ভাৰতীয় মূলৰ আমেৰিকান
৫৫ প্ৰবন্ধ
-
জেনিনা গাভাংকৰ
জেনিনা জিওন গাভাংকৰ (ইংৰাজী: Janina Zione Gavankar; জন্ম: ২৯ নৱেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু সংগীতশিল্পী। তেওঁ এগৰাকী পিয়ান’বাদক, কণ্ঠশিল্পী আৰু অৰ্কেষ্ট্ৰা পাৰ্কাচনিষ্ট হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত আৰু ইউনিভাৰ্চিটি অৱ ইলিনয় চিকাগোত থিয়েটাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
-
টিয়া চিৰকাৰ
টিয়া চিৰকাৰ (ইংৰাজী: Tiya Sircar; জন্ম: ১৬ মে’, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ দ্য গুড প্লেচ (২০১৬–২০২০) ধাৰাবাহিকত "ৰিয়েল এলিনৰ"/ভিকিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
দয়া বৈদ্য
দয়া ভিভিয়ান বৈদ্য (ইংৰাজী: Daya Vivian Vaidya; জন্ম: ২০ মে’, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক আনফৰ্গেটেবল (২০১১–১২), বছ (২০১৬–২১) আৰু দ্য ব্লেক হেম্পটনছ (২০২২–বৰ্তমান)ত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
দিলচাদ ৱাডছাৰিয়া
দিলচাদ ৱাডছাৰিয়া (ইংৰাজী: Dilshad Vadsaria; জন্ম: প্ৰায় ১৯৮৫ তেওঁ বিশেষকৈ এ.বি.চি. ফেমিলীৰ টেলিভিছন ধাৰাবাহিক গ্ৰীকত ৰেবেঁকা লোগানৰ চৰিত্ৰত আৰু ৩০ মিনিটছ অৰ লেছ নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
দীপা কুমাৰ
দীপা কুমাৰ (Deepa Kumar) এগৰাকী ভাৰতীয় আমেৰিকান পণ্ডিত আৰু সক্ৰিয় কৰ্মী। তেওঁ ৰাটজাৰ্ছ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু মিডিয়া অধ্যয়নৰ অধ্যাপক। মিডিয়া এডুকেশ্বন ফাউণ্ডেশ্যনে কুমাৰক "ইছলাম ফ'বিয়াৰ বিষয়ত দেশৰ অন্যতম আগশাৰীৰ পণ্ডিত" বুলি উল্লেখ কৰিছে আৰু আৰু নিউয়ৰ্ক টাইমছৰ দ্বাৰা "ইছলামোফ'বিয়া…
-
দেৱিকা ভিচে
দেৱিকা ভিচে ইংৰাজী:Devika Bhise; এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ দ্য মেন হু নিউ ইনফিনিটি চলচ্চিত্ৰত কৰা অভিনয় আৰু দ্য ৰুকী: ফেডছত এণ্টোনেট বেনেটেউৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
নম্ৰতা সিং গুজৰাল
নম্ৰতা সিং গুজৰাল (ইংৰাজী: Namrata Singh Gujral) এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা, প্ৰেৰণাদায়ক বক্তা আৰু অভিনেত্ৰী।
-
নলিনী আম্বাডী
নলিনী আম্বাডী (Nalini Ambady; ২০ মাৰ্চ ১৯৫৯ - ২৮ অক্টোবৰ ২০১৩) এগৰাকী ভাৰতীয়-আমেৰিকান সামাজিক মনোবিজ্ঞানী আৰু অমৌখিক আচৰণ আৰু আন্তঃব্যক্তিগত ধাৰণাৰ এগৰাকী আগশাৰীৰ বিশেষজ্ঞ।
-
নুৰিন ডিৱুলফ
নুৰিন ডিৱুলফ (ইংৰাজী: Noureen DeWulf; পূৰ্বৰ নাম: আহমেদ) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ৱেষ্ট বেংক ষ্টোৰী (২০০৫), গোষ্টছ অৱ গাৰ্লফ্ৰেণ্ডছ পাষ্ট (২০০৯), আৰু দ্য বেক-আপ প্লেন (২০১০) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
প্ৰমিলা জয়পাল
প্ৰমিলা জয়পাল (ইংৰাজী: Pramila Jayapal; জন্ম ২১ ছেপ্টেম্বৰ, ১৯৬৫) এগৰাকী আমেৰিকান ৰাজনীতিবিদ যিয়ে ২০১৭ চনৰপৰা ৱাশ্বিংটনৰ ৭ম কংগ্ৰেছ জিলাৰপৰা আমেৰিকাৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
বৈজয়ন্তী চাৰী
বৈজয়ন্তী চাৰী (Vyjayanthi Chari; জন্ম: ১৯৫৮) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে ৰিভাৰচাইডত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনাৰত। তেখেতে উপস্থাপন-তত্ত্ব আৰু কোৱাণ্টাম বীজগণিত সম্পৰ্কে গৱেষণা কৰিছে।
-
মেগান চুৰী
মেগান চুৰী (ইংৰাজী: Megan Suri; জন্ম: ২৮ মাৰ্চ, ১৯৯৯) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ ২০১৯ চনৰ স্বতন্ত্ৰ চলচ্চিত্ৰ দ্য মিছএডুকেচন অৱ বিন্দু আৰু নেটফ্লিক্সৰ কিশোৰ কমেডী ধাৰাবাহিক নেভাৰ হেভ আই এভাৰ (২০২০–২০২৩) ত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
লক্ষ্মী দেৱী (অভিনেত্ৰী)
লক্ষ্মী দেৱী (ইংৰাজী: Lakshmi Devy; জন্ম: ) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ যিয়ে ইংৰাজী, তামিল আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ২০২১ চনত তেওঁ নিজৰ চিনেমা ৱেন দ্য মিউজিক চেইঞ্জছৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ৰেমী বঁটা লাভ কৰিছিল।
-
শাকু আট্ৰে
শকুন্তলা "শাকু" আত্ৰে (Shaku Atre; ১৯৪০ - ২০২৪) এগৰাকী ভাৰতীয় তথ্য বিজ্ঞানী আৰু এগৰাকী আমেৰিকান ব্যৱসায়ী মহিলা। আই.বি.এম.-ৰ সৈতে চৌধ্য বছৰীয়া কেৰিয়াৰৰ পিছত তেওঁ নিজা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল আৰু ব্যৱসায়িক প্ৰযুক্তি আৰু ডাটাবেছ ব্যৱহাৰৰ বিশেষজ্ঞ হিচাপে বহুলভাৱে পৰিচিত হৈছিল।
-
শীতল শেঠ
শীতল শেঠ (ইংৰাজী: Sheetal Sheth) এগৰাকী আমেৰিকান অভিনেত্ৰী, লেখিকা, প্ৰযোজক আৰু সক্ৰিয় কৰ্মী। এগৰাকী অভিনেত্ৰী হিচাপে তেওঁ লুকিং ফৰ কমেডী ইন দ্য মুছলিম ৱৰ্ল্ড ছবিত এলবাৰ্ট ব্ৰুকছৰ বিপৰীতে অভিনয় কৰি পৰিচিতি লাভ কৰে।
-
শ্বামু
ছিৰিন শৰ্মিলী ৰামলিংগম, পেছাদাৰীভাৱে শ্বামু নামেৰে পৰিচিত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান অভিনেত্ৰী। তেওঁ মূলতঃ তামিল চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ কাঞ্চীভৰম, ময়িলু আৰু দশৱতাৰমৰ দৰে চলচ্চিত্ৰৰ বাবে জনাজাত।
-
সুজাতা দে
সুজাতা চৌধুৰী (ইংৰাজী: Sujata Choudhury; জন্ম: ২৭ জুন, ১৯৮৪), আৰু চিত্ৰনাট্যকাৰ। ইছা ৰায়েৰ ৱেব ছিৰিজ দ্য মিচএডভেন্সাৰ্ছ অৱ অকৱাৰ্ড ব্লেক গাৰ্ল (২০১১-২০১৩)-ত চিচি আৰু ইনচিকিউৰত ছাৰাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত।
-
সুনীতা মণি
সুনীতা মণি (ইংৰাজী: Sunita Mani; জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, নৃত্যশিল্পী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ইউএচএ নেটৱৰ্কৰ ড্ৰামা ধাৰাবাহিক মিষ্টাৰ ৰবটত (২০১৫–২০১৭) ট্ৰেণ্টন আৰু নেটফ্লিক্সৰ কমেডী ধাৰাবাহিক গ্ল’ত (২০১৭–২০১৯) আৰ্থি প্ৰেমকুমাৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।
-
সুপ্ৰিয়া গণেশ
সুপ্ৰিয়া গণেশ (ইংৰাজী: Supriya Ganesh; জন্ম: ১৬ ডিচেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্সৰ মেডিকেল ড্ৰামা টেলিভিছন শৃংখলা দ্য পিট (২০২৫–বৰ্তমান)-ত ডা° সমীৰা মোহনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
সোণালী দেৱ
সোণালী দেৱ (Sonali Dev; জন্ম: ১৯৭২) এগৰাকী সমকালীন ভাৰতীয় আমেৰিকান ৰোমাণ্টিক ঔপন্যাসিক। তেওঁক আ বলিউড এফেয়াৰ কিতাপখনৰ বাবে জনা যায়।
-
সোনাল শ্বাহ
সোনাল শ্বাহ (ইংৰাজী: Sonal Shah) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ বিশেষকৈ স্ক্ৰাবছ ধাৰাবাহিকত ড° ছোনিয়া "ছানি" দে নামৰ এটা চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ৰামামূৰ্তি শংকৰ
য়েল বিশ্ববিদ্যালয়ৰ জন ৰেণ্ডলফ হফমেন আসনৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক ৰামামূৰ্তি শংকৰৰ জন্ম ১৯৪৭ চনৰ ২৮ এপ্ৰিলত। তেওঁ পোন প্ৰথমে তাত্ত্বিক কণা পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ বাবে বিখ্যাত আছিল যদিও বৰ্তমানে তেওঁৰ গৱেষণাৰ বিষয় হৈছে তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু ঘনীভূত পদাৰ্থ বিজ্ঞান।
-
ৰীতিকা বজিৰাণী
ৰীতিকা জিনা বজীৰাণী (৯ আগষ্ট ১৯৬২ – ১৬ জুলাই ২০০৩) এগৰাকী ভাৰতীয়-মূলৰ আমেৰিকান অভিবাসী কবি আৰু শিক্ষয়িত্ৰী আছিল।
-
ৰেছমা চেট্টী
ৰেছমা চেট্টী (ইংৰাজী: Reshma Shetty; জন্ম: ২ নৱেম্বৰ ১৯৭৭) এগৰাকী ব্ৰিটিছ মূলৰ আমেৰিকান অভিনেত্ৰী যিয়ে ইউএছএ নেটৱৰ্কৰ টিভি ধাৰাবাহিক ৰয়েল পেইনছত দিব্যা কাটদাৰেৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ৰেজ্জি কুৰুভিল্লা
ৰেজ্জি কুৰুভিল্লা (Rejji Kuruvilla) এগৰাকী ভাৰতীয়-আমেৰিকান জীৱবিজ্ঞানী। তেওঁ জন হপকিন্স স্কুল অৱ মেডিচিনৰ জীৱবিজ্ঞানৰ অধ্যাপক।