অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুন্দৰ পিচাই

পিচাই সুন্দৰাৰাজন (பிச்சை சுந்தரராஜன், Pichai Sundararajan) অথবা সুন্দৰ পিচাই, এজন ভাৰতীয় ব্যৱসায়ী। বৰ্তমান তেঁ‌ও গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া।

হালনাগাদ: ৩১ আগষ্ট ২০২৬ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পিচাই সুন্দৰাৰাজন (பிச்சை சுந்தரராஜன், Pichai Sundararajan) অথবা সুন্দৰ পিচাই, এজন ভাৰতীয় ব্যৱসায়ী। বৰ্তমান তেঁ‌ও গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া।১২৩৪৪

সুন্দৰ পিচাই, স্পেইন ২০১৫
সুন্দৰ পিচাই, স্পেইন ২০১৫ছবি: Maurizio Pesce · CC BY 2.0

ব্যক্তিগত জীৱন

তেওৰ জন্ম হৈছিল তামিলনাডুৰ মাদ্ৰাছ( বৰ্তমানৰ চেন্নাই )ত ১৯৭২ চনৰ ১২ জুলাইত। পিতৃ ৰঘুনাথা পিচাই আৰু মাতৃ লক্ষ্মী পিচাই। পিতাক ৰঘুনাথা এজন General Electric Company (GEC) নামৰ কোম্পানীটোত কৰ্মৰত এজন বৈদ্যুতিক অভিযন্তা আছিল আৰু বৈদ্যুতিক সৰঞ্জাম নিৰ্মাণৰ কাম চাইছিল। সুন্দৰ পিচাই মাদ্ৰাচৰ এটা দুটা কোঠাৰ এপাৰ্টমেণ্টত ডাঙৰ হৈছিল। তেও অঞ্জলি পিচাইৰ লগত বিবাহপাশত আবদ্ধ হৈছে আৰু বৰ্তমান এগৰাকী কণ্যা সন্তান আছে।

শিক্ষা জীৱন

পিচায়ে আই আই টি, খড়্গপুৰৰ পৰা মেটালাৰ্জিকেল চাইঞ্চত অভিযান্ত্ৰিকতাৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ৫। পৰিৱৰ্তী সময়ত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালযৰ পৰা মেটেৰিয়েল চাইন্স ও অভিযান্ত্ৰিকিত এম এচ ডিগ্ৰী লাভ কৰে তথা ডি হোৱাৰ্টন স্কুল,পেনচিভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে। ৬। তাত তেও Siebel Scholar হিচাপে আছিল।৭৮। তেও স্কুলীয়া শিক্ষা পদ্ম সেসাদ্ৰী বাল ভৱন নুনগামবাক্কামৰ পৰা কৰিছিল।৯

কৰ্ম জীৱন

পিচাইয়ে এপ্লাইড মেটেৰিয়েলছত অভিযান্তিক আৰু উৎপাদ প্ৰবন্ধন আৰু মেক্ কিঞ্চি এণ্ড ক'ম্পেনীত প্ৰবন্ধন পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। গুগলৰ অংশ হোৱাৰ আগতে, সুন্দৰ পিচাইয়ে মেকচিনচ এণ্ড কোম্পানীত কাম কৰিছিল আৰু কেইবছৰমান কোম্পানীটোত কাম কৰিছিল। তাৰ পিছত তেওঁ গুগল কোম্পানীত যোগদান কৰে। যেতিয়া তেওঁ কোম্পানীটোত যোগদান কৰিছিল, তেওঁ গুগল চাৰ্চ টুলবাৰত কাম কৰা কোম্পানীটোৰ এটা সৰু দলৰ অংশ আছিল। গুগলৰ ক্ৰ'ম ব্ৰাউজাৰ সৃষ্টি কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে ক্ৰ’ম বিশ্বৰ এক নম্বৰ ব্ৰাউজাৰ হৈ পৰিছিল। যাৰ পিছত তেওঁক ২০০৮ চনত কোম্পানীৰ সামগ্ৰী বিকাশ বিভাগৰ উপ-সভাপতি কৰা হৈছিল আৰু ২০১২ চনত ক্ৰ’ম আৰু এপৰ জ্যেষ্ঠ উপ-সভাপতি হৈছিল। তেওঁ কৰা কামৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া কৰা হৈছিল।

গুগল

পিচায়ে ২০০৪চনত গুগলত যোগদান কৰে। ২০১৫চনৰ ১০আগষ্টত তেও গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে নিযুক্ত হয়। ১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2 February 2014). Google's Sundar Pichai too in race to head Microsoft?. Times of India
  2. ↑ (16 March 2013). Google's latest star was IIT Kharagpur topper. Times of India
  3. ↑ (12 May 2011). Sundar Pichai; man who runs Chrome at Google. Siliconindia.com
  4. ↑ Cooper, Charles. (13 March 2013). Chrome head Sundar Pichai takes over Android. CNET
  5. ↑ timesofindia.indiatimes.com/tech/tech-news/inter
  6. ↑ The rise and rise of Sundar Pichai
  7. ↑ Siebel Scholars. Siebel Scholars. Retrieved on 23 August 2013
  8. ↑ Cooper, Charles. (13 March 2013). Sundar Pichai:Seven prominent Indian-origin people in global IT world. CNET
  9. ↑ </http://www.orientalgadgets.tk/2014/02/search-for-new-microsoft-ceo-chennais.html{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}> </http://www.vccircle.com/news/technology/2014/10/26/man-chennai-who-has-become-de-facto-no2-google >
  10. ↑ Official Google Blog: G is for Google. Official Google Blog

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় মূলৰ আমেৰিকানব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুন্দৰ পিচাই” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৮৫ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।