চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী (Chitra Banerjee Divakaruni, জন্মতে: চিত্ৰলেখা বেনাৰ্জী, ২৯ জুলাই, ১৯৫৬)১) হৈছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান লেখিকা আৰু কবি। ইয়াৰ লগতে তেখেত হৈছে হিউষ্টন বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লিখন কাৰ্যসূচীৰ 'বেটি আৰু জিন মেকডেভিদ প্ৰফেছাৰ অৱ ৰাইটিং'।
১৯৯৬ চনত তেখেতৰ দ্বাৰা লিখিত চুটি-গল্পৰ সংকলন 'আৰেঞ্জড মেৰেজ' (Arranged Marriage)এ আমেৰিকান গ্ৰন্থ বঁটা পাবলৈ সক্ষম হৈছিল।২ তেখেতৰ দ্বাৰা লিখিত দুখন উপন্যাস যথাক্ৰমে 'মিছট্ৰেছ অৱ স্পাইছ' (Mistress of Spices) আৰু 'ছিছটাৰ অৱ মাই হাৰ্ট' (Sister of My Heart) আৰু চুটি গল্প 'দ্য ৱৰ্ল্ড লাৱ' (The Word Love)ক ইতিমধ্যেই একোখন ছবিৰ পৰ্যায়লৈ নিৰ্মাণ কৰা হৈছে।
জীৱন
চিত্ৰা বেনাৰ্জী দিৱাকাৰুণীৰ জন্ম হৈছিল কলিকতাত। ১৯৭৬ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে।৩ একেটা বৰ্ষতে তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে আৰু ৰাইট ষ্টেট বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। সেইখন শিক্ষানুষ্ঠানৰ পৰা পৰৱৰ্তী সময়ত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪ ১৯৮৫ চনত বাৰ্কলেস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা চিত্ৰা বেনাৰ্জীয়ে ইংৰাজীত এটা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল ক্ৰিষ্টোফাৰ মাৰলৱে।৫
দিৱাকাৰুণীয়ে বৰ্তমান হিউষ্টনতে তেখেতৰ স্বামী মূৰ্তিৰ সৈতে থাকে। দম্পতীটোৰ আনন্দ আৰু অভয় নামৰ দুটি সন্তান আছে।৬
কৰ্মজীৱন
চিত্ৰা বেনাৰ্জীয়ে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক শিক্ষণ সহকাৰী হিচাপে কাম কৰিছিল। তেখেতে কেলিফৰ্ণিয়া ল'ছ আলট'ছত থকা ফুটহিল কলেজ আৰু ডিয়াবলো ভেলি কলেজত শিক্ষাদান কৰে।৭
দিৱাকাৰুণী "মৈত্ৰী" নামৰ এটা হেল্পলাইন সেৱাৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন সভাপতি। উক্ত সেৱা ১৯৯১ চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল ঘৰুৱা দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা দক্ষিণ ভাৰতীয় মহিলাৰ পৰিচৰ্যা কৰা।৮ দিৱাকাৰুণীয়ে ইয়াৰ উপদেষ্টা সমিতিত কাম কৰিছিল। ইয়াৰোপৰি তেখেতে হিউষ্টনত থকা "দয়া" নামৰ আন এটি সদৃশ সংস্থাটো একেটা পদতে কাৰ্যনিৰ্বাহ কৰিছিল। হিউষ্টনত থকা "প্ৰথম" নামৰ অ-লাভজনক সংগঠনটোৰ জৰিয়তে তেখেতে বহু ভাৰতীয় শিশু-কিশোৰক শিক্ষিত কৰি তোলাৰ প্ৰয়াস কৰিছিল।৯
এগৰাকী কবি হিচাপে দিৱাকাৰুণীয়ে লেখিকাৰ জীৱন আৰম্ভ কৰে।১০ তেখেতৰ দুটা কাব্য-সংকলন হৈছে 'Black Candle' আৰু 'Leaving Yuba City'. কাব্যৰাজিৰ বাবে তেখেতে এতিয়ালৈকে "গাৰবডে বঁটা", "বাৰবাৰা ডেমিং স্মাৰক বঁটা" আৰু "এলেন গিনছবাৰ্গ বঁটা" লাভ কৰিছে।১১
দিৱাকাৰুণীৰ উপন্যাস 'দ্য পেলেচ অৱ ইলিউছনছ' ভাৰতত এবছৰৰ বাবে বেষ্ট-ছেলাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছিল।১২
তথ্যসূত্ৰ
- ↑ Davis, Rocío G. (2003). Asian American Short Story Writers: An A-to-Z Guide. Greenwood Press. পৃ. 65. ISBN 978-0-313-32229-7
- ↑ Previous Winners of the American Book Award. beforecolumbusfoundation.com
- ↑ Chitra Banerjee Divakaruni Biography. biography.jrank.org
- ↑ Chitra Banerjee Divakaruni. www.goodreads.com
- ↑ Chitralekha Divakaruni. (December 1984). For danger is in words: changing attitudes to language in the plays of Christopher Marlowe. OskiCat - UC Berkeley Library Catalog
- ↑ See author's Bio on her webpage
- ↑ (2019-10-01). Department of English Creative Writing Program Professor Honored Among Houston's Finest Authors. University of Houston – College of Liberal Arts and Social Sciences – uh.edu
- ↑ Seshachari, Neila C. (Winter 2001). Writing As Spiritual Experience: A Conversation with Chitra Banerjee Divakaruni. Weber Journal Archive
- ↑ Agarwal, Dr. Gunjan and Gunjan Kapil. (December 2014). The Representation of Woman in Chitra Banerjee Divakaruni's 'Doors, Affair', and 'Meeting Mrinal'. The Criterion. পৃ. 77
- ↑ Banerjee, Kaushani. (2017-04-11). I see my writing as an extension of my activism: Chitra Banerjee Divakaruni. hindustantimes.com
- ↑ Chitra Banerjee Divakaruni. poetryfoundation.org
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী” প্ৰবন্ধৰ সংশোধন ৫২৪৬২৪ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।