সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ (Subrahmanyan Chandrasekhar; ১৯ অক্টোবৰ ১৯১০ – ২১ আগষ্ট ১৯৯৫)১ এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেওঁ কৰ্মজীৱনৰ অধিকাংশ সময় আমেৰিকা যুক্তৰাষ্ট্ৰতে কটাইছিল।২ "নক্ষত্ৰৰ গঠন আৰু বিৱৰ্তনসম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভৌতিক প্ৰক্ৰিয়াৰ তাত্ত্বিক গৱেষণা"ৰ বাবে তেওঁ ১৯৮৩ চনত ৱিলিয়াম এ. ফাউলাৰৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল। নাক্ষত্ৰিক বিৱৰ্তনসম্পৰ্কীয় তেওঁৰ গাণিতিক গৱেষণাই বৃহৎ নক্ষত্ৰ আৰু কৃষ্ণগহ্বৰবোৰৰ বিৱৰ্তনৰ পৰৱৰ্তী স্তৰসম্পৰ্কীয় এতিয়াৰ বহুকেইটা প্ৰতিষ্ঠিত তাত্ত্বিক আৰ্হি জন্ম লাভত সহায় কৰিছিল।৩৪ "চন্দ্ৰশেখৰ সীমা" নামৰ পৰিভাষাটো তেওঁৰ নামেৰেই ৰখা হৈছে।
চন্দ্ৰশেখৰে তেওঁৰ জীৱনকালত বিভিন্ন ভৌতিক সমস্যাৰ ওপৰত কাম কৰিছিল। নক্ষত্ৰৰ গঠন সম্পৰ্কে আজিৰ ধ্যান-ধাৰণা, শ্বেত বাওনা, নাক্ষত্ৰিক গতিবিজ্ঞান, প্ৰসম্ভাব্য প্ৰক্ৰিয়া (stochastic process), বিকিৰণৰ জৰিয়তে পৰিবহণ, হাইড্ৰ'জেন এনায়নৰ কোৱাণ্টাম তত্ত্ব, হাইড্ৰ'ডাইনেমিক আৰু হাইড্ৰ'মেগনেটিক সুস্থিৰতা, সাধাৰণ আপেক্ষিকতাবাদ, কৃষ্ণগহ্বৰৰ গাণিতিক তত্ত্ব, মহাকৰ্ষণিক তৰংগৰ সংঘৰ্ষৰ তত্ত্ব আদি বহুকেইখন ক্ষেত্ৰত তেওঁ অৰিহণা যোগাইছিল।৫ কেমব্ৰিজ বিশ্ববিদ্যালয়ত থাকিবৰ সময়ত তেওঁ শ্বেত বাওনা তৰাবোৰৰ গঠন ব্যাখ্যা কৰিবলৈ এটা তাত্ত্বিক আৰ্হিৰ বিকাশসাধন কৰিছিল। ইয়াত তেওঁ অপভ্ৰষ্ট পদাৰ্থসমূহত থকা ইলেকট্ৰনৰ বেগৰ লগত ভৰৰ আপেক্ষিকীয় পৰিৱৰ্তনক ভিত্তি হিচাপে লৈছিল। তেওঁ দেখুৱাইছিল যে শ্বেত বাওনাৰ ভৰ সূৰ্য্যৰ ভৰৰ ১.৪৪ গুণতকৈ অৰ্থাৎ, চন্দ্ৰশেখৰ সীমাতকৈ বেছি হ'ব নোৱাৰে। তাৰকাৰাজ্য এখনৰ কেন্দ্ৰৰ সাপেক্ষে ঘূৰি থকা তৰাবোৰৰ ওপৰত দোলনশীল মহাকৰ্ষণীয় ক্ষেত্ৰই পেলোৱা প্ৰভাৱৰ ভিত্তিত জান উৰ্ট্ আৰু আন বিজ্ঞানীসকলে নক্ষত্ৰৰ গতিবিজ্ঞানৰ যি আৰ্হি উলিয়াইছিল, চন্দ্ৰশেখৰে সেয়া পুনৰীক্ষণ কৰিছিল। গতিবিজ্ঞানৰ এই কঠিন সমস্যাটোৰ সমাধান আগবঢ়াবলৈ তেওঁ ২০টা আংশিক অৱকলনীয় সমীকৰণৰ সহায় ল'ব লগা হৈছিল। "গতিবৈজ্ঞানিক ঘৰ্ষণ" নামৰ নতুন পৰিভাষা এটাও তেওঁ ব্যৱহাৰ কৰিছিল, যিয়ে নক্ষত্ৰৰ মন্থৰণ ঘটোৱা আৰু নক্ষত্ৰপুঞ্জক সাম্য অৱস্থালৈ নিয়াত প্ৰভাৱ পেলায়। চন্দ্ৰশেখৰে এই বিশ্লেষণখিনি আন্তঃনাক্ষত্ৰিক মহাকাশৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিছিল আৰু দেখুৱাইছিল যে তাৰকাৰাজ্যিক গেছৰ ডাৱৰ আৰু ধূলিকণাবোৰ বৰ অসুষমভাৱে বিস্তৃত হৈ আছে।
চন্দ্ৰশেখৰে প্ৰেসিডেন্সি কলেজ, মাদ্ৰাজ (এতিয়াৰ চেন্নাই) আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। তেওঁ চিকাগ' বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপনা কৰিছিল। তেওঁ য়াৰ্কছ্ বীক্ষণাগাৰত কিছুদিন অধ্যয়ন চলোৱাৰ লগতে ১৯৫২ চনৰ পৰা ১৯৭১ চনলৈ "দ্য এষ্ট্ৰ'ফিজিকেল জাৰ্নেল"ৰ সম্পাদকৰ দায়িত্বভাৰ পালন কৰিছিল। ১৯৩৭ চনৰ পৰা ১৯৯৫ চনত ৮৪ বছৰ বয়সত মৃত্যু হোৱালৈ তেখেত দীৰ্ঘদিন ধৰি চিকাগ' বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ আছিল। তাত তেওঁ তাত্ত্বিক জ্যোতিৰ্পদাৰ্থবিজ্ঞান বিভাগৰ মৰ্টন ডি. হাল সন্মানীয় সেৱাৰ অধ্যাপক আছিল।৬
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯১০ চনৰ ১৯ অক্টোবৰত ব্ৰিটিছ অধীনস্থ ভাৰতৰ (এতিয়া পাকিস্তানৰ অন্তৰ্গত) লাহোৰ, পঞ্জাবত এটা তামিল হিন্দু পৰিয়ালত চন্দ্ৰশেখৰৰ জন্ম হৈছিল।৭ তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে চন্দ্ৰশেখৰ সুব্ৰহ্মণ্য আয়াৰ (১৮৮৫-১৯৬০) আৰু সীতালক্ষ্মী (দিৱান বাহাদুৰ) বালাকৃষ্ণন (১৮৯১-১৯৩১)।৮ চন্দ্ৰশেখৰৰ জন্মৰ সময়ত দেউতাক উত্তৰ-পশ্চিম সীমান্ত ৰেলৱে'ৰ হিচাপ-পৰীক্ষক বিষয়া হিচাপে লাহোৰত কৰ্মৰত আছিল। তেওঁৰ ৰাজলক্ষ্মী আৰু বালাপাৰ্বতী নামৰ দুগৰাকী জ্যেষ্ঠ ভগ্নী; বিশ্বনাথন, বালাকৃষ্ণন আৰু ৰামনাথন নামৰ তিনিজন কনিষ্ঠ ভাতৃ; আৰু সাৰদা, বিদ্যা, সাৱিত্ৰী আৰু সুন্দৰী নামৰ চাৰিগৰাকী কনিষ্ঠ ভগ্নী আছিল। ন'বেল বঁটাপ্ৰাপ্ত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চি ভি ৰামন আছিল তেওঁৰ খুড়াক। বৌদ্ধিক চিন্তা-চৰ্চাত আত্মনিয়োগ কৰা তেওঁৰ মাতৃয়ে হেনৰিক ইবছেনৰ "এ' ড'লছ্ হাউছ" কিতাপখন তামিল ভাষালৈ অনুবাদ কৰিছিল। অতি কম বয়সতে চন্দ্ৰশেখৰৰ মনত বৌদ্ধিক অনুসন্ধিৎসা জগাই তোলাৰ কৃতিত্বও তেওঁৰ মাতৃকে দিয়া হয়।৯ ১৯১৬ চনত তেওঁলোকৰ পৰিয়ালটো লাহোৰৰ পৰা এলাহবাদলৈ উঠি আহে, আৰু পিছলৈ ১৯১৮ চনত পৰিয়ালটো মাদ্ৰাজত থিতাপি লয়।
১২ বছৰ বয়সলৈ চন্দ্ৰশেখৰে ঘৰতে শিক্ষা লাভ কৰিছিল।৯ মাধ্যমিক স্কুলৰ পৰ্য্যায়ত তেওঁক দেউতাকে গণিত আৰু পদাৰ্থ বিজ্ঞান, আৰু মাকে তামিল শিকাইছিল। ১৯২২ৰ পৰা ১৯২৫ চনলৈ তেওঁ মাদ্ৰাজৰ হিন্দু হাইস্কুলত শিক্ষা লৈছিল। ইয়াৰ পিছত ১৯২৫ৰ পৰা ১৯৩০ চনলৈ তেওঁ মাদ্ৰাজৰ প্ৰেসিডেন্সি কলেজত অধ্যয়ন কৰিছিল।
ব্যক্তিগত জীৱন
১৯৩৬ চনৰ ছেপ্টেম্বৰ মাহত চন্দ্ৰশেখৰে ললিতা ডৰাইস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। প্ৰেসিডেন্সি কলেজত পঢ়ি থাকোতে তেওঁ ললিতাক সহপাঠী হিচাপে লগ পাইছিল। চন্দ্ৰশেখৰ ১৯৩০ চনত পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰা বিজ্ঞানী চি ভি ৰমণৰ ভাগিন আছিল। ১৯৫৩ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিছিল।
১৯৯৫ চনত আকস্মিকভাৱে হৃদক্ৰিয়া বন্ধ হৈ চিকাগ' বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ত চন্দ্ৰশেখৰৰ মৃত্যু হৈছিল। ইয়াৰ পূৰ্বে ১৯৭৫ চনতো এবাৰ তেওঁৰ হৃদক্ৰিয়া বন্ধ হৈ পৰিছিল যদিও সেইবাৰ তেওঁ কথমপি মৃত্যুৰ পৰা ৰক্ষা পৰিছিল।২ তেওঁৰ পত্নীৰ যোৱা ২ ছেপ্টেম্বৰ, ২০১৩ চনত ১০২ বছৰত মৃত্যু হয়। ১০ তেওঁ সাহিত্য আৰু পশ্চিমীয়া ধ্ৰুপদী সংগীতৰ এগৰাকী ঐকান্তিক ছাত্ৰী আছিল।
এবাৰ শ্ৰীমদ্ভগৱতগীতা সম্পৰ্কে হোৱা আলোচনা সংক্ৰান্তত চন্দ্ৰশেখৰে কৈছিল, "মোৰ পৰৱৰ্তী মন্তব্যসমূহক লৈ যাতে কোনোধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়, তাৰ বাবে মই আদিতে এটা ব্যক্তিগত বিবৃতি আগবঢ়াব বিচাৰিছোঁ। মই নিজকে এগৰাকী নাস্তিক বুলি ক'ব খোজোঁ।"১১ তেওঁৰ আন কেবাটাও বক্তৃতাটো তেওঁ একেটা কথাই কৈছিল।১২ ১৯৮৭ চনৰ ৬ অক্টোবৰত চিকাগ' বিশ্ববিদ্যালয়ত কেভিন ক্ৰিছিউনাছৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত চন্দ্ৰশেখৰে কৈছিল, "অৱশ্যেই তেওঁ (অট' ষ্ট্ৰাভ) জানিছিল যে মই এগৰাকী নাস্তিক, আৰু সেইবাবে তেওঁ মোৰ ওচৰত কেতিয়াও সেই বিষয়টো উত্থাপন কৰা নাছিল।"১৩
চন্দ্ৰশেখৰ এগৰাকী নিৰামিষাহাৰী আছিল।১৪
তথ্যসূত্ৰ
- ↑ Osterbrock, Donald E. (December 1998). Subrahmanyan Chandrasekhar (19 October 1910-21 August 1995). Proceedings of the American Philosophical Society. American Philosophical Society. পৃ. 658–665
- ↑ C.), Wali, K. C. (Kameshwar. (1991). Chandra: a biography of S. Chandrasekhar. University of Chicago Press. পৃ. 9. ISBN 978-0226870540
- ↑ Vishveshwara, C.V. (25 April 2000). Leaves from an unwritten diary: S. Chandrasekhar, Reminiscences and Reflections. Current Science. পৃ. 1025–1033
- ↑ Horgan, J. (1994). Profile: Subrahmanyan Chandrasekhar—Confronting the Final Limit. Scientific American. পৃ. 32–33
- ↑ O'Connor, J. J.; Robertson, E. F. Subrahmanyan Chandrasekhar. Biographies. School of Mathematics and Statistics University of St Andrews, Scotland
- ↑ Subrahmanyan Chandrasekhar. starchild.gsfc.nasa.gov
- ↑ (19 October 2017). Who was S Chandrasekhar?. The Indian Express
- ↑ Subramanyan Chandrasekhar Biographical. NobelPrize.org
- ↑ S Chandrasekhar: Why Google honours him. www.aljazeera.com
- ↑ (7 September 2013). Nobel laureate's wife Lalitha Chandrasekhar dies at 102. দ্য হিন্দু
- ↑ S. Chandrasekhar: the man behind the legend, Kameshwar C. Wali. Imperial College Press (1 January 1997)
- ↑ Kameshwar C. Wali. (1991). Chandra: A Biography of Chandrasekhar. University of Chicago Press. পৃ. 304. ISBN 9780226870557
- ↑ Interview with Dr. S. Chandrasekhar. American Institute of Physics
- ↑ Sullivan, Walter. (1995). "Subrahmanyan Chandrasekhar, 84, Is Dead; Noble Laureate Uncovered 'White Dwarfs'". The New York Times. Retrieved 13 September 2020
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৪৬৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।