জোতিমণি চেনিমলাই (Jothimani Sennimalai; জন্ম: ৯ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সাহিত্যিক, সমাজকৰ্মী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ২০১৯ চনত তামিলনাডুৰ কাৰুৰৰ পৰা লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল। কম বয়সতে ৰাজনীতিত যোগদান কৰা জোতিমণিয়ে ক্ৰমে ভাৰতীয় যুৱ কংগ্ৰেছ আৰু তামিলনাডু যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু উপ-সভাপতি হিচাপে সুকীয়াকৈ কাৰ্যনিৰ্বাহ কৰিছিল।
সংক্ষিপ্ত জীৱন
১৯৭৫ চনৰ ৯ আগষ্টত কাৰুৰ জিলাৰ আৰাভাকুৰিচিৰ পেৰিয়া থিৰুমাংগালমত চেনিমলাই আৰু মুথুলক্ষ্মীৰ ঘৰত জোতিমণিৰ জন্ম হয়।১ তেওঁৰ দেউতাক চেনিমলাই আছিল এজন খেতিয়ক। শৈশৱতে তেওঁ দেউতাক চেনিমালাইক হেৰুৱাইছিল। মাতৃ মুথুলক্ষ্মীৰ সহযোগত তেওঁ উদুমলাইপেটস্থিত শ্ৰী জি.ভি.জি বিশালাক্ষী মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰে। কলেজীয়া দিনত কলেজ ষ্টুডেণ্টছ ইউনিয়নৰ অধ্যক্ষ হিচাপে তেওঁ নিৰ্বাচিত হৈছিল। তেওঁ কলেজত এন এছ এছ কেম্পত সক্ৰিয় অংশগ্ৰহণকাৰী আছিল আৰু সমাজ সেৱাৰ কাম-কাজত অংশ লৈছিল।
তেওঁৰ শৈক্ষিক ডিগ্ৰীসমূহৰ ভিতৰত আছে: আন্নামলাই বিশ্ববিদ্যালয়ৰ কলা স্নাতকোত্তৰ, ২০০৩;২আৰু দৰ্শনত স্নাতকোত্তৰ, আন্নামলাই বিশ্ববিদ্যালয়, ২০০৫।২
জোতিমণিয়ে ২২ বছৰ বয়সত ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে। তেওঁ ভাৰতীয় যুৱ কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ ঘনিষ্ঠ সহযোগী আছিল।.৩
২০০৬ চনৰ পৰা ২০০৯ চনলৈকে তামিলনাডু চেন্সৰ ব’ৰ্ডৰ সদস্য আছিল। ২০০৬ চনত আমেৰিকাত অনুষ্ঠিত হোৱা আমেৰিকান কাউন্সিল ফৰ ইয়ং পলিটিকেল লিডাৰ্ছ আৰু ২০০৯ চনত মালয়েছিয়াত অনুষ্ঠিত হোৱা এছিয়ান ইয়ং লিডাৰছ ছামিট আদি আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় যুৱ কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি আহিছে। ২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা ভাইটাল-ভইচ অৱ এছিয়া এছিয়ান ৱমেন লিডাৰ্ছ মিটৰ বাবেও তেওঁক নিৰ্বাচিত কৰা হৈছিল।৪ ভাৰতীয় সাধাৰণ নিৰ্বাচন, ২০১৯ৰ বাবে জোতিমণিয়ে লোকসভাৰ কৰূৰ সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰে। বহু সংবাদ মাধ্যম আৰু ৰাজনৈতিক বিশ্লেষকৰ সম্ভাৱনাক নাকচ কৰি জোতিমানিয়ে প্ৰবীণ ৰাজনীতিবিদ আৰু সৰ্বভাৰতীয় আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগামৰ নেতা এম থাম্বিদুৰাইক পৰাস্ত কৰে যিয পূৰ্বে লোকসভাৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাত উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Seventeenth Lok Sabha: Members Bioprofile: Jothi Mani, Ms. S.. Parliament of India - LOK SABHA
- ↑ S. Jothi Mani. India.gov.in
- ↑ (26 March 2014). Jothimani gets Congress ticket for Karur Lok Sabha seat. The Hindu
- ↑ IIM grads, techies set to contest Tamil Nadu polls. electionnow.tv
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোতিমণি চেনিমলাই” প্ৰবন্ধৰ সংশোধন ৪৯১২৭২ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।