অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

গীতাঞ্জলি ৰাও (বিজ্ঞানী)

গীতাঞ্জলী ৰাও (Gitanjali Rao; জন্ম ২০০৫) এগৰাকী ভাৰতীয়-আমেৰিকান আৱিষ্কাৰক, বৈজ্ঞানিক, লেখিকা আৰু ষ্টেম (STEM; বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত) প্ৰবন্ধক। তেওঁ ২০১৭ চনত ডিস্ক'ভাৰি এড্যুকেশ্বন 3M ইয়ং বিজ্ঞানী চেলেঞ্জ বিজয়ী।

হালনাগাদ: ৩১ আগষ্ট ২০২৫ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

গীতাঞ্জলী ৰাও (Gitanjali Rao; জন্ম ২০০৫) এগৰাকী ভাৰতীয়-আমেৰিকান আৱিষ্কাৰক, বৈজ্ঞানিক, লেখিকা আৰু ষ্টেম (STEM; বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত) প্ৰবন্ধক। তেওঁ ২০১৭ চনত ডিস্ক'ভাৰি এড্যুকেশ্বন 3M ইয়ং বিজ্ঞানী চেলেঞ্জ বিজয়ী। তেওঁৰ উদ্ভাৱনৰ বাবে তেওঁ 'ফৰবেছ' 30 U 30 হিচাপে স্বীকৃতি লাভ কৰিছে।১ তেওঁ সমগ্ৰ দেশত পৰিচয় কৰোৱা তেওঁৰ উদ্ভাৱন আৰু "উদ্ভাৱন কৰ্মশালা"ৰ বাবে ২০২০ চনৰ 'টাইম টপ যুৱ উদ্ভাৱক' বুলি নামকৰণ কৰা হৈছে।২ ২০২০ চনৰ ৪ ডিচেম্বৰৰ টাইম আলোচনীৰ বেটুপাতত তেওঁৰ ফটো "কিড্ অফ দ্য ইয়েৰ" হিচাপে প্ৰকাশ কৰা হৈছে।

প্ৰাৰম্ভিক জীৱন

গীতঞ্জলী কালাৰাডোৰ ল'ন ট্ৰিত বাস কৰে। তেওঁ ষ্টেম(STEM) স্কুল হাইলেণ্ডচ ৰানচ্ ত অংশগ্ৰহণ কৰি বিজয়ী হয়।৩ তেওঁ মাচাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজীত বংশগতি বিজ্ঞান আৰু বহুব্যাপক ৰোগ বিজ্ঞান বিভাগত অধ্যয়ন কৰিব বিচাৰে।৪৫৬ তেওঁ লিঙ্গ ব্যৱধানৰ বিষয়েও নিজৰ মত ব্যক্ত কৰিছে।

পেচা আৰু লাভ কৰা স্বীকৃতি

গীতাঞ্জলিয়ে ফ্লিণ্ট পানীৰ সংকটৰ কথা বাতৰি শুনি থাকোঁতে গম পাইছিল।৭৮৯ ইয়াৰ পিছতেই তেওঁৰ বিষয়টোৰ প্ৰতি আগ্ৰহ জন্মে আৰু তেওঁ সেই পানীত থকা লিডৰ মাত্ৰা জুখিবৰ বাবে পৰৱৰ্তী সময়ত কাৰ্বন নেনোটিউবৰ ওপৰত আধাৰিত এটা যন্ত্ৰ তৈয়াৰ কৰে। টেথিছ নামৰ এই যন্ত্ৰবিধে ব্লুটুথৰ মাধ্যমেৰে তথ্য প্ৰেৰণ কৰিব পাৰে।১০ তেওঁ 3M ত এগৰাকী গৱেষক বিজ্ঞানীৰ সৈতে কাম কৰিছিল।১১ ২০১৭ চনত তেওঁ ডিছক'ভাৰী এড্যুকেচন থ্ৰী এম য়ং চাইনটিষ্ট চেলেঞ্জত তেওঁৰ টেথিছ নামৰ ব্লুটুথ ডিভাইচটোৰ বাবে বিজয়ী ঘোষিত হয় আৰু $২৫,০০০ পুৰস্কাৰ লাভ কৰে।৪১২১৩ টেথিছত এটা ন ভল্টৰ বৈদ্যুতিক কোষ, এটা লীড সংবেদনশীল একক, এটা ব্লুটুথ সম্প্ৰসাৰক আৰু এটা প্ৰচেচৰ থাকে।৪ ই কাৰ্বন নেনোটিউব ব্যৱহাৰ কৰে, লীডৰ উপস্থিতিত ইয়াৰ প্ৰতিৰোধ ক্ষমতা সলনি হয়। ৩১৪ তেওঁ মাচাচুচেটছ ইনষ্টিটিউৰ ৱেবচাইটৰ পৰা কাৰ্বন নেনোটিউবৰ বিষয়ে শিকে।১৫ তেওঁ বৈজ্ঞানিক আৰু চিকিৎসা কৰ্মী সকলৰ সৈতে "টেথিছ"ৰ ব্যৱহাৰ্যতাৰ সম্ভাৱনা সম্পৰ্কে কাম কৰিবলৈ পৰিকল্পনা কৰে।১৬ তেওঁ তেওঁৰ বিচাৰধাৰা ২০১৮ৰ মেকাৰ্ছ কনফাৰেন্সত উপস্থাপন কৰে আৰু ইয়াৰ জৰিয়তেও তেওঁ $২৫,০০০ লাভ কৰে।১৭

২০১৯ চনৰ পৰা গীতাঞ্জলিয়ে ডেনভাৰ পানীৰ সুবিধা সম্পৰ্কে কাম কৰি আছে আৰু অহা দুবছৰৰ ভিতৰত তেওঁ এই সম্পৰ্কে কাম কৰিব পৰাকৈ এটা নতুন ডিভাইচৰ আৰ্হি পাব বুলি আশাবাদী। ১৮

অপিয়ইড আসক্তিৰ প্ৰাথমিক চিনাক্তকৰণৰ বাবে জেনেটিক ইঞ্জিনীয়াৰিংৰ অগ্ৰগতিৰ ভিত্তিত ৰোগ-নিদানৰ সঁজুলি বিকাশৰ বাবে ২০১৯ চনৰ মে' মাহত গীতাঞ্জলিক টপ "হেলথ" পিলাৰ প্ৰাইজ ফৰ টিচিএচ ইগনাইট ইন'ভেশ্যন ষ্টুডেণ্ট চেলেঞ্জৰ বঁটা প্ৰদান কৰা হয়।১৯

তেওঁ বৰ্তমানলৈকে তিনিবাৰকৈ TEDx মেডিয়াত তেওঁৰ বক্তব্য আগবঢ়াইছে।২০ ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ৰাওক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ সুৰক্ষা সংস্থাই পৰিৱেশ যুৱ বঁটা আগবঢ়াই।২১

তেওঁ এজন দক্ষ পিয়ানো বাদক। তেওঁৰ মাতৃৰ মতে, গীতাঞ্জলিয়ে যেতিয়া তিনি বছৰ বয়সত অসুস্থ হৈ থকা কাৰোবাক সহায় কৰিবলৈ তেওঁ কি কৰিব পাৰে বুলি সুধিছিল; মাকে তেতিয়া সংগীত বজোৱাৰ পৰামৰ্শ দিছিল।২২

তেওঁ বৰ্তমান স্কাউটৰ সদস্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্কাউটিং 'ষ্টেম' কাৰ্য্যসূচী (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত)ৰ এজন সদস্য।২৩

ৰাও হৈছে টাইম (আলোচনী)ৰ 'কিড অফ দ্য য়েৰ' খিতাপ লাভ কৰা প্ৰথম ব্যক্তি।২৪

তথ্যসূত্ৰ

  1. ↑ Gitanjali Rao. Forbes
  2. ↑ Seven Young Inventors Who See a Better Way. Time
  3. ↑ Prisco, Jacopo. (February 15, 2018). Gitanjali Rao wants to make polluted water safer with lead detection system. CNN
  4. ↑ (2017-11-23). Lone Tree girl named America's Top Young Scientist after inventing lead-detecting sensor to help residents of Flint, Mich.. The Denver Post
  5. ↑ What teachers can learn from America's top young scientist, 12-year-old Gitanjali Rao
  6. ↑ (2017-10-19). Indian American Gitanjali Rao is the winner of 2017 Discovery Education 3M Young Scientist Challenge. The American Bazaar
  7. ↑ (2018-01-11). Finding Solutions to Real Problems: An Interview With Gitanjali Rao - Rookie. Rookie
  8. ↑ Ryan, Lisa. 11-Year-Old Creates Lead-Detection Device to Help With Flint Water Crisis. The Cut
  9. ↑ Testing the Waters. sn56.scholastic.com
  10. ↑ The Discovery Education 3M Young Scientist Challenge. (2017-07-18). 2017 National Finalist: Gitanjali Rao
  11. ↑ Dr. Kathleen Shafer · Young Scientist Lab. www.youngscientistlab.com
  12. ↑ The 12 year old inventor protecting your drinking water. BBC
  13. ↑ News, ABC. Video: Meet the 11-year-old who developed a new method of testing for lead in water. ABC News
  14. ↑ Great Big Story. (2018-03-08). This 12-Year-Old Scientist is Taking On Flint's Water Crisis
  15. ↑ (2017-07-13). This 11-Year-Old Invented A Cheap Test Kit For Lead In Drinking Water. Fast Company
  16. ↑ Thorpe, JR. This 11-Year-Old Girl Just Made An Amazing Innovation In How We Test For Lead, & Proved How Much Girls Rule In The Process. Bustle
  17. ↑ Gitanjali Rao, America's Top Young Scientist of 2017, Nabs Another $25,000 For Lead-Detection Invention
  18. ↑ 13-Year-Old Gitanjali Rao's Lead Detecting Invention Lands Her On Forbes' '30 Under 30'. CPR
  19. ↑ (2019-07-23). STEM School student receives another national award for an invention. FOX31 Denver
  20. ↑ TEDx Talks. (2018-06-07). A 12-year-old inventor's device for detecting lead in water · Gitanjali Rao · TEDxNashvillehttps://www.youtube.com/watch?v=dn4SNdXqYBw www.youtube.com/watch?v=GBEPYDLD3vg
  21. ↑ Girl Genius: This 12-year-old just invented device to detect lead in water. h2oradio.org
  22. ↑ "To Dine for With Kate Sullivan: Gitanjali Rao, Inventor. KCET.org
  23. ↑ Living the Scout Life - STEM Scout Named Time’s First-Ever Kid of the Year. www.scoutshop.org
  24. ↑ Meet TIME's First-Ever Kid of the Year. Time

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় মূলৰ আমেৰিকানবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতাঞ্জলি ৰাও (বিজ্ঞানী)” প্ৰবন্ধৰ সংশোধন ৫৩৬৪৭১ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।