অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অভিজিৎ বেনাৰ্জী

অভিজিৎ বিনায়ক বেনাৰ্জী (অভিজিৎ বিনায়ক বন্দ্যোপাধ্যায়; Abhijit Vinayak Banerjee; জন্ম ২১ ফেব্ৰুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেচন ইন্টাৰনেচনেলৰ অধ্যাপক।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৭৭ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অভিজিৎ বিনায়ক বেনাৰ্জী (অভিজিৎ বিনায়ক বন্দ্যোপাধ্যায়; Abhijit Vinayak Banerjee; জন্ম ২১ ফেব্ৰুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেচন ইন্টাৰনেচনেলৰ অধ্যাপক।

অভিজিৎ বেনাৰ্জীয়ে তেওঁৰ পত্নী ইস্থাৰ ডাফ্লো আৰু মাইকেল ক্ৰেমাৰৰ সৈতে "গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ পৰীক্ষামূলক অভিগমন"ৰ বাবে ২০১৯ চনৰ অৰ্থনীতিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।১২ অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী ইস্থাৰ ডাফ্লো ন'বেল বঁটা লাভ কৰা ষষ্ঠ বিবাহিত দম্পতি।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬১ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ মুম্বাইত অভিজিৎ বেনাৰ্জীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কলকাতাৰ প্ৰেচিডেন্সী কলেজৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক আৰু মাতৃ সমাজ বিজ্ঞান অধ্যয়ন কেন্দ্ৰ, কলকাতাৰ অৰ্থনীতিৰ অধ্যাপক আছিল।

তেওঁ প্ৰাৰম্ভিক শিক্ষা কলকাতাৰ চাউথ পইণ্ট স্কুলত গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত প্ৰেচিডেন্সী কলেজত নামভৰ্তি কৰে। ইয়াৰ পৰা তেওঁ ১৯৮১ চনত অৰ্থনীতি বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ১৯৮৩ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩ তাৰপিছত তেওঁ হাৰ্ভাড বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰপৰা ১৯৮৮ চনত অৰ্থনীতিৰ পিএইছডি ডিগ্ৰী লাভ কৰে। তেওঁৰ ডক্টৰেল থেছিছৰ বিষয়বস্তু "অৰ্থনীতিৰ তথ্যৰ ওপৰত ৰচনা" আছিল।

কৰ্মজীৱন

তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেচনৰ ইন্টাৰনেচনেল অধ্যাপক। ইয়াৰ আগতে তেওঁ হাৰ্ভাড বিশ্ববিদ্যালয় আৰু প্ৰীন্সটন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।

তেওঁৰ গৱেষণাৰ মূল বিষয় হৈছে উন্নয়ন অৰ্থনীতি। তেওঁ ইস্থাৰ ডাফ্লো, মাইকেল ক্ৰেমাৰ, জন এ. লিষ্ট আৰু চেন্ধিল মুল্লাইনাথনৰ সৈতে ক্ষেত্ৰ অধ্যয়নক অৰ্থনীতিৰ কাৰণাত্মক সম্বন্ধৰ আৱিষ্কাৰৰ বাবে গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হিচাপে প্ৰস্তাৱ আগবঢ়াইছিল।

তেওঁ পত্নী ইস্থাৰ ডাফ্লো আৰু চেন্ধিল মুল্লাইনাথনৰ সৈতে আব্দুল লতিফ জামেল পভাৰ্টি এক্সন লেব স্থাপন কৰিছিল। তেওঁ কনৰ্টিয়াম অন ফাইনেন্সীয়েল চিষ্টেম এণ্ড পভাৰ্টি সদস্য হিচাপে নিৰ্মূলৰ বাবে ইন'ভেচনছ ফৰ পভাৰ্টি এক্সনৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ অৰ্থনৈতিক বিশ্লেষণৰ বাবে গৱেষণা ব্যুৰ'ত অধ্যক্ষ আছিল। ইয়াৰ লগতে তেওঁ ৰাষ্ট্ৰীয় অৰ্থনৈতিক গৱেষণা ব্যুৰ'ৰ সহযোগী গৱেষক, অৰ্থনৈতিক নীতি গৱেষণা কেন্দ্ৰৰ গৱেষক ফেল', কেইল প্ৰতিষ্ঠানৰ আন্তৰ্জাতিক গৱেষক ফেল', আমেৰিকান কলা আৰু বিজ্ঞান একাডেমীৰ ফেল' আৰু ইকন'মেট্ৰিক ছ'চাইটিৰ ফেল'। ইয়াৰ বাহিৰেও তেওঁ গুগেনহেইম আৰু আলফ্ৰেড পি. শ্লয়ান ফেল'। তেওঁ পত্নী ইস্থাৰ ডাফ্লোৰ সৈতে প'ৰ ইকনমিক্স আৰু গুড ইকনমিক্স ইন বেড টাইমছ নামৰ গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ ভাৰতৰ পলক্ষ বিশ্ববিদ্যালয়ৰ উপদেষ্টা সমিতিৰ সদস্য।৪

বঁটা আৰু সন্মান

তেওঁ ২০০৪ চনত আমেৰিকান কলা আৰু বিজ্ঞান একাডেমীৰ ফেল' নিৰ্বাচিত হয়।৫ তেওঁ ২০০৯ চনত সমাজ বিজ্ঞানৰ প্ৰথম ইনফ'চিছ বঁটা লাভ কৰিছিল।৬ ২০১২ চনত তেওঁ প'ৰ ইকনমিক্স গ্ৰন্থৰ বাবে ইস্থাৰ ডাফ্লোৰ সৈতে ব্যৱসায়িক গ্ৰন্থৰ জেৰাল্ড লৈব বঁটাৰ সন্মানীয় উল্লেখ লাভ কৰিছিল।৭ ২০১৩ চনত তেওঁক ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান বেন কি মুনে ২০১৫ চনৰ পিছৰ সহস্ৰাব্দৰ উন্নয়ন লক্ষ্যক উন্নীতকৰণৰ বিশেষজ্ঞ কমিটিৰ সদস্য মনোনীত কৰিছিল। ৮ ২০১৪ চনত তেওঁ কেইল বিশ্ব অৰ্থনীতি প্ৰতিষ্ঠানৰ পৰা বাৰ্নহাৰ্ড-হাৰ্মছ বঁটা লাভ কৰিছিল। ২০১৯ চনত তেওঁ ভাৰতীয় আমদানি-ৰপ্তানি বেংকৰ ৩৪তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বাৰ্ষিক বক্তৃতা অনুষ্ঠানত সামাজিক নীতিৰ পুনৰগঠনৰ ওপৰত বক্তব্য আগবঢ়াইছিল।৯

অভিজিৎ বেনাৰ্জীয়ে তেওঁৰ পত্নী ইস্থাৰ ডাফ্লো আৰু মাইকেল ক্ৰেমাৰৰ সৈতে "গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা"ৰ বাবে ২০১৯ চনৰ ন'বেল স্মৃতি বঁটা প্ৰদান কৰা হয়।১১০

ব্যক্তিগত জীৱন

অভিজিৎ বেনাৰ্জীয়ে প্ৰথমতে মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সাহিত্যৰ অধ্যাপক অৰুন্ধতী তুলি বেনাৰ্জীৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।১১১২ তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে।১১ পিছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

২০১২ চনত তেওঁ আৰু তেওঁৰ গৱেষণা সহযোগী ইস্থাৰ ডাফ্লোৰ এজন পুত্ৰ সন্তান জন্ম হয়।১৩১৪ তেওঁ ১৯৯৯ চনত ইস্থাৰৰ অৰ্থনীতিৰ পিএইছডিৰ যুটীয়া নিৰীক্ষক আছিল।১৩ ইস্থাৰ ডাফ্লো তেওঁৰ সৈতে দৰিদ্ৰতা নিৰ্মূল আৰু উন্নয়ন অৰ্থনীতিৰ এমআইটিৰ অধ্যাপক।১৫ তেওঁলোক ২০১৫ চনত বিবাহপাশত আৱদ্ধ হয়।

গ্ৰন্থৰাজি

  • Aghion, Philippe; Banerjee, Abhijit. (2005). Volatility And Growth. Oxford University Press. ISBN 9780199248612
  • (2006). Understanding Poverty. Oxford University Press. ISBN 9780195305203
  • Banerjee, Abhijit Vinayak. (2005). Making Aid Work. MIT Press. ISBN 9780262026154
  • Banerjee, Abhijit V.; Duflo, Esther. (2011). ((Poor Economics: A Radical Rethinking of the Way to Fight Global Poverty)). PublicAffairs. ISBN 9781610390408
  • (2017). Handbook of Field Experiments, Volume 1. North–Holland (an imprint of Elsevier). ISBN 9780444633248
  • (2017). Handbook of Field Experiments, Volume 2. North–Holland (an imprint of Elsevier). ISBN 9780444640116
  • Banerjee, Abhijit Vinayak ( 2019 ). A Short History of Poverty Measurements . Juggernaut Books.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (October 14, 2019). The Prize in Economic Sciences 2019. Royal Swedish Academy of Sciences
  2. ↑ Desk, The Hindu Net. (2019-10-14). Abhijit Banerjee among three to receive Economics Nobel. The Hindu
  3. ↑ (2017-10-24). Abhijit Banerjee Short Bio. Massachusetts Institute of Technology • Department of Economics
  4. ↑ Plaksha University. plaksha.org
  5. ↑ Book of Members, 1780–2010: Chapter B. American Academy of Arts and Sciences
  6. ↑ Infosys Prize 2009 – Social Sciences – Economics
  7. ↑ (June 26, 2012). UCLA Anderson Announces 2012 Gerald Loeb Award Winners. UCLA Anderson School of Management
  8. ↑ Ban names high-level panel to map out 'bold' vision for future global development efforts
  9. ↑ www.business-standard.com/article/economy-policy
  10. ↑ Desk, The Hindu Net. (2019-10-14). Abhijit Banerjee among three to receive Economics Nobel. The Hindu
  11. ↑ (2001). Malcolm Adiseshiah Award 2001, A Profile: Abhijit Vinayak Banerjee. Malcolm & Elizabeth Adiseshiah Trust & Madras Institute of Development Studies (MIDS)
  12. ↑ (2018-08-18). Global Studies and Languages, Biography: Arundhati Tuli Banerjee. MIT
  13. ↑ Gapper, John. (16 March 2012). Lunch with the FT: Esther Duflo. Financial Times
  14. ↑ (23 March 2012). Esther's baby. Project Syndicate
  15. ↑ (2018). Esther Duflo CV. Esther Duflo at MIT

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় মূলৰ আমেৰিকানঅৰ্থনীতিবিদঅৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিজিৎ বেনাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬৩১১৪১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।