গীতা গোপীনাথ (জন্ম ৮ ডিচেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় অধ্যয়ন আৰু অৰ্থনীতি বিজ্ঞানৰ জন জৱানষ্ট্ৰ আসনৰ অধ্যাপক। ইয়াৰ লগতে তেওঁ নেছনেল ব্যুৰ' অফ ইকনমিক ৰিচাৰ্ছৰ আন্তৰ্জাতিক বিত্ত আৰু সামষ্টিক অৰ্থনীতি কাৰ্যসূচীৰ সহ সঞ্চালক পদত অধিষ্ঠিত হৈ আছে।১২৩
তেওঁ ২০১৮ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য অৰ্থনীতিবিদ হিচাপে নিযুক্তি লাভ কৰে।৪৫ ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা তেওঁৰ কাৰ্যকাল আৰম্ভ হয়। তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ গৱেষণাৰ মূল বিষয় হ’ল আন্তৰ্জাতিক বিত্ত আৰু সামষ্টিক অৰ্থনীতি।
প্ৰাৰম্ভিক শিক্ষা
১৯৭১ চনৰ ৮ ডিচেম্বৰ তাৰিখে ভাৰতৰ কলিকতাত গীতা গোপীনাথৰ জন্ম হৈছিল।৬ তেওঁৰ পিতৃ টিভি গোপীনাথ আৰু মাতৃ ভিচি বিজয়লক্ষ্মী। তেওঁৰ পিতৃ-মাতৃ দুয়ো কেৰালা ৰাজ্যৰ কান্নুৰৰ অধিবাসী আছিল আৰু গীতা তেওঁলোকৰ দুগৰাকী জীয়েকৰ ভিতৰত সৰু গৰাকী।৭
গীতায়ে কৰ্ণাটকৰ মহীশূৰৰ নিৰ্মলা কনভেণ্ট স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল।৬৮ ১৯৯২ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লেডী শ্ৰী ৰাম কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ১৯৯৪ চনত দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। তাত তেওঁ ১৯৯৬ চনত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা আকৌ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০১ চনত তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি লাভ কৰে। প্ৰিন্সটনত ডক্টৰেল গৱেষণা কৰি থাকোঁতে তেওঁ প্ৰিন্সটনছ ৱুদ্ৰ ৱিলছন ফেল'শ্বিপ গৱেষণা বঁটা লাভ কৰিছিল।৯.
কৰ্মজীৱন
গীতা গোপীনাথ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় অধ্যয়ন আৰু অৰ্থনীতি বিজ্ঞানৰ জন জৱানষ্ট্ৰ আসনৰ অধ্যাপক। ইয়াৰ লগতে তেওঁ নেছনেল ব্যুৰ' অফ ইকনমিক ৰিচাৰ্ছৰ আন্তৰ্জাতিক বিত্ত আৰু সামষ্টিক অৰ্থনীতি কাৰ্যসূচীৰ সহ সঞ্চালক পদত অধিষ্ঠিত হৈ আছে। তেওঁ ফেডাৰেল ৰিজাৰ্ভ বেংক অফ বষ্টনৰ অতিথি বিদ্বান আৰু ফেডাৰেল ৰিজাৰ্ভ বেংক অফ নিউয়ৰ্কৰ অৰ্থনৈতিক উপদেষ্টা পীঠৰ সদস্য। তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ আমেৰিকান ইকনমিক ৰিভিউৰ সহ-সম্পাদক হিচাপে কৰ্মৰত আছে। তেওঁ ৰিভিউ অফ ইকনমিক ষ্টাডিছৰ প্ৰবন্ধ সম্পাদক আৰু হেণ্ডবুক অফ ইণ্টাৰনেছনেল ইকনমিক্সৰ সহ সম্পাদক আছিল। ২০১৮ চনৰ অক্টোবৰ মাহৰ তেওঁ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য অৰ্থনীতিবিদ হিচাপে নিযুক্তি লাভ কৰে।৩ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰিচালক সঞ্চালক ক্ৰিষ্টিন লাগাৰ্ডে তেওঁক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ গৱেষণা বিভাগৰ অৰ্থনৈতিক উপদেষ্টা আৰু সঞ্চালক হিচাপে নিযুক্ত কৰে।
বঁটা আৰু সন্মান
২০১৮ চনত তেওঁ আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সছৰ ফেল' নিৰ্বাচিত হয়। ২০১৭ চনত তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ বিশিষ্ট প্ৰাপ্তন শিক্ষাৰ্থী বঁটা লাভ কৰিছিল। ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ৪৫ বয়সৰ অনুৰ্ধ শ্ৰেষ্ঠ ২৫ গৰাকী অৰ্থনীতিবিদৰ তালিকাত তেওঁ স্থান লাভ কৰিছিল। ২০১১ চনৰ ৱৰ্ল্ড ইকনমিক ফৰামে তেওঁক যুৱ গোলকীয় নেতাৰ তালিকালৈ বাছনি কৰিছিল।
ব্যক্তিগত জীৱন
গীতাৰ স্বামী ইকবাল সিং ধালিৱাল মেচেচুটছ ইনষ্টিটিউট অফ টেকনলজিৰ অৰ্থনীতি বিভাগৰ আব্দুল লতিফ জামিল প্ৰভাৰটি এক্সন লেবৰ সঞ্চালক। তেওঁলোকৰ পুত্ৰৰ নাম ৰোহিল।১০৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (1 October 2018). Christine Lagarde Appoints Gita Gopinath as IMF Chief Economist. আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
- ↑ (1 October 2018). IMF appoints India-born Gita Gopinath as Chief Economist. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Harvard Economist Gita Gopinath Appointed Chief Economist At International Monetary Fund. Headlines Today
- ↑ (8 January 2019). Gita Gopinath joins IMF as its first female Chief Economist. The Economic Times
- ↑ The Economist: IMF appoints a new chief economist, October 4, 2018.
- ↑ (1 October 2018). 10 things to know about Gita Gopinath, the new IMF chief economist. ইণ্ডিয়া টুডে
- ↑ (2 October 2018). Mysuru elated as Gita Gopinath is IMF's chief economist. TR Sathish Kumar. Deccan Herald
- ↑ (2 October 2018). Gita hardworking and focused: Proud father. Lawrence Milton. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ scholar.harvard.edu/files/gopinath/files/cv_gopi
- ↑ (1 October 2018). Harvard economist Gita Gopinath appointed chief economist at IMF. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা গোপীনাথ” প্ৰবন্ধৰ সংশোধন ৪৮৫১৩১ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।