অপৰ্ণা ডব্লিউ হিগিনছ্ (Aparna W. Higgins) এগৰাকী গণিতজ্ঞ। গণিতৰ বিষয়ত গৱেষণা কৰিবলৈ নতুন চাম গণিতজ্ঞক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা পালন কৰিছে। তেখেতৰ মূল গৱেষণাক্ষেত্ৰ "সাধাৰণ বীজগণিত" যদিও শেহতীয়াকৈ লেখ তত্ত্ব, গ্ৰাফ পেবলিং, আৰু ৰেখা লেখ আদিৰ বিষয়তো তেখেতে গৱেষণাৰ পৰিসৰ বঢ়াইছে। তেখেতে ডেইটন বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনা কৰে।
শিক্ষা আৰু কৰ্মজীৱন
হিগিনছৰ জন্ম হৈছিল ভাৰতৰ মুম্বাইত। তেখেতে প্ৰাক্-স্নাতক শিক্ষা সমাপ্ত কৰে মুম্বাই বিশ্ববিদ্যালয়ত। ১৯৭৮ চনত তেখেতে সেইখন শিক্ষানুষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৮৩ চনত তেখেতে নট্ৰে ডেম বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাপত্ৰৰ শীৰ্ষক হৈছে-Heterogeneous Algebras Associated with Non-Indexed Algebras. এইটো হৈছে সাধাৰণ বীজগণিতৰ "Weak Automorphism" সম্বন্ধীয় এক উপস্থাপন-সূত্ৰ। তেখেতৰ গৱেষণাৰ তত্ত্বাৱধায়ক আছিল আব্ৰাহাম গোৱেটজ্।
২০০৯ চনত তেখেত প্ৰজেক্ট নেক্সটৰ সঞ্চালকৰূপে নিযুক্তি পায়। তাৰপূৰ্বে এইটো অনুষ্ঠানৰ সঞ্চালক আছিল টি. ক্ৰীষ্টিন ষ্টিভেনছ্। এইটো হৈছে গাণিতিক সংগঠন,আমেৰিকাৰ এক অভিনৱ প্ৰচেষ্টা, য'ত গণিতৰ নতুন ডক্তৰেটসকলক কেৰিয়াৰ সম্বন্ধে দিহা-পৰামৰ্শ প্ৰদান কৰা হয়।
বিল হিগিনছৰ লগত অপৰ্ণাই বৈবাহিক জীৱনৰ পাতনি মেলে। বিল হিগিনছ হৈছে উইটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক।
স্বীকৃতি
- ১৯৯৫ চনত হিগিনছে "আমেৰিকাৰ গাণিতিক সংগঠন"ৰ পৰা শৈক্ষিক দিশত এক বিশিষ্ট বঁটা লাভ কৰে। প্ৰাক-স্নাতক গৱেষণাৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতলৈ এই বঁটা আগবঢ়োৱা হয়।
- ২০০৫ চনত প্ৰদান কৰা "ডেবোৰা আৰু ফ্ৰেংকলিন হাইমো" বঁটাৰ তিনিগৰাকী বঁটাপ্ৰাপকৰ ভিতৰত হিগিনছো অন্তৰ্ভুক্ত হৈছিল। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত গণিতৰ শিক্ষাদান কাৰ্যলৈ বিশিষ্টতা অনাৰ বাবে তেওঁলোকক এই বঁটাটো দিয়া হৈছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰ্ণা হিগিনছ্” প্ৰবন্ধৰ সংশোধন ৫৪০১৮৯ (২৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।