অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৰতী মুখাৰ্জী

ভাৰতী মুখাৰ্জী (Bharati Mukherjee; জুলাই ২৭, ১৯৪০ - জানুৱাৰী ২৮, ২০১৭) হ'ল এগৰাকী ভাৰতীয় আমেৰিকান লেখক আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কেইবাখনো উপন্যাস, চুটি গল্প সংকলন আৰু তথ্যভিত্তিক সাহিত্য লিখিছে।

হালনাগাদ: ১২ জুন ২০২৫ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভাৰতী মুখাৰ্জী (Bharati Mukherjee; জুলাই ২৭, ১৯৪০ - জানুৱাৰী ২৮, ২০১৭) হ'ল এগৰাকী ভাৰতীয় আমেৰিকান লেখক আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কেইবাখনো উপন্যাস, চুটি গল্প সংকলন আৰু তথ্যভিত্তিক সাহিত্য লিখিছে।১

প্ৰাৰম্ভিক জীৱন

ভাৰতত ব্ৰিটিছ ৰাজত্বকালৰ সময়ত পশ্চিমবংগৰ কলিকতাৰ এটা ভাৰতীয় হিন্দু বঙালী ব্ৰাহ্মণ পৰিয়ালত মুখাৰ্জীৰ জন্ম হয়। তেওঁৰ দেউতাক সুধীৰ লাল মুখাৰ্জীয়ে এটা সফল ফাৰ্মাচিউটিকেল কোম্পানী চলাইছিল২ আৰু প্ৰায় ৫০জন আত্মীয়ৰ এটা বৃহৎ যৌথ পৰিয়ালত তেওঁলোক বাস কৰিছিল। মুখাৰ্জীৰ মাতৃ বিনা বেনাৰ্জী২ আছিল এগৰাকী গৃহিণী। স্বাধীনতাৰ পিছত তেওঁ মাক-দেউতাকৰ সৈতে ইউৰোপলৈ যায়। পঞ্চাশৰ দশকৰ আৰম্ভণিতহে তেওঁ কলিকতালৈ ঘূৰি আহে। ইংলেণ্ড, চুইজাৰলেণ্ড আৰু ভাৰতৰ বিদ্যালয়ত তেওঁ স্কুলীয়া শিক্ষা লৈছিল।২ ১৯৫৯ চনত লৰেট' কলেজৰ ছাত্ৰ হিচাপে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৬১ চনত বৰোডাৰ মহাৰাজ ছায়াজীৰাও বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লয়।৩ তাৰপিছত লোৱা বিশ্ববিদ্যালয়ত পঢ়িবৰ বাবে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। 'লোৱা ৰাইটাৰ্চ্‌ ৱৰ্কশ্বপ'ৰপৰা ১৯৬৩ চনত তেওঁ এম এফ এ ডিগ্ৰী লয় আৰু ১৯৬৯ চনত তুলনামূলক সাহিত্য বিভাগৰপৰা পি এইচ ডি লয়।

কেৰিয়াৰ

এক দশকতকৈও বেছি সময় কানাডাৰ মণ্ট্ৰিয়াল আৰু টৰণ্টোত বাস কৰি মুখাৰ্জী আৰু তেওঁৰ স্বামী ক্লাৰ্ক ব্লেইজ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ঘূৰি আহে। তেওঁ এন ইন্ভিজিব'ল ৱমেন নাম দি চেটাৰ্ডে নাইটৰ এটা সংখ্যাত এই সিদ্ধান্তটোৰ বিষয়ে লিখিছে। মুখাৰ্জী আৰু ব্লেইজে মিলি কেইবাখনো কিতাপ লিখিছে। এইকেইখন হ'ল- ডেইজ এণ্ড নাইটচ্‌ ইন কলকাট্টা (১৯৭৭) আৰু দ্য চ'ৰ' এণ্ড দ্য টেৰৰ: দ্য হণ্টিং লিগেচি অৱ দি এয়াৰ ইণ্ডিয়া ট্ৰিজেদি (এয়াৰ ইণ্ডিয়া ফ্লাইট ওৱান এইট্টি টু)।

বহুবোৰ কল্পকাহিনী আৰু অ-কল্পকাহিনীৰ লিখাৰ উপৰিও, মুখাৰ্জীয়ে বাৰ্কলেত যোগদান কৰাৰ আগতে মেকগিল বিশ্ববিদ্যালয়, স্কিডমোৰ কলেজ, কুইনচ্‌ কলেজ আৰু নিউয়ৰ্কৰ চিটি বিশ্ববিদ্যালয়ত শিক্ষাদান কৰিছিল।

১৯৮৮ চনত তেওঁৰ 'দ্য মিডলমেন এণ্ড দ্য আডাৰ ষ্টৰিজ' কিতাপখনৰ বাবে মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰ বঁটা লাভ কৰে।৪ ১৯৮৯ ত আমিনা মীৰৰ লগত হোৱা এটা সাক্ষাৎকাৰত মুখাৰ্জীয়ে কৈছে যে; তেওঁ নিজকে এগৰাকী ভাৰতীয় প্ৰবাসী লেখক বুলি নকৈ এগৰাকী আমেৰিকান লেখক বুলি ভাবিবলৈ ভাল পায়।৫

২০১৭ চনৰ ২৮ জানুৱাৰীত জটিল শাৰীৰিক অসুখত ভুগি ৭৬ বছৰ বয়সত মানহাট্টনত মুখাৰ্জীৰ মৃত্যু হয়।৬ মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু পুত্ৰক এৰি থৈ যায়।৭

গ্ৰন্থপঞ্জী

উপন্যাস

  • দ্য টাইগাৰচ্‌ ডটাৰ (১৯৭১)
  • ৱাইফ (১৯৭৫)
  • জেচমিন (১৯৮৯)
  • দ্য হ'ল্ডাৰ অৱ দ্য ৱৰ্ল্ড (১৯৯৩)
  • লিভ ইট টু মি (১৯৯৭)
  • ডিজায়াৰেৱল ডটাৰচ্‌ (২০০২)
  • দ্য ট্ৰি ব্ৰাইড (২০০৪)
  • মিছ নিউ ইণ্ডিয়া (২০১১)

চুটি গল্প সংকলন

  • ডাৰ্কনেচ (১৯৮৫)
  • দ্য মিডলমেন এণ্ড দ্য আডাৰ ষ্টৰিজ (১৯৮৮)
  • আ ফাদাৰ
  • দ্য মেনেজমেণ্ট অৱ গ্ৰিফ

স্মৃতিকথা

  • ডেইজ এণ্ড নাইটচ্‌ ইন কলকাট্টা (১৯৭৭, ক্লাৰ্ক ব্লেইজৰ সৈতে)

নন-ফিকচন

  • দ্য চ'ৰ' এণ্ড দ্য টেৰৰ: দ্য হণ্টিং লিগেচি অৱ দি এয়াৰ ইণ্ডিয়া ট্ৰিজেদি (১৯৮৭)
  • পলিটিকেল কালচাৰ এণ্ড লীডাৰশ্বিপ ইন ইণ্ডিয়া (১৯৯১)
  • ৰিজনেলিজিম ইন ইণ্ডিয়ান পাৰ্চপেক্টিভ (১৯৯২)

বঁটা আৰু সন্মান

  • ১৯৮৮ চনত ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ বঁটা
  • হোৱাইটিয়াৰ কলেজৰপৰা 'ডক্টৰ অৱ হিউমেন লেটাৰচ্‌' সম্মান প্ৰদান

তথ্যসূত্ৰ

  1. ↑ "Holders of the Word: An Interview with Bharati Mukherjee". Tina Chen and S.X. Goudie, University of California, Berkeley]
  2. ↑ William Grimes. (Feb. 1, 2017). Bharati Mukherjee, Writer of Immigrant Life, Dies at 76. www.nytimes.com
  3. ↑ "Arts and Culture: Bharati Mukherjee: Her Life and Works" . PBS, Interview with Bill Moyers, February 5, 2003
  4. ↑ "Bharati Mukherjee Runs the West Coast Offense". Dave Weich, Powells Interview (April 2002)
  5. ↑ Meer, Amanda bombsite.com/issues/29/articles/1264 Fall 1989. Retrieved May 20, 2013
  6. ↑ (February 1, 2017). Novelist Bharati Mukherjee passes away. India Live Today
  7. ↑ Grimes, William. (February 1, 2017). Bharati Mukherjee, Writer of Immigrant Life, Dies at 76. The New York Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিকানাডাৰ ব্যক্তিভাৰতীয় মূলৰ আমেৰিকানআমেৰিকান লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতী মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫১৭৪৭৪ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।