অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা দেৱী

কমলা দেৱী আমেচুৰ (৮ অক্টোবৰ ১৯৩৩ – ২৯ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় আৰু আমেৰিকান অভিনেত্ৰী আছিল। তেওঁ ১৯৬০-ৰ দশকত তেওঁৰ প্ৰথম স্বামী চাক কন্নৰ্ছৰ বিপৰীতে কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কমলা দেৱী আমেচুৰ (৮ অক্টোবৰ ১৯৩৩ – ২৯ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আছিল। তেওঁ ১৯৬০-ৰ দশকত তেওঁৰ প্ৰথম স্বামী চাক কন্নৰ্ছৰ বিপৰীতে কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

প্ৰাৰম্ভিক জীৱন

১৯৩৩ চনৰ ১১ অক্টোবৰত ব্ৰিটিছ ভাৰতৰ বোম্বাইত (বৰ্তমানৰ মুম্বাই) তেওঁৰ জন্ম হৈছিল।১ তেওঁৰ মাতৃ এলিজাবেথ ইংৰাজ-ৱেলছ বংশোদ্ভূত আছিল২ আৰু পিতৃ চান্দুমল আমেচুৰ আছিল এজন সিন্ধী হিন্দু নাক-কাণ-ডিঙি বিশেষজ্ঞ।৩

১৯৬৩ চনৰ তথ্য অনুসৰি দেৱীৰ পিতৃ-মাতৃ দুয়ো ভাৰতৰ বোম্বাইত বাস কৰিছিল।৩

তেওঁ ১৯৬০ চনৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰিছিল আৰু দেশখনত ৬ বছৰ ধৰি থকাৰ পিছত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল।৩ ১৯৬৬ চনৰ ২ ডিচেম্বৰত দেৱীয়ে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে।৪

কেৰিয়াৰ

১৯৫৮ চনত ষ্টুৱাৰ্ট গ্ৰেইঞ্জাৰ অভিনীত হেৰী ব্লেক ছবিৰ জৰিয়তে দেৱীয়ে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ১৯৬২ চনত তেওঁ জেৰ’নিমোত কিংবদন্তি আপাচি মুখিয়াল জেৰ’নিমোৰ পত্নী টিলাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াত জেৰ’নিমোৰ চৰিত্ৰত চাক কন্নৰ্ছে অভিনয় কৰিছিল।

১৯৬৪ চনত তেওঁ দ্য ব্ৰাছ বটলত হাৰেম গাৰ্ল আৰু জিন তেজৰাৰ চৰিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

কমলাই জেৰ’নিমোৰ চেটত চাক কন্নৰ্ছক লগ পাইছিল, য’ত তেওঁলোক দুয়োৱে এক দম্পতী হিচাপে অভিনয় কৰিছিল। কন্নৰ্ছে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ বিবাহৰ তাৰিখ ঘোষণা কৰিছিল।৩

১৯৬৩ চনৰ ১০ এপ্ৰিলত তেওঁ চাক কন্নৰ্ছৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৭২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।৫

২০০৫ চনত তেওঁ তেওঁৰ তৃতীয় স্বামী মৌৰি বিউমণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যি গৰাকী ২০০৮ চনত মৃত্যুবৰণ কৰে।৬

মৃত্যু

২০১০ চনৰ ২৯ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ আৰ্লিংটন কাউণ্টিত ৭৭ বছৰ বয়সত কমলা দেৱীৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Buscombe, Edward. (2006). 'Injuns! ': Native Americans in the Movies. Reaktion Books. পৃ. 76. ISBN 9781861895783
  2. ↑ (30 March 1963). Albuquerque Journal from Albuquerque, New Mexico on March 30, 1963 · Page 12. Albuquerque Journal. পৃ. 12
  3. ↑ (1963). The Rifleman "Welcome to the McCain Ranch". AP Wire
  4. ↑ Chuck Connors - Kamala Devi. The McCain Ranch
  5. ↑ Aaker, Everett. (1997). Television Western Players of the Fifties: A Biographical Encyclopedia of All Regular Cast Members in Western Series, 1949-1959. McFarland. ISBN 9780786402847
  6. ↑ (22–23 March 2008). Maurie S. Beaumont. Los Angeles Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা দেৱী” প্ৰবন্ধৰ সংশোধন ৬০২০৩১ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।