অজয়পাল সিং বংগা (Ajaypal Singh Banga; জন্ম: ১০ নৱেম্বৰ, ১৯৫৯১) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী।২ বৰ্তমান তেওঁ বিশ্ব বেংক গোটৰ অধ্যক্ষ৩ আৰু জেনেৰেল আটলাণ্টিকৰ উপাধ্যক্ষ পদত অধিষ্ঠিত।৪ ইয়াৰ পূৰ্বে ২০১০ চনৰ জুলাইৰ পৰা ২০২০ চনৰ ৩১ ডিচেম্বৰলৈকে তেওঁ মাষ্টাৰকাৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ') হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ বিত্তীয় সেৱা আগবঢ়োৱা কোম্পানীটোৰ কাৰ্যবাহী অধ্যক্ষ আছিল।৫৬ ২০২১ চনৰ ৩১ ডিচেম্বৰত তেওঁ এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰি জেনেৰেল আটলাণ্টিকত যোগদান কৰে। ইয়াৰ লগতে তেওঁ নেদাৰলেণ্ডৰ বিনিয়োগ হোল্ডিং কোম্পানী এক্স’ৰৰ অধ্যক্ষ আৰু আমেৰিকাৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে মধ্য আমেৰিকাৰ বাবে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ অধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰিছে।৭৮
বাংগা ভাৰতত বিনিয়োগ কৰা ৩০০ৰো অধিক বৃহৎ আন্তঃৰাষ্ট্ৰীয় কোম্পানীক প্ৰতিনিধিত্ব কৰা আমেৰিকা-ভাৰত ব্যৱসায়িক পৰিষদৰ (USIBC) প্ৰাক্তন অধ্যক্ষ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিষদৰ অধ্যক্ষ।৯
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বাইডেন প্ৰশাসনে মনোনীত হোৱাৰ পিছত ২০২৩ চনৰ ৩ মে'ত বংগাক বিশ্ব বেংকৰ সভাপতি নিৰ্বাচিত কৰা হয়। ২০২৩ চনৰ ২ জুন তাৰিখে তেওঁ বিশ্ব বেংকৰ অধ্যক্ষৰ কাৰ্যভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।১০১১১২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫৯ চনৰ ১০ নৱেম্বৰত ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনেৰ খাদকী ছাউনীত অজয় বংগাৰ জন্ম হৈছিল।১৩১৪১৫ চেইনি শিখ পৰিয়ালত জন্মগ্ৰহণ কৰা বংগাৰ পিতৃ হৰভজন সিং বংগা এজন অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল আছিল আৰু তেওঁ ভাৰতীয় সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছিল।১৬ তেওঁৰ পৰিয়াল মূলতঃ পঞ্জাৱৰ জলন্ধাৰৰ মূল নিৱাসী আছিল। অজয় বংগা ব্যৱসায়ী এম এছ বাংগাৰ কনিষ্ঠ ভাতৃ।১৭
বংগাই শ্বিমলাৰ ছেইণ্ট এডৱাৰ্ড স্কুলত১৮ আৰু হায়দৰাবাদত অৱস্থিত হায়দৰাবাদ পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত আহমেদাবাদৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ পৰা ব্যৱস্থাপনাৰ স্নাতকোত্তৰৰ সমতুল্য ডিগ্ৰী মেনেজমেণ্টত পিজিপি লাভ কৰে।৬১৯২০
২০০৭ চনত তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে।২১
কৰ্মজীৱন
১৯৮১ চনত নেচলেৰ সৈতে পৰিচালনা প্ৰশিক্ষাৰ্থী হিচাপে ব্যৱসায়িক কেৰিয়াৰ আৰম্ভ কৰা২২ বাংগাই পৰৱৰ্তী ১৩ বছৰ বিক্ৰী, বিপণন আৰু সাধাৰণ পৰিচালনাৰ ক্ষেত্ৰত কাম কৰে। পিছলৈ তেওঁ পেপচিকোত যোগদান কৰে আৰু অৰ্থনীতি উদাৰ হোৱাৰ লগে লগে ভাৰতত পিজ্জা হাট আৰু কেএফচিকে ধৰি ইয়াৰ আন্তঃৰাষ্ট্ৰীয় ফাষ্ট ফুড ফ্ৰেঞ্চাইজি১৬ আৰম্ভ কৰাত জড়িত হয়।২৩
ৰ সৈতে অজয় বংগা]]
চিটিগ্ৰুপ, ১৯৯৬–২০০৯
১৯৯৬ চনত বাংগাই চিটিগ্ৰুপত যোগদান কৰে। ইয়াত তেওঁ প্ৰশিক্ষণৰ অংশ হিচাপে কিছু সময়ৰ বাবে ঋণ সংগ্ৰাহক হিচাপে কাম কৰে।২২ ২০০০ চনৰ পৰা ২০০২ চনলৈকে তেওঁ চিটিফাইনেন্সিয়েল আৰু ইউ এছ কনজিউমাৰ এচেটছ ডিভিজনৰ নেতৃত্ব দিছিল।২৪ ২০০৫ চনৰ পৰা ২০০৮ চনলৈকে তেওঁ চিটিৰ আন্তঃৰাষ্ট্ৰীয় গ্ল'বেল কনজিউমাৰ গ্ৰুপৰ মুখ্য কাৰ্যবাহী আছিল। এই গ্ৰুপ উত্তৰ আমেৰিকাৰ বাহিৰৰ সকলো ক্ৰেডিট কাৰ্ড আৰু কনজিউমাৰ বেংকিং কাৰ্য্যকলাপৰ লগত জড়িত।২৪ সেই সময়ছোৱাত তেওঁ সমগ্ৰ বিশ্বৰ ক্ষুদ্ৰ বিত্তীয় খণ্ডত চিটিৰ কৌশলৰ নেতৃত্ব দিছিল।৬
২০০৮ চনত বাংগাই চিটি বেংকৰ এছিয়া-পেচিফিক ব্যৱসায়ৰ মুখ্য কাৰ্যবাহীৰ দায়িত্ব লাভ কৰে আৰু নিউয়ৰ্ক আৰু হংকঙৰ মাজত সময় বিভাজন কৰে।২৫ এই ক্ষমতাত তেওঁ ২০০৮ চনত চিটিগ্ৰুপৰ এছিয়ান কাৰ্য্যকলাপৰ এক বৃহৎ পুনৰ্গঠনৰ নেতৃত্ব দিছিল। ইয়াৰ ফলস্বৰূপে আঞ্চলিক মুৰব্বীসকলক বেংকৰ প্ৰডাক্ট লাইনত বৃদ্ধি পোৱা কৰ্তৃত্ব প্ৰদান কৰিছিল।২৬ ২০০৮ চনত বাংগাই চিটিগ্ৰুপৰ পৰা প্ৰায় এক কোটি ডলাৰ ক্ষতিপূৰণ লাভ কৰে। ইয়াৰ ফলত তেওঁ সেই বছৰত প্ৰতিষ্ঠানটোৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা কাৰ্যবাহী হিচাপে পৰিগণিত হয়।২৬
মাষ্টাৰকাৰ্ড, ২০১০–২০২১
২০১০ চনৰ এপ্ৰিল মাহত মাষ্টাৰকাৰ্ডে ঘোষণা কৰে যে ইয়াৰ পূৰ্বে ইয়াৰ মুখ্য পৰিচালন বিষয়া (COO) বাংগা ২০১০ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সমিতিৰ সদস্য হ'ব।১৯ ১৯৯৭ চনৰ মাৰ্চ মাহৰ পৰা চিইঅ' হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰবাৰ্ট ডব্লিউ চেলেণ্ডাৰৰ পিছত বাংগাই কাৰ্যনিৰ্বাহ আৰম্ভ কৰে।২২ প্ৰথম বছৰত তেওঁ ১৩.৫ মিলিয়ন ডলাৰ ক্ষতিপূৰণ লাভ কৰে।৬
তেওঁৰ কাৰ্যকালত বাংগাই মাষ্টাৰকাৰ্ডৰ ৰাজহ তিনিগুণ বৃদ্ধি কৰে, নিকা আয় ছয়গুণ বৃদ্ধি কৰে আৰু বজাৰ মূলধন ৩০ বিলিয়ন ডলাৰৰ তলৰ পৰা ৩০০ বিলিয়ন ডলাৰতকৈ অধিকলৈ বৃদ্ধি কৰে।১৬ ২০২০ চনত তেওঁ প্ৰাইচলেছ প্লেনেট ক'লিচন২৭ গঠন কৰাৰ কথা ঘোষণা কৰে। ই হৈছে প্ৰায় ১০০টা প্ৰতিষ্ঠানৰ এটা গোট যিয়ে পৰিৱেশ সংৰক্ষণৰ বাবে কৰ্পৰেট বিনিয়োগ কৰে আৰু মাষ্টাৰকাৰ্ডৰ ১০ কোটি গছ ৰোপণৰ প্ৰতিশ্ৰুতি আৰম্ভ কৰে।১৬
পৰৱৰ্তী কাৰ্য
২০২০ চনত পল পলমেনৰ পিছত বাংগা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চেম্বাৰ (আইচিচি)ৰ অধ্যক্ষ নিৰ্বাচিত হয়। ইয়াৰ পূৰ্বে তেওঁ ২০১৮ চনৰ জুন মাহৰ পৰা আইচিচিৰ প্ৰথম উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২৮ ২০২২ চনৰ ১ জানুৱাৰীত বাংগাই জেনেৰেল আটলাণ্টিকত উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে।৪
ৰাজহুৱা খণ্ড
২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাই বাংগাক ৰাষ্ট্ৰপতিৰ বাণিজ্য নীতি আৰু আলোচনাৰ পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ নিযুক্তি দিয়ে।২৯
২০২০ চনৰ নিৰ্বাচনৰ পিছৰে পৰা বাংগাই মধ্য আমেৰিকাৰ পাৰ্টনাৰশ্বিপৰ অধ্যক্ষ হিচাপে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ বাহিৰৰ উপদেষ্টা হিচাপে কাম কৰি আহিছে। তেওঁ এল ছালভাডৰ, গুৱেটামালা আৰু হণ্ডুৰাছত প্ৰশাসনৰ কামৰ বিষয়ে পৰামৰ্শ দিয়া ব্যৱসায়িক নেতাৰ এটা দলৰ নেতৃত্ব দিছে।৩০
২০২৩ চনৰ ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি জ' বাইডেনে বিশ্ব বেংকৰ নেতৃত্ব দিবলৈ বাংগাক মনোনীত কৰে। ২০২৩ চনৰ ৩ মে'ত বিশ্ব বেংকে অজয় বাংগাক চতুৰ্দশ অধ্যক্ষ হিচাপে নিশ্চিত কৰে১০ আৰু ২০২৩ চনৰ ২ জুনত তেওঁৰ কাৰ্যকাল আৰম্ভ কৰে।৩
বঁটা আৰু সন্মান
বাংগাই ২০১৪ চনৰ ২২ মে' তাৰিখে নিউয়ৰ্ক বিশ্ববিদ্যালয় ষ্টাৰন স্কুল অফ বিজনেছৰ স্নাতক সমাৱৰ্তনত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল। ইয়াত তেওঁ উদ্ভাৱন আৰু নেতৃত্বক আগুৱাই নিয়াত বৈচিত্ৰ্যৰ গুৰুত্বৰ বিষয়ে বক্তৃতা প্ৰদান কৰে।৩১ ২০১৫ চনৰ ক্লাছ অৱ মেনেজমেণ্টৰ সময়ত তেওঁ নিজৰ মাতৃশিক্ষানুষ্ঠান ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদৰ বাবেও মুখ্য বক্তা আছিল।৩২৩৩ বংগা বিভিন্ন বিত্তীয় প্ৰযুক্তি সন্মিলন আৰু বিভিন্ন নেতৃত্ব সন্মিলনত নিয়মীয়াকৈ বক্তা হিচাপে যোগদান কৰি আহিছে। জিম ক্ৰেমাৰে আয়োজন কৰা মেড মানি শ্ব' ২০১৪ চনৰ ৬ নৱেম্বৰ তাৰিখে প্ৰচাৰিত হোৱা এটা এপিছডত তেওঁক দেখা গৈছিল।৩৪
ভাৰত চৰকাৰে ২০১৬ চনত অজয় বাংগাক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৩৫
জড়িত অনুষ্ঠান-প্ৰতিষ্ঠান
কৰ্পৰেট ব’ৰ্ড
- এক্স'ৰ, পৰিচালনা সমিতিৰ সদস্য (২০২১ চনৰ পৰা)৩৬১৬
- টেমাচেক হোল্ডিংছ, পৰিচালনা সমিতিৰ সদস্য (২০২১ চনৰ পৰা)৩৭১৬
- বিয়ণ্ডনেটজিৰো, পৰামৰ্শদাতা ব'ৰ্ডৰ সদস্য (২০২১ চনৰ পৰা)৩৮৩৯
- ডাউ কেমিকেল কোম্পানী, পৰিচালনা সমিতিৰ সদস্য (২০১৩–২০২১)৪০
অলাভজনক সংস্থা
- মধ্য আমেৰিকাৰ বাবে অংশীদাৰিত্ব (PCA), অধ্যক্ষ (২০২২ চনৰ পৰা)৭
- আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিষদ (আইচিচি), অধ্যক্ষ (২০২০ চনৰ পৰা)৪১
- আমেৰিকান ৰেড ক্ৰছ (ARC), গভৰ্ণৰ ব'ৰ্ডৰ সদস্য (২০১৪ চনৰ পৰা)
- ইকনমিক ক্লাব অৱ নিউয়ৰ্ক, ব'ৰ্ডৰ ভাইচ চেয়াৰ৪২
- পিটাৰছন ইনষ্টিটিউট ফৰ ইণ্টাৰনেশ্যনেল ইকনমিক্স, পৰিচালনা সমিতিৰ সদস্য৪৩
- ত্ৰিপাক্ষিক আয়োগ, সদস্য
আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যন, পৰিচালনা সমিতিৰ সহ-অধ্যক্ষ (২০১৬–২০১৯)৪৪
- নিউয়ৰ্ক হল অৱ চাইন্স, ব’ৰ্ড অৱ ট্ৰাষ্টীৰ ভাইচ চেয়াৰ
- নেচনেল আৰ্বান লীগ, ব’ৰ্ডৰ সদস্য
তথ্যসূত্ৰ
- ↑ Ajay Banga. Mastercard Incorporated
- ↑ MasterCard CEO discusses diversity, technology, unpredictable world and personal incidents
- ↑ Rappeport, Alan. (2023-06-02). Ajay Banga Era Begins at the World Bank. The New York Times
- ↑ (2021-12-01). Ajay Banga Joins General Atlantic as Vice Chairman. www.businesswire.com
- ↑ Reshmanth. (April 6, 2015). These CEOs of Indian Origin will make you feel proud. South Report
- ↑ About Mastercard - Smart & Secure Payment Solutions. www.mastercard.com
- ↑ Partnership for Central America - Ajay Banga. Partnership for Central America
- ↑ (23 February 2023). President Biden Announces U.S. Nomination of Ajay Banga to Lead World Bank. The White House
- ↑ (23 June 2020). ICC elects Mastercard CEO Ajay Banga as new Chair. International Chamber of Commerce
- ↑ Shalal, Andrea; Lawder, David. (May 3, 2023). World Bank board elects US nominee Ajay Banga as president. Reuters
- ↑ Rappeport, Alan; Davenport, Coral. (February 23, 2023). U.S. Nominates Ajay Banga to Lead World Bank. The New York Times
- ↑ House, The White. (February 23, 2023). President Biden Announces U.S. Nomination of Ajay Banga to Lead World Bank. The White House
- ↑ Ajay Banga, CEO of Master Card International - यदुवंशी सैनी राजपूतों का इतिहास. www.sainionline.com
- ↑ Parker, Garrett. (2019-03-01). 10 Things You Didn't Know about Mastercard CEO Ajaypal Singh Banga. Money Inc
- ↑ Maharashtra-Born Ajay Banga To Take Over As President Of World Bank on June 2. News18 India
- ↑ Aime Williams, Camilla Hodgson and Anjli Raval (25 February 2023), Ajay Banga, World Bank nominee must swap finance for climate Financial Times
- ↑ Karmali, Naazneen. India's Banga Brothers. Forbes
- ↑ World Bank prez nominee studied at St Edward's: The Tribune India
- ↑ Bloomberg - Executive Profile. www.bloomberg.com
- ↑ MasterCard Names Ajay Banga President and Chief Executive Officer Succeeding Robert W. Selander
- ↑ Biden nominates ex-Mastercard CEO Ajay Banga to lead World Bank Devex
- ↑ Suzanne Kapner (13 September 2010), Master who plays his cards right Financial Times
- ↑ Ajaypal Banga. Forbes
- ↑ Greg Farrell (20 June 2009), Banga leaves Citi for MasterCard Financial Times
- ↑ Andrew Martin and Eric Dash (12 April 2010), Naming a New Chief, MasterCard Signals It Is Open to Changes New York Times
- ↑ Maria Aspan (12 April 2010), MasterCard names ex-Citi exec Banga as CEO Reuters
- ↑ Alan Rappeport and Coral Davenport (23 February 2023), U.S. Nominates Ajay Banga to Lead World Bank New York Times
- ↑ (2020-06-23). ICC elects Mastercard CEO Ajay Banga as new Chair. ICC - International Chamber of Commerce
- ↑ (5 February 2015). President Obama Announces More Key Administration Posts. whitehouse.gov
- ↑ Andrew Duehren and Andrew Restuccia (23 February 2023), Biden to Nominate Former Mastercard Executive Ajay Banga to Lead World Bank Wall Street Journal
- ↑ Press Release - Ajay Banga, President & CEO of MasterCard, to Keynote 2014 Graduate Convocation - NYU Stern. www.stern.nyu.edu
- ↑ (8 April 2015). MasterCard CEO Ajay Banga's six lessons on leadership—as told to the IIM-A class of 2015 — Quartz. qz.com
- ↑ Ajay Banga. A Leader Listens. Penguin Random House India
- ↑ Allen, Karma. (6 November 2014). Cramer, MasterCard CEO talk radical banking moves. CNBC
- ↑ Padma Awards 2016
- ↑ Exor appoints Ajay Banga as Chairman Exor, press release of 24 May 2022
- ↑ Ajay Banga and Jenny Lee to join Temasek Board Temasek Holdings, press release of 30 September 2021
- ↑ Advisory Board BeyondNetZero
- ↑ Karsh, Melissa. (July 16, 2021). General Atlantic Targets $4 Billion for New Climate Strategy. Bloomberg Law
- ↑ Dow Board of Directors nominates Debra L. Dial and Luis A. Moreno to the Board Dow Chemical Company, press of 11 February 2020
- ↑ ICC elects Mastercard CEO Ajay Banga as new Chair International Chamber of Commerce (ICC), press release of 23 June 2020
- ↑ Trustees & Officers Economic Club of New York
- ↑ Board of Directors Peterson Institute for International Economics
- ↑ AIF Announces Appointment of MasterCard CEO Ajay Banga as Co-Chair American India Foundation, press release of 26 January 2016
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজয় বংগা” প্ৰবন্ধৰ সংশোধন ৬০৩০৮২ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।