অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডগ্গুবতী পুৰন্দেশ্বৰী

ডগ্গুবাটি পুৰন্দেশ্বৰী (Daggubati Purandeswari,জন্ম ২২ এপ্ৰিল ১৯৫৯) অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী।সম্প্ৰতি ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ১৫ মে’ ২০২৫ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ডগ্গুবাটি পুৰন্দেশ্বৰী (Daggubati Purandeswari,জন্ম ২২ এপ্ৰিল ১৯৫৯) অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী।১সম্প্ৰতি ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।২

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৫৯ চনৰ ২২ এপ্ৰিলত এন টি ৰামা ৰাও আৰু বাসৱতৰকমৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। চেন্নাইৰ চাৰ্চ পাৰ্কৰ ছেক্ৰেড হাৰ্ট মেট্ৰিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।৩ ডগ্গুবতীৰ ৭ জন ভাতৃ আৰু ৩ গৰাকী ভগ্নী আছে। ১৯৭৯ চনত দক্ষিণ ইণ্ডিয়ান এডুকেচনেল ট্ৰাষ্ট আৰু ৱমেন কলেজ (চেন্নাই) (বছিৰ আহমেদ ছাইদ কলেজ ফৰ ৱমেন)ৰ পৰা সাহিত্যত কলা শাখাত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে, আৰু তাৰ পিছত ১৯৯৬ চনত ভাৰতীয় ৰত্নবিজ্ঞান প্ৰতিষ্ঠানত ৰত্নবিজ্ঞানত ডিপ্লমা লাভ কৰে।৪৩ পিছলৈ ১৯৯৭ চনত হায়দৰাবাদ ইনষ্টিটিউট অৱ জেম এণ্ড জুৱেলাৰী প্ৰতিষ্ঠা কৰে। তেওঁ ইংৰাজী, তেলেগু, তামিল, হিন্দী আৰু ফৰাচী পাঁচটা ভাষা পঢ়িব, লিখিব আৰু ক’ব পাৰে। ভাৰতীয় নৃত্য ৰূপ কুচিপুড়িত তেওঁ পাৰদৰ্শী।৫ ১৯৭৯ চনৰ ৯ মে'ত তেওঁৰ ভেংকটেশ্বৰ ৰাওৰ সৈতে বিবাহ হয়৷ তেওঁলোকৰ এগৰাকী কন্যা নিবেদিতা আৰু পুত্ৰ হিতেশ চেঞ্চুৰাম আছে।.৬

ৰাজনৈতিক জীৱন

পুৰন্দেশ্বৰী ২০২৩ চনৰ পৰা অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি।৭২০০৯ চনত তেওঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী আৰু ২০১২ চনত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত এম অ' এছ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৮

১৫ সংখ্যক লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংসদ সদস্য হিচাপে তেওঁ অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।৯ ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা চতুৰ্দশ লোকসভাত বাপাটলা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।১০ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত ২০১৪ চনৰ ৭ মাৰ্চত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে, যিটো তেতিয়াৰ সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁট চৰকাৰৰ অনুকূল অন্ধ্ৰ প্ৰদেশৰ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদৰ চিন স্বৰূপে।১১

২০১৪ চনত পুৰন্দৰেশ্বৰীয়ে ৰাজমপেটৰ পৰা বিজেপিৰ টিকটত লোকসভা নিৰ্বাচনত যুঁজি পৰাস্ত হয়।১২তেওঁক বিজেপি মহিলা মৰ্চাৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হয়।১৩১৪ ২০২৩ চনৰ ৪ জুলাইত তেওঁক অন্ধ্ৰপ্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।.১৫

২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিৰ পৰা সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।১৬

তথ্যসূত্ৰ

  1. ↑ (2024-05-14). Rajahmundry braces for 3-way contest between Congress' Raju, BJP's Purandeswari and YSRCP's Srinivas. The Economic Times
  2. ↑ (2024-06-04). Andhra Pradesh Lok Sabha Election Results 2024 Highlights: Check the results of all 25 seats of Andhra Pradesh here. India Today
  3. ↑ (2024-04-22). Daggubati Purandeswari Educational Qualifications. India.com
  4. ↑ ‘Hinduism to me is a way of life’ Indian Express- 11 January 2009
  5. ↑ Dr. Daggubati Purandeswari
  6. ↑ (27 February 2019). NTR's grandson Hitesh Chenchuram joins YSR Congress. Business Standard India
  7. ↑ (2023-07-04). BJP appoints Daggubati Purandeswari as A.P. unit president. The Hindu
  8. ↑ (2014-03-06). Purandeswari likely to join BJP. www.indiatvnews.com
  9. ↑ (2014-04-16). BJP shifts Daggubati Purandeswari from Visakhapatnam to Rajampeta. www.deccanchronicle.com
  10. ↑ Service, Express News. (2023-07-05). BJP finetunes AP strategy by appointing Daggubati Purandeswari as state president. The New Indian Express
  11. ↑ (7 March 2014). NTR's daughter D Purandareswari joins BJP. NDTV
  12. ↑ Rajampet Lok Sabha Election 2024: Get Latest News Updates of Rajampet Lok Sabha Constituency for General Election 2024. The Indian Express
  13. ↑ BJP creates OBC morcha ahead of Bihar election
  14. ↑ (4 July 2015). With an eye on Bihar, UP polls, BJP forms OBC Morcha to boost electoral fortunes
  15. ↑ (2023-07-04). Daggubati Purandeswari appointed as new BJP Andhra Pradesh unit president. The Hindu
  16. ↑ (2024-06-04). Rajahmundry, Andhra Pradesh Lok Sabha Election Results 2024 Highlights: Daggubati Purandheshwari of BJP Secures Comfortable Lead with 726515 Votes. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীভাৰতৰ নাৰীতামিলনাডুৰ ব্যক্তিৰাজনৈতিক ক্ষেত্ৰত নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডগ্গুবতী পুৰন্দেশ্বৰী” প্ৰবন্ধৰ সংশোধন ৫০৮৮১৩ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।