দৰ্শনা সিং (Darshana Singh; জন্ম: ১০ জুলাই ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সদস্য১ হিচাপে উত্তৰ প্ৰদেশৰ পৰা ভাৰতৰ সংসদৰ উচ্চ সদনৰ ৰাজ্যসভাৰ সদস্য।২ তেওঁ বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী পদতো অধিষ্ঠিত হৈ আছে। ইয়াৰ পূৰ্বে তেওঁ উত্তৰ প্ৰদেশ বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাথমিক জীৱন
১৯৯৬ চনত আজমগড়ৰ ডি এ ভি কলেজৰ পৰা বুৰঞ্জীত তেওঁ এম এ ডিগ্ৰী লাভ কৰি স্বৰ্ণ পদক বিজয়ী হৈ পিছলৈ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু দৃশ্য যোগাযোগ বিভাগত ডিপ্লমা লাভ কৰে।
পদাধিকাৰসমূহ
০৫-জুলাই-২০২২ বৰ্তমানলৈ সংসদ ৰাজ্যসভাৰ সদস্য।
২১-জুন-২০২১ বৰ্তমানলৈ, বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি।
১০-ফেব্ৰুৱাৰী-২০১৮ৰ পৰা ২১-জুন-২০২১লৈ বিজেপি মহিলা মৰ্চাৰ ইউ পি সভাপতি।
২০১৬–২০১৮, উত্তৰ প্ৰদেশৰ কাশী অঞ্চলৰ ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক
২০১৩–২০১৫, ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি, উত্তৰ প্ৰদেশৰ চণ্ডাউলী জিলাৰ মহিলা মৰ্চাৰ
২০১১–২০১৩, ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি, উত্তৰ প্ৰদেশৰ চণ্ডাউলী জিলাৰ মহিলা মৰ্চাৰ
তথ্যসূত্ৰ
- ↑ prsindia.org/mptrack/rajya-sabha/darshana-singh
- ↑ (4 June 2022). 11 Rajya Sabha candidates in UP, including 8 from BJP elected unopposed. Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰ্শনা সিং” প্ৰবন্ধৰ সংশোধন ৪৮০২০০ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।