অনিতা দেৱী "এনেট" মহেন্দ্ৰু১ (ইংৰাজী ভাষা:Anita Devi "Annet" Mahendru; জন্ম: ৫ নৱেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ বিশেষকৈ এফএক্স পিৰিয়ড ড্ৰামা ধাৰাবাহিক দ্য আমেৰিকানছ্ত (২০১৩–২০১৬) নীনা চাৰ্গেভনা ক্ৰিলোভাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। এই চৰিত্ৰটোৰ বাবে তেওঁ ২০১৪ চনত ড্ৰামা ধাৰাবাহিকৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী শ্ৰেণীত 'ক্ৰিটিকছ চয়েচ টেলিভিছন বঁটা'ৰ বাবে মনোনীত হৈছিল। ইয়াৰ উপৰি তেওঁ এএমচি ধাৰাবাহিক দ্য ৱাকিং ডেড° ৱৰ্ল্ড বিয়ণ্ডত জেনিফাৰ "হাক" মালিকৰ চৰিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
এনেট মহেন্দ্ৰুৰ জন্ম ১৯৮৫ চনৰ ৫ নৱেম্বৰত আফগানিস্তানৰ কাবুলত হৈছিল।২ তেওঁৰ মাতৃ ওলগা এগৰাকী ৰাছিয়ান আৰু পিতৃ ঘনশ্যাম "কেন" মহেন্দ্ৰু এজন পঞ্জাবী ভাষা হিন্দু ভাৰতীয় শিক্ষাবিদ তথা সাংবাদিক।৩৪৫ তেওঁৰ পিতৃয়ে কাবুল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰাছিয়াত কাম কৰি থকা অৱস্থাত মাতৃক লগ পাইছিল। মহেন্দ্ৰু পৰিয়ালটো কাবুললৈ স্থানান্তৰিত হৈছিল য’ত তেওঁৰ ককাকৰ মিঠাইৰ ব্যৱসায় আছিল। মহেন্দ্ৰুৰ আইতাক মূলতঃ নেপালৰ আছিল।৬১৭৮
মহেন্দ্ৰুৱে তেওঁৰ শৈশৱক "ঘৰহীন" শৈশৱ বুলি অভিহিত কৰে, কাৰণ শৈশৱৰ প্ৰথম সাত বছৰ তেওঁ আফগানিস্তান আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গৰ মাজত কটাইছিল।৯ ইয়াৰ পিছত তেওঁ মাতৃৰ সৈতে ছেইণ্ট পিটাৰ্ছবাৰ্গত বাস কৰিছিল আৰু নিয়মীয়াকৈ ফ্ৰেংকফৰ্টলৈ আহি গৈ আছিল। পিতৃ-মাতৃৰ বিচ্ছেদৰ পিছত ১৩ বছৰ বয়সত তেওঁ পিতৃৰ সৈতে নিউয়ৰ্কৰ ইষ্ট মেডোলৈ গুচি যায়।১০ মহেন্দ্ৰুৱে ইষ্ট মেডো হাইস্কুলত অধ্যয়ন কৰিছিল আৰু ২০০৪ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।১১১ পৰৱৰ্তী সময়ত তেওঁ নিউয়ৰ্ক চহৰৰ ছেইণ্ট জনছ্ ইউনিভাৰ্চিটিৰপৰা ইংৰাজী বিষয়ত ডিগ্ৰী লাভ কৰে।৮
মহেন্দ্ৰুৱে পাৰ্চী, ৰাছিয়ান, জাৰ্মান আৰু ইংৰাজী ভাষা কৈ ডাঙৰ-দীঘল হৈছিল,৩৭ আৰু ইয়াৰ উপৰি তেওঁ হিন্দী তথা ফৰাচী ভাষাও ক’ব পাৰে।১২১৩ আত্মীয়-স্বজনৰ সৈতে কথা পাতিবলৈ তেওঁ দৰী ভাষাও ব্যৱহাৰ কৰে।৮ তেওঁ প্ৰথমতে ৰাষ্ট্ৰসংঘত কাম কৰিব বিচাৰিছিল। তেওঁ আফগানিস্তানৰ মহিলাসকলৰ বাবে কাম কৰাৰ মানসেৰে নিউয়ৰ্ক বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সম্পৰ্ক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে নামভৰ্তি কৰিছিল, কিন্তু অভিনয় জীৱন গঢ়িবলৈ মাজতে পঢ়া এৰি দিছিল।১৪ ইয়াৰ পিছত তেওঁ লছ এঞ্জেলছলৈ গুচি যায় আৰু 'দ্য গ্ৰাউণ্ডলিংছ'ত ইমপ্ৰুভ অধ্যয়ন কৰে।১০
কৰ্মজীৱন
২০০৭ চনত মহেন্দ্ৰুৱে এইচবিঅ’ কমেডী-ড্ৰামা এণ্টুৰেজৰ এটা খণ্ডত অভিনয় কৰে। ইয়াৰ পিছত ২০১১ চনত তেওঁ চিটকম বিগ টাইম ৰাছ আৰু ২ ব্ৰ’ক গাৰ্লছত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। ২০১২ চনত তেওঁ চিটকম মাইক এণ্ড মলীৰ এটা খণ্ডত অভিনয় কৰিছিল।
২০১৩ চনত মহেন্দ্ৰুৱে এফএক্স ড্ৰামা দ্য আমেৰিকানছত নীনা চাৰ্গেভনা ক্ৰিলোভাৰ চৰিত্ৰত অভিনয় কৰে।১৫ ইয়াৰ উপৰি তেওঁ অপৰাধমূলক ধাৰাবাহিক ৱাইট কলাৰৰ এটা খণ্ডত আৰু ক্ৰাইম ড্ৰামা দ্য ব্লেকলিষ্টৰ দুটা খণ্ডত এজেণ্ট ৰোজেনৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ ৱাল্ট ডিজনী ৱৰ্ল্ডৰ পটভূমিত নিৰ্মিত অনুমোদিত নোহোৱা ডিজনী ছবি এস্কেপ ফ্ৰম টুমৰোত অভিনয় কৰিছিল।৬১৬
২০১৪ চনত মহেন্দ্ৰুক দ্য আমেৰিকানছৰ দ্বিতীয় ছিজনৰ বাবে এগৰাকী নিয়মীয়া শিল্পী হিচাপে উন্নীত কৰা হয়।১৭১৮১৯ তেওঁ কমেডী-ড্ৰামা ছবি ব্ৰীজ এণ্ড টানেলত অভিনয় কৰাৰ লগতে ২০১৪ চনৰ এনিমেটেড ছবি পেংগুইনছ অৱ মাদাগাস্কাৰত কণ্ঠদান কৰে। ২০১৬ চনত তেওঁ দ্য এক্স-ফাইলছ মিনি ছিৰিজত শ্বেতা নামৰ এটা চৰিত্ৰত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ এফএক্স ধাৰাবাহিক টাইৰেণ্টত নাফিছা আল-কাদীৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০১৫ চনত মহেন্দ্ৰুৱে স্বতন্ত্ৰ কাহিনীচিত্ৰ চেলী পাচোলকত নামভূমিকাত অভিনয় কৰে, যিখন ছবিয়ে ৱাশ্বিংটন ডি.চি.-ত অনুষ্ঠিত ডিছি ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত 'শ্ৰেষ্ঠ কাহিনীচিত্ৰ'ৰ বঁটা লাভ কৰে।২০২১
মহেন্দ্ৰুৱে এল.এ. থিয়েটাৰ ৱৰ্কছতো অভিনয় কৰিছে। ২০১৭ চনত তেওঁ তাত চেভেন নাটকত এগৰাকী আফগান শৰণাৰ্থী তথা মহিলাৰ অধিকাৰ কৰ্মী ফৰিদা আজিজীৰ চৰিত্ৰত অভিনয় কৰে। এই নাটখন আছিল বিশ্বৰ ৭ গৰাকী নাট্যকাৰ আৰু মহিলা কৰ্মীৰ এক যুটীয়া প্ৰচেষ্টা য’ত প্ৰত্যাহ্বান নেওচি সমাজত পৰিৱৰ্তন অনাৰ অনুপ্ৰাণিত কাহিনী বৰ্ণিত হৈছে।২২২৩
২০১৮ চনৰ ১৬ নৱেম্বৰৰপৰা আমাজন ভিডিঅ’ত সম্প্ৰচাৰিত হোৱা এনথ’লজী ধাৰাবাহিক দ্য ৰোমানভছ্ৰ সপ্তমটো খণ্ডত মহেন্দ্ৰুৱে অভিনয় কৰে।২৪
২০২০ চনত মুক্তি পোৱা এএমচি ধাৰাবাহিক দ্য ৱাকিং ডেড° ৱৰ্ল্ড বিয়ণ্ডত তেওঁ জেনিফাৰ "হাক" মালিকৰ এটা মুখ্য চৰিত্ৰত অভিনয় কৰে।২৫২৬
২০২৫ চনত মহেন্দ্ৰুৱে লেভাৰেজ: ৰিডেম্পচনত ৰীণা ত্ৰিবেদী হিচাপে প্ৰথমবাৰৰ বাবে এটা ভাৰতীয় চৰিত্ৰত অভিনয় কৰে।২৭২৮
তথ্যসূত্ৰ
- ↑ (May 4, 2014). Fast Chat: Annet Mahendru. Newsday. পৃ. 91
- ↑ (October 26, 2020). Celebrity birthdays for the week of Nov. 1-7. Associated Press
- ↑ (April 8, 2015). Annet Mahendru on Playing 'The Americans Seductress. Maxim''
- ↑ (December 8, 2020). Annet Mahendru Talk Dead to Me Interview. Talk Dead To Me Skybound
- ↑ (December 16, 2016). Multiple Identities. SBJCT Journal
- ↑ Goldman, Eric. (April 16, 2013). Annet Mahendru Discusses Nina's Future on The Americans and Covertly Filming Escape From Tomorrow at Walt Disney World. IGN
- ↑ Masih, Archana. (January 27, 2015). Nina! The 'spy' with designs on India. Rediff.com
- ↑ (1 January 2022). Afghan-American actress looks back at her childhood in Afghanistan. Ariana Magazine
- ↑ (June 11, 2014). DP/30 Emmy Watch: Annet Mahendru on The Americans. DP/30: The Oral History Of Hollywood
- ↑ Leeds, Sarene. (April 2, 2014). Annet Mahendru: 'The Americans' International Woman of Mystery. Rolling Stone
- ↑ (June 19, 2004). Graduation 2004. Newsday
- ↑ Annet Mahendru. (Resume) Actors Access (Breakdown Services, Ltd.)
- ↑ (March 2, 2019). Annet Mahendru Interview. Annet Mahendru
- ↑ Le Vine, Lauren. (April 22, 2015). The Americans' Breakout Star On How Acting Is Just Like Spying. Refinery29
- ↑ Fatima Elidrissi. (April 4, 2015). Espías entre la realidad y la ficción en 'The Americans'. El Mundo (Spain)
- ↑ Zeitchik, Steven. (January 19, 2013). Sundance 2013: How did a newbie make an unapproved film in Disney parks?. Los Angeles Times
- ↑ Sarene Leeds. (April 6, 2016). 'The Americans' Star Annet Mahendru on Nina's Last Stand. The Wall Street Journal
- ↑ Anne Easton. (July 4, 2016). Annet Mahendru of 'The Americans' Talks This Week's Shocking Death. The Observer
- ↑ Mitovich, Matt Webb. (May 7, 2013). FX's The Americans Promotes Two for Season 2. TVLine
- ↑ (2015). Sally Pacholok. DC Independent Film Festival
- ↑ (March 18, 2015). Chevy Chase filmmaker takes 'Best Feature'. The Gazette (Maryland). Post Community Media, LLC
- ↑ (2017). Seven
- ↑ Lauren Young. (January 26, 2017). The Women of "Seven". Msmagazine
- ↑ Alan Sepinwall. (November 16, 2018). 'The Romanoffs' Recap: From Russia With Love. Rolling Stone
- ↑ Katie Harden. (January 8, 2021). Annet Mahendru is multi-faceted Huck in The Walking Dead: World Beyond. FanSided
- ↑ Cynthia Vinney. (November 30, 2020). The Walking Dead: World Beyond's Annet Mahendru Talks All Things Huck. CBR
- ↑ (6 June 2025). LEVERAGE: REDEMPTION Recap: (S03E06) The Swipe Right Job. geekgirlauthority.com
- ↑ (8 May 2025). In Review: Leverage: Redemption (S3 – EP6) The Swipe Right Job. scifipulse.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনেট মহেন্দ্ৰু” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৮৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।