অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ই চি জৰ্জ সুদৰ্শন

ই চি জৰ্জ সুদৰ্শন (E. C. George Sudarshan; ১৬ ছেপ্টেম্বৰ, ১৯৩১ – ১৩ মে', ২০১৮) আছিল এজন ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৮২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ই চি জৰ্জ সুদৰ্শন (E. C. George Sudarshan; ১৬ ছেপ্টেম্বৰ, ১৯৩১ – ১৩ মে', ২০১৮) আছিল এজন ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।

প্ৰাৰম্ভিক জীৱন

সুদৰ্শনৰ জন্ম কেৰালাৰ পালমত হৈছিল। তেওঁ এক খ্ৰীষ্টান পৰিয়ালত ডাঙৰ দীঘল হৈছিল যদিও পাছলৈ সেই ধৰ্ম ত্যাগ কৰে। তেওঁ ললিতা নামৰ এগৰাকী মহিলাক বিয়া কৰায় আৰু তেওঁ আলেকজেণ্ডাৰ,অৰবিন্দ(মৃত) আৰু অশোক নামৰ তিনি সন্তানৰ পিতৃ হয়।১ তেওঁ নিজকে এগৰাকী বৈদিক হিন্দু বুলি কয়।২ ভগৱানৰ বিষয়ে চ্চাৰ্চ্চৰ দৃষ্টিভংগীৰ লগত তেখেতৰ মতবিৰোধ হয় আৰু আধ্যাত্মিকতাৰ অভাৱ অনুভৱ কৰে। খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰাৰ মূল কাৰণ হিচাপে এই কথাই সুদৰ্শনে কয়।৩৪

সুদৰ্শনে CMS College Kottayam ত অধ্যয়ন কৰে৫ আৰু মাদ্ৰাজ খ্ৰীষ্টান কলেজৰ পৰা ১৯৫১ চনত অনাৰ্চসহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ১৯৫২ চনত তেখেতে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰপাছত তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানলৈ যায় আৰু হোমি জাহাঙ্গীৰ ভাবা আৰু অন্যান্যসকলৰ লগত কিছুদিনৰ কাৰণে কাম কৰে॥ পৰৱৰ্তীসময়ত তেখেতে নিউয়ৰ্কৰUniversity of Rochester ত Robert Marshak ৰ তত্ত্বাৱধানত কাম কৰে। . ১৯৫৮ চনত তেখেতে University of Rochester ৰ পৰা পি এইচ দি ডিগ্ৰী লাভ কৰে। এই সময়তে সুদৰ্শনে হাৰ্ভাড বিশ্ববিদ্যালয়লৈ যায় আৰু Julian Schwinger ৰ লগত postdoctoral fellow হিচাপে যোগদান কৰে।

বঁ‌টা/সন্মান

গ্ৰন্থ

  • 1961: (with Robert Marshak) Introduction to Elementary Particle Physics, Interscience Publishers, Google Books snippet view
  • 1968: (with John R. Klauder) Fundamentals of Quantum Optics, Dover Books Google Books preview of 2006 edition
  • 1974: (with N. Mukunda) Classical Dynamics: a modern perspective, World Scientific Google Books preview of 2015 edition
  • 1998: (with Ian Duck) Pauli and the Spin–Statistics Theorem, World Scientific, Google Books preview
  • 1999: (with Tony Rothman) Doubt and Certainty: The celebrated academy debates on science, mysticism, and reality, Basic Books
  • 2004: (with Giampiero Esposito and Giuseppe Marmo) From Classical to Quantum Mechanics: An Introduction to the Formalism, Foundations and Applications, Cambridge University Press Google Books preview

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ W. Mark Richardson. (2002). Science and the Spiritual Quest: New Essays by Leading Scientists. Routledge. পৃ. 243. ISBN 9780415257664
  2. ↑ W. Mark Richardson. (2002). Science and the Spiritual Quest: New Essays by Leading Scientists. Routledge. পৃ. 243. ISBN 9780415257664
  3. ↑ W. Mark Richardson. (2002). Science and the Spiritual Quest: New Essays by Leading Scientists. Routledge. পৃ. 243. ISBN 9780415257664
  4. ↑ W. Mark Richardson. (2002). Science and the Spiritual Quest: New Essays by Leading Scientists. Routledge. পৃ. 250. ISBN 9780415257664
  5. ↑ (5 July 2008). A proud moment for CMS College: Prof. Sudarshan delights all at his alma mater. The Hindu

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় মূলৰ আমেৰিকানভাৰতীয় পদাৰ্থ বিজ্ঞানীপদ্মবিভূষণ বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ই চি জৰ্জ সুদৰ্শন” প্ৰবন্ধৰ সংশোধন ৬৩১১০৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।