউল ফেশ্বন উইকৰ শ্ব’ত খোজ কাঢ়িছিল।
-
জয়া আহছান
জয়া মাছউদ (ইংৰাজী: Jaya Maswood; জন্ম: ১ জুলাই), যিগৰাকী জনপ্ৰিয়ভাৱে জয়া আহছান নামেৰে পৰিচিত, এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, প্ৰযোজক আৰু নেপথ্য গায়িকা।
-
জাকিয়া বাৰী মম
জাকিয়া বাৰী মম (ইংৰাজী: Zakia Bari Mamo; জন্ম: ১৯ ডিচেম্বৰ ১৯৮৫) এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল। ২০০৬ চনত 'লাক্স চেনেল আই ছুপাৰষ্টাৰ' নামৰ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ বিশেষ স্বীকৃতি লাভ কৰে।
-
জান্নাতুল ফেৰদৌচ ঐশী
জান্নাতুল ফেৰদৌচ ঐশী (জন্ম: ২৭ আগষ্ট ২০০০) তেওঁ মিছ ৱৰ্ল্ড বাংলাদেশ ২০১৮-ৰ মুকুট পিন্ধিছিল। তেওঁ ২০১৮ চনৰ ৮ ডিচেম্বৰত চীনৰ ছানিয়াত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল আৰু ১১৮ গৰাকী প্ৰতিযোগীৰ ভিতৰত শীৰ্ষ ৩০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।
-
জালাচট চাদাত
জালাচট চাদাত (ইংৰাজী: Zallascht Sadat; জন্ম: ১২ এপ্ৰিল ১৯৮৬) এগৰাকী আফগান-জাৰ্মান মডেল যিয়ে শেহতীয়া বছৰবোৰত কেইবাটাও সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছে। তেওঁৰ আটাইতকৈ শেহতীয়া বিজয় আছিল মিছ গ্ল’ব ২০১২ খিতাপ।
-
জিচেলা মেনোছি
জিচেলা মেনোছি (জন্ম: ১৯৮৮) এগৰাকী আৰ্জেণ্টিনীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু মডেল। তেওঁ ২০০৯ চনত অনুষ্ঠিত হোৱা মিছ আৰ্থ আৰ্জেণ্টিনা ২০০৯ প্ৰতিযোগিতাত বিজয়ী হৈ দেশজুৰি পৰিচিতি লাভ কৰে।
-
জিজি হাদিদ
জেলেনা নুৰা "জিজি" হাদিদ (জন্ম: ২৩ এপ্ৰিল ১৯৯৫) এগৰাকী আমেৰিকান ফেশ্বন মডেল আৰু টেলিভিছন ব্যক্তিত্ব। ২০১৬ চনত তেওঁক ব্ৰিটিছ ফেশ্বন কাউন্সিলে “আন্তঃৰাষ্ট্ৰীয় মডেল অৱ দ্য য়েৰ” উপাধি প্ৰদান কৰে। নিজৰ কেৰিয়াৰত হাদিদে আন্তঃৰাষ্ট্ৰীয় ভোগ আলোচনীত অন্ততঃ ৫০ বাৰতকৈ অধিক উপস্থিতি জনাইছে।
-
জিলিয়ান মাৰে
জিলিয়ান মাৰে (ইংৰাজী: Jillian Murray; জন্ম: ৪ জুন, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তেওঁ ছনি উইথ এ চান্স ধাৰাবাহিকত পৰ্টলিন, এমটিভিৰ অকৱাৰ্ড ধাৰাবাহিকত অলিভিয়া, আমেৰিকান হাইস্কুল চলচ্চিত্ৰত গ্ৱেন এডামছ, ফৰ্গেট মি নটত লেক্স মিচেল, ৱাইল্ড থিংছ: ফোৰছামত ব্ৰেণ্ডী কক্স আৰু মাছ ইফেক্ট ভিডিঅ’…
-
জুলিয়া ফুৰ্ডিয়া
জুলিয়া ফুৰ্ডিয়া (ইংৰাজী: Julia Furdea; জন্ম: ১৯ জুলাই ১৯৯৪) এগৰাকী ৰোমানিয়ান-অষ্ট্ৰিয়ান মডেল, টেলিভিছন ঘোষিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ অষ্ট্ৰিয়া খিতাপ অৰ্জন কৰিছিল আৰু লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৪ আৰু ফ্লৰিডাৰ ডৰালত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত নিজৰ…
-
জেচিকা লেন
জেচিকা মে' লেন (ইংৰাজী: Jessica May Lane; জন্ম: ৫ অক্টোবৰ ২০০২) এগৰাকী অষ্ট্ৰেলিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনৰ ৯ নৱেম্বৰত ফিলিপাইনছত মিছ আৰ্থ ২০২৪ ৰ মুকুট লাভ কৰে। তেওঁ এই খিতাপ জয় কৰা প্ৰথমগৰাকী অষ্ট্ৰেলিয়ান।
-
জেচিণ্টা ফ্ৰেঙ্কলিন
জেচিণ্টা ফ্ৰেঙ্কলিন (ইংৰাজী: Jesinta Franklin; জন্ম: ১২ আগষ্ট ১৯৯১) এগৰাকী অষ্ট্ৰেলিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১০ ৰ মুকুট লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১০-ত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ৰানাৰ-আপৰ স্থান দখল কৰিছিল।
-
জেছিয়া ইছলাম
জেছিয়া ইছলাম (ইংৰাজী: Jessia Islam) এগৰাকী বাংলাদেশী মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ৱৰ্ল্ড বাংলাদেশ ২০১৭, মিছ চাৰ্ম বাংলাদেশ ২০২৩, মিছ গ্ৰেণ্ড বাংলাদেশ ২০২৪ আৰু মিছ ইণ্টাৰনেশ্যনেল বাংলাদেশ ২০২৫-ৰ খিতাপ অৰ্জন কৰিছিল।
-
জেনিফাৰ ফ্লেভিন
জেনিফাৰ লি ফ্লেভিন ষ্টেলন (ইংৰাজী: Jenifer Lee Flavin; জন্ম: ১৪ আগষ্ট, ১৯৬৮) এগৰাকী আমেৰিকান ব্যৱসায়ী মহিলা আৰু প্ৰাক্তন মডেল। তেওঁ অভিনেতা চিলভেষ্টাৰ ষ্টেলনৰ সৈতে বিবাহিত।
-
জেনিফাৰ হকিংছ
জে্নিফাৰ লুইচ হকিংছ-ৱাল (ইংৰাজী: Jennifer Louise Hawkins-Wall; জন্ম: ২২ ডিচেম্বৰ ১৯৮৩) এগৰাকী অষ্ট্ৰেলিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী, যিয়ে ২০০৪ চনৰ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ২০০৪ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল।
-
জোই ছালডানা
জোই ইয়াদিৰা ছালডানা-পেৰেগো (জন্ম: ১৯ জুন, ১৯৭৮, পেছাগতভাৱে জোই ছালডানা নামেৰে পৰিচিত) এগৰাকী আমেৰিকান অভিনেত্ৰী। ছালডানাই সৰ্বকালৰ শীৰ্ষ ১০খন সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত চাৰিখনত অভিনয় কৰিছে।
-
জোৱান স্মলছ
জোৱান স্মলছ ৰড্ৰিগেজ (জন্ম ১১ জুলাই, ১৯৮৮) এগৰাকী পুৱাৰ্টো ৰিকান মডেল আৰু দূৰদৰ্শন ব্যক্তিত্ব। ২০১১ চনত তেওঁ এষ্টে লডাৰ প্ৰসাধন সামগ্ৰীৰ প্ৰতিনিধিত্ব কৰা প্ৰথম লাতিনা মডেল হিচাপে ইতিহাস সৃষ্টি কৰে।
-
টম ৱেলিং
থমাছ জোচেফ ৱেলিং (Thomas Joseph Welling, জন্ম: ২৬ এপ্ৰিল, ১৯৭৭) এগৰাকী আমেৰিকান অভিনেতা, পৰিচালক আৰু প্ৰযোজক। তেওঁ দ্য ডব্লিউবি (বৰ্তমান দ্য চিডব্লিউ) চেনেলৰ ছুপাৰহিৰো ড্ৰামা ধাৰাবাহিক স্মলভিল (২০০১–২০১১)ত ক্লাৰ্ক কেণ্টৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
টাটিয়ানা চিলভা
টাটিয়ানা চিলভা ব্ৰাগা টাভাৰেছ (ইংৰাজী: Tatiana Silva Braga Tavares; জন্ম: ৫ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী বেলজিয়ান টিভি ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ বেলজিয়াম ২০০৫ ৰ মুকুট লাভ কৰিছিল।
-
টাটিয়ানে আলভেশ্ব
টাটিয়ানে আলভেশ্ব (জন্ম: চি. ১৯৮৬) এগৰাকী ব্ৰাজিলিয়ান মডেল, হিচাপ পৰামৰ্শদাতা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে মিছ আৰ্থ ২০০৮ প্ৰতিযোগিতাত ব্ৰাজিলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অন্যতম বিজয়ী হিচাপে উলাই আহে আৰু মিছ আৰ্থ ফায়াৰৰ মুকুট লাভ কৰে, যিটো তৃতীয় ৰানাৰ-আপৰ সমতুল্য।
-
টানিয়া মেল্লেট
টানিয়া মেল্লেট (ইংৰাজী: Tania Mallet; জন্ম: ১৯ মে', ১৯৪১ – ৩০ মাৰ্চ, ২০১৯) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ ১৯৬৪ চনৰ জেমছ বণ্ডৰ বোলছবি গ'ল্ডফিংগাৰত টিলী মাষ্টাৰচনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
টেগান মাৰ্টিন
টেগান জাড মাৰ্টিন (ইংৰাজী: Tegan Jade Martin; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৯২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, হেয়াৰড্ৰেছাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১৪ চনৰ ৬ জুনত মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল।
-
ডাউছেন ক্ৰুছ
ডাউছেন ক্ৰুছ (ইংৰাজী: Doutzen Kroes; জন্ম: ২৩ জানুৱাৰী ১৯৮৫) এগৰাকী ডাচ্চ ফেশ্বন মডেল। তেওঁ ২০০৩ চনত নেদাৰলেণ্ডত নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু অতি সোনকালেই তেওঁৰ এজেঞ্চীয়ে তেওঁক নিউয়ৰ্কলৈ পঠিয়াই দিছিল য’ত তেওঁক লঞ্জৰী ব্ৰেণ্ড ভিক্টোৰিয়াছ ছিক্ৰেটৰ বাবে নিৰ্বাচিত কৰা হৈছিল।
-
ডেনীজ কুইননচ
ডেনীজ মেৰী কুইননচ আগষ্ট (ইংৰাজী: Denise Quiñones; জন্ম: ৯ ছেপ্টেম্বৰ, ১৯৮০) এগৰাকী পুৱেৰ্টো ৰিকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য ৰাণী, যিয়ে মিছ ইউনিভাৰ্ছ ২০০১ৰ খিতাপ জয় কৰিছিল।
-
তনতাৱান তান্তিৱেজাকুল
তনতাৱান তান্তিৱেজাকুল (থাই: ต้นตะวัน ตันติเวชกุล; জন্ম ৭ নৱেম্বৰ ২০০০), গৃহনাম টু (ตู)) এগৰাকী থাই অভিনেত্ৰী আৰু মডেল। তেওঁ GMMTV-ৰ অধীনত চুক্তিবদ্ধ শিল্পী। ২০২১ চনত তেওঁ F4 Thailand: Boys Over Flowers ধাৰাবাহিকত গোৰ্যা চৰিত্ৰত অভিনয় কৰি বহুল পৰিচিতি লাভ কৰে।
-
তান্দিন বিধা
তান্দিন বিধা (জোংখা: རྟ་མགྲིན་བུ་དར) এগৰাকী ভূটানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বৰ্তমানলৈকে ৩০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল হোম ছুইট হোম।
-
দানিলা এলনচো
দানিলা এলনচো (ইংৰাজী: Daniella Alonso) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন ফেশ্বন মডেল। তেওঁ দ্য হিলচ হেভ আইজ ২ আৰু ৰং টাৰ্ণ ২: ডেড এণ্ড (দুয়োখন ২০০৭) আদিকে ধৰি কেইবাখনো হৰৰ ছবিত অভিনয় কৰিছে।
-
দিনক্ষী প্ৰিয়সাদ
বামিনাহেন্নাডিগে দিনক্ষী প্ৰিয়সাদ (জন্ম: ১৮ মাৰ্চ ১৯৯০) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু টেলিভিছন ঘোষিকা। প্ৰিয়সাদে মাত্ৰ দুবছৰ বয়সতে তেওঁৰ পিতৃ দিনেশ প্ৰিয়সাদৰ নিৰ্দেশনাত নিৰ্মিত অপায়ে থাথপাৰা ৮৪,০০০ বোলছবিৰ জৰিয়তে অভিনয়ত অভিষেক ঘটাইছিল।
-
দিলৰুবা ইয়াছমিন ৰুহী
দিলৰুবা ইয়াছমিন ৰুহী (ইংৰাজী: Dilruba Yasmeen Ruhee; জন্ম: ২৫ মে’ ১৯৮৮) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী।
-
দেৱী লিয়ানা চিৰিস্তা
দেৱী লিয়ানা চিৰিস্তা (জন্ম: ৭ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী মালয়েছিয়াৰ গায়িকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে 'মিছ ৱৰ্ল্ড মালয়েছিয়া ২০১৪'ৰ মুকুট লাভ কৰিছিল।
-
দ্ৰষ্টী ধামী
দ্ৰষ্টী ধামী (ইংৰাজী: Drashti Dhami; জন্ম: ১০ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী যিয়ে মূলতঃ হিন্দী দূৰদৰ্শনত কাম কৰে। ধামীক আটাইতকৈ জনপ্ৰিয় হিন্দী দূৰদৰ্শন অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।