ভাৰতীয় মূলৰ আমেৰিকান
৫৫ প্ৰবন্ধ
-
মীৰা নায়াৰ
মীৰা নায়াৰ (জন্ম ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ প্ৰডাক্টচন কোম্পানী মীৰাবাঈ ফিল্মছ আন্তৰাষ্ট্ৰীয় দৰ্শকক ভাৰতীয় সমাজৰ প্ৰকৃত পৰিচয় দাঙি ধৰাৰ বাবে বিখ্যাত। তেওঁৰ বোলছবি সমূহত ভাৰতীয় সমাজৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায়।
-
সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ
সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ (Subrahmanyan Chandrasekhar; ১৯ অক্টোবৰ ১৯১০ – ২১ আগষ্ট ১৯৯৫) এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেওঁ কৰ্মজীৱনৰ অধিকাংশ সময় আমেৰিকা যুক্তৰাষ্ট্ৰতে কটাইছিল।
-
অভিজিৎ বেনাৰ্জী
অভিজিৎ বিনায়ক বেনাৰ্জী (অভিজিৎ বিনায়ক বন্দ্যোপাধ্যায়; Abhijit Vinayak Banerjee; জন্ম ২১ ফেব্ৰুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেচন ইন্টাৰনেচনেলৰ অধ্যাপক।
-
কল্পনা চাওলা
কল্পনা চাওলা (ইংৰাজী: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা। ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে।
-
ছানী লিয়নি
কৰেনজিৎ কৌৰ ভোহৰা (Karenjit Kaur Vohra জন্ম: ১৩ মে', ১৯৮১), জনপ্ৰিয় নাম ছানী লিয়নি (Sunny Leone), এগৰাকী মডেল তথা আমেৰিকান আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁ এগৰাকী প্ৰাক্তন পৰ্ণ তাৰকা। কানাডাৰ এটা ভাৰতীয় শিখ পৰিয়ালত লিয়নিয়ে জন্মগ্ৰহণ কৰিছিল।
-
ঝুম্পা লাহিড়ী
নিলাঞ্জনা সুদেষ্ণা "ঝুম্পা" লাহিড়ী (জন্ম ১১ জুলাই, ১৯৬৭) এগৰাকী প্ৰখ্যাত আমেৰিকান সাহিত্যিক। চুটিগল্প, উপন্যাস আৰু প্ৰবন্ধ লেখাসমূহৰ বাবে সুপৰিচিত লাহিড়ীয়ে শেহতীয়াকৈ ইটালীয় ভাষাতো সাহিত্যচৰ্চা কৰিবলৈ লৈছে।
-
কমলা হেৰিছ
কমলা দেৱী হেৰিছ (Kamala Devi Harris; জন্ম: ২০ অক্টোবৰ, ১৯৬৪) এগৰাকি আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত জুনিয়ৰ চিনেটৰ হিচাপে কাম কৰিছিল। তেওঁ ২০২০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি পদত ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী ৰূপে মনোনীত হৈছে।
-
গীতা গোপীনাথ
গীতা গোপীনাথ (জন্ম ৮ ডিচেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় অধ্যয়ন আৰু অৰ্থনীতি বিজ্ঞানৰ জন জৱানষ্ট্ৰ আসনৰ অধ্যাপক।
-
ভেংকটৰমণ ৰামাকৃষ্ণণ
ভেংকটৰমণ "ভেংকি" ৰামাকৃষ্ণণ (Venkatraman "Venki" Ramakrishnan; জন্ম: ১৯৫২) ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান তথা ব্ৰিটিছ গাঠনিক জীৱবিজ্ঞানী। ২০১৫ বৰ্ষৰ নৱেম্বৰ মাহত ভেংকি ৰামাকৃষ্ণণ ৰয়েল ছ'ছাইটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। "ৰাইব'জ'মৰ গঠন আৰু কাৰ্যৰ অধ্যয়নৰ বাবে" ২০০৯ চনত থমাছ এ.
-
সুন্দৰ পিচাই
পিচাই সুন্দৰাৰাজন (பிச்சை சுந்தரராஜன், Pichai Sundararajan) অথবা সুন্দৰ পিচাই, এজন ভাৰতীয় ব্যৱসায়ী। বৰ্তমান তেঁও গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া।
-
ই চি জৰ্জ সুদৰ্শন
ই চি জৰ্জ সুদৰ্শন (E. C. George Sudarshan; ১৬ ছেপ্টেম্বৰ, ১৯৩১ – ১৩ মে', ২০১৮) আছিল এজন ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।
-
ভাৰতী মুখাৰ্জী
ভাৰতী মুখাৰ্জী (Bharati Mukherjee; জুলাই ২৭, ১৯৪০ - জানুৱাৰী ২৮, ২০১৭) হ'ল এগৰাকী ভাৰতীয় আমেৰিকান লেখক আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কেইবাখনো উপন্যাস, চুটি গল্প সংকলন আৰু তথ্যভিত্তিক সাহিত্য লিখিছে।
-
হৰিশ-চন্দ্ৰ
হৰিশ-চন্দ্ৰ (Harish-Chandra; ১১ অক্টোবৰ, ১৯২৩ – ১৬ অক্টোবৰ, ১৯৮৩) এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ।
-
অজয় বংগা
অজয়পাল সিং বংগা (Ajaypal Singh Banga; জন্ম: ১০ নৱেম্বৰ, ১৯৫৯) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী। বৰ্তমান তেওঁ বিশ্ব বেংক গোটৰ অধ্যক্ষ আৰু জেনেৰেল আটলাণ্টিকৰ উপাধ্যক্ষ পদত অধিষ্ঠিত।
-
ইন্দ্ৰা নূয়ী
ইন্দ্ৰা কৃষ্ণমূৰ্থী নূয়ী(Indra Nooyi)(তামিল: இந்திரா கிருஷ்ணமூர்த்தி நூயி) (জন্মঃ ২৮ অক্টোবৰ ১৯৫৫) বাণিজ্যৰ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান মহিলা।
-
চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী
চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী (Chitra Banerjee Divakaruni, জন্মতে: চিত্ৰলেখা বেনাৰ্জী, ২৯ জুলাই, ১৯৫৬)) হৈছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান লেখিকা আৰু কবি। ইয়াৰ লগতে তেখেত হৈছে হিউষ্টন বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লিখন কাৰ্যসূচীৰ 'বেটি আৰু জিন মেকডেভিদ প্ৰফেছাৰ অৱ ৰাইটিং'।
-
ভামা শ্ৰীনিবাসন
ভামা শ্ৰীনিবাসন (জন্ম ২২ এপ্ৰিল ১৯৩৫) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতক সাধাৰণতে জনা যায় সসীম গোটৰ উপস্থাপনা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেতৰ অৱদানসমূহক নিউথাৰ বক্ততাৰে ১৯৯০ চনত সন্মানীত কৰা হয়।
-
অঞ্জলি ভীমানী
অঞ্জলি ভীমানী (ইংৰাজী: Anjali Bhimani) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কণ্ঠ অভিনেত্ৰী। তেওঁ বিশেষকৈ অ’ভাৰৱাচ নামৰ ভিডিঅ' গেমটোত চিম্পেট্ৰা আৰু এপেক্স লেজেণ্ডচ নামৰ ভিডিঅ' গেমটোত ৰেম্পাৰ্টৰ চৰিত্ৰত কণ্ঠদান কৰাৰ বাবে জনাজাত।
-
অপৰ্ণা ব্ৰিয়েল
অপৰ্ণা ব্ৰিয়েল (ইংৰাজী: Aparna Brielle; জন্ম: অপৰ্ণা পাৰ্থসাৰথি, ৫ ফেব্ৰুৱাৰী, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এনবিচি/পিককৰ কমেডী ধাৰাবাহিক এ.পি. বায়ো (২০১৯-২০২১)-ত সাৰিকা সৰকাৰ আৰু নেটফ্লিক্সৰ একশ্বন কমেডী ধাৰাবাহিক ফুবৰ (২০২৩-২০২৫)-ত টিনা মুখাৰ্জীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
অপৰ্ণা হিগিনছ্
অপৰ্ণা ডব্লিউ হিগিনছ্ (Aparna W. Higgins) এগৰাকী গণিতজ্ঞ। গণিতৰ বিষয়ত গৱেষণা কৰিবলৈ নতুন চাম গণিতজ্ঞক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা পালন কৰিছে। তেখেতৰ মূল গৱেষণাক্ষেত্ৰ "সাধাৰণ বীজগণিত" যদিও শেহতীয়াকৈ লেখ তত্ত্ব, গ্ৰাফ পেবলিং, আৰু ৰেখা লেখ আদিৰ বিষয়তো তেখেতে গৱেষণাৰ পৰিসৰ বঢ়াইছে।
-
অৰ্পণা নাঞ্চেৰলা
অৰ্পণা নাঞ্চেৰলা (ইংৰাজী: Aparna Nancherla) এগৰাকী আমেৰিকান ষ্টেণ্ড-আপ কমেডিয়ান আৰু অভিনেত্ৰী। তেওঁ বোজাক হৰ্চমেন আৰু কৰ্পোৰেটৰ দৰে ধাৰাবাহিকত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ লেট নাইট উইথ চেথ মেয়াৰ্ছ আৰু টোটেলী বায়াস্ড উইথ ডব্লিউ কামাউ বেলৰ বাবে লিখিছে।
-
আঞ্চল জোচেফ
আঞ্চল জোচেফ (ইংৰাজী: Anchal Joseph; জন্ম: ৩ জানুৱাৰী, ১৯৮৭) এগৰাকী ভাৰতীয় ফেশ্বন মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনত আমেৰিকাজ নেক্সট টপ মডেলৰ সপ্তম ছিজনত অংশগ্ৰহণ কৰাৰ লগতে ২০১৮ চনৰ চিএনবিচি ৰিবুটত ডিল অৰ নো ডিলত এগৰাকী ব্ৰিফকেচ মডেল হিচাপে উপস্থিত হোৱাৰ বাবে সৰ্বাধিক পৰিচিত।
-
এঞ্জেল দেশাই
এঞ্জেল দেশাই (জন্ম: অস্পৰা দেশাই) এগৰাকী আমেৰিকান অভিনেত্ৰী।
-
এনেট মহেন্দ্ৰু
অনিতা দেৱী "এনেট" মহেন্দ্ৰু (ইংৰাজী:Anita Devi "Annet" Mahendru; জন্ম: ৫ নৱেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ এফএক্স পিৰিয়ড ড্ৰামা ধাৰাবাহিক দ্য আমেৰিকানছ্ত (২০১৩–২০১৬) নীনা চাৰ্গেভনা ক্ৰিলোভাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
কমলা দেৱী
কমলা দেৱী আমেচুৰ (৮ অক্টোবৰ ১৯৩৩ – ২৯ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় আৰু আমেৰিকান অভিনেত্ৰী আছিল। তেওঁ ১৯৬০-ৰ দশকত তেওঁৰ প্ৰথম স্বামী চাক কন্নৰ্ছৰ বিপৰীতে কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক (Gayatri Chakravorty Spivak; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় পণ্ডিত, সাহিত্য তত্ত্ববিদ আৰু নাৰীবাদী সমালোচক। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ ইনষ্টিটিউট ফৰ কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য।
-
গীতাঞ্জলি ৰাও (বিজ্ঞানী)
গীতাঞ্জলী ৰাও (Gitanjali Rao; জন্ম ২০০৫) এগৰাকী ভাৰতীয়-আমেৰিকান আৱিষ্কাৰক, বৈজ্ঞানিক, লেখিকা আৰু ষ্টেম (STEM; বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত) প্ৰবন্ধক। তেওঁ ২০১৭ চনত ডিস্ক'ভাৰি এড্যুকেশ্বন 3M ইয়ং বিজ্ঞানী চেলেঞ্জ বিজয়ী।
-
চাকিনা জাফ্ৰি
চাকিনা জাফ্ৰি (ইংৰাজী: Sakina Jaffrey; জন্ম: ১৪ ফেব্ৰুৱাৰী, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী। জাফ্ৰিয়ে নেটফ্লিক্সৰ মৌলিক ধাৰাবাহিক হাউচ অৱ কাৰ্ডছত লিণ্ডা ভস্কেজ আৰু এনবিচিৰ ধাৰাবাহিক টাইমলেছত ডেনিছ ক্ৰিষ্টোফাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
চাবিন এৰিকা সিং
চাবিন এৰিকা সিং (ইংৰাজী: Sabine Erika Singh; জন্ম: ৪ আগষ্ট, ১৯৭৪) এগৰাকী আমেৰিকান অভিনেত্ৰী।
-
ছালমা আৰাস্তু
ছালমা আৰাস্তু (Salma Arastu; জন্ম: ১৯৫০) এগৰাকী শিল্পী যাৰ কৰ্মৰাজি তেওঁৰ সাংস্কৃতিক পটভূমি আৰু অভিজ্ঞতাৰদ্বাৰা অনুপ্ৰাণিত। ভাৰতৰ ৰাজস্থানৰ এটা সিন্ধী পৰিয়ালত জন্মগ্ৰহণ কৰা ছালমা হিন্দু ধৰ্মত ডাঙৰ-দীঘল হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু ১৯৮৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায়।