অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰিশ-চন্দ্ৰ

হৰিশ-চন্দ্ৰ (Harish-Chandra; ১১ অক্টোবৰ, ১৯২৩ – ১৬ অক্টোবৰ, ১৯৮৩) এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

হৰিশ-চন্দ্ৰ (Harish-Chandra; ১১ অক্টোবৰ, ১৯২৩ – ১৬ অক্টোবৰ, ১৯৮৩) এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ। তেতিয়াৰে পৰা তেওঁ নামটো সেইধৰণে লিখিবলৈ লয়।১তেওঁ প্ৰতিনিধিত্ব তত্ত্ব (representation theory), বিশেষকৈ অৰ্ধসৰল লী সংঘ(semisimple Lie group)ৰ সমঞ্জস বিশ্লেষণ (harmonic analysis)ৰ ওপৰত কাম কৰিছে।২

জন্ম পৰিচয়

১৯২৩ চনৰ ১১ অক্টোবৰত হৰিশ-চন্দ্ৰৰ কানপুৰত জন্ম হয়।৩১তেওঁৰ দেউতাক চন্দ্ৰকিশোৰ আছিল জলসিঞ্চন বিভাগৰ এজন অভিযন্তা। মাতৃৰ নাম চন্দ্ৰাননী। বিয়াৰ আগতে মাকৰ নাম আছিল সত্যগতি শেঠ। দেউতাক চন্দ্ৰকিশোৰ আছিল মহাত্মা গান্ধীৰ অনুগত সেৱক আৰু জাতি-ভেদ প্ৰথাৰ বিৰোধী। সেয়ে তেওঁ পৰিয়ালৰ উপাধিটো লেখিবলৈ বাদ দিয়ে আৰু সতি সন্ততিকো লেখিবলৈ নিদিয়ে। কৰ্তব্যৰ তাগিদাত চন্দ্ৰকিশোৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰিব লগা হোৱা বাবে পত্নী আৰু ল'ৰা-ছোৱালীক কানপুৰৰ শহুৰেকৰ ঘৰত ৰাখে।১

শিক্ষা জীৱন

হৰিশ-চন্দ্ৰৰ মাতামহ ৰামসনেথি শেঠ আছিল এজন আঢ্যৱন্ত উকীল। হৰিশ-চন্দ্ৰৰ বাবে তেওঁ ঘৰুৱা শিক্ষক ৰাখি দিয়ে আৰু সংগীতৰ শিক্ষক, নৃত্যৰ শিক্ষকো নিযুক্ত কৰি দিয়ে। ককাকেই ন বছৰ বয়সত হৰিশ-চন্দ্ৰক ক্ৰাইষ্ট ছাৰ্ছ হাইস্কুলত নাম লগাই দিয়ে।১তাৰ পৰা ১৪ বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কানপুৰৰ বিশ্বম্ভৰ নাথ সনাতন ধৰ্ম ইণ্টাৰ কলেজ (BNSD Inter College)ত ভৰ্তি হয়। ১৯৪১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ৪ পৰা স্নাতক পৰীক্ষাত আৰু ১৯৪৩ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে পদাৰ্থ বিজ্ঞানী পল এ এম ডিৰাকৰ Principle of Quantum Mechanics পঢ়ি বিস্ময়-বিমুগ্ধ হৈ হৰিশ-চন্দ্ৰই তাত্ত্বিক পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিব বুলি ভাবিছিল।১

গৱেষণা আৰু কৰ্মজীৱন

এলাহাবাদ বিশ্ববিদ্যালয়ত হৰিশ-চন্দ্ৰৰ অন্যতম প্ৰিয় শিক্ষক আছিল পদাৰ্থ বিজ্ঞানী কে শ্ৰীনিবাস কৃৃৃৃৃৃৃৃৃষ্ণন। এইজন পদাৰ্থ বিজ্ঞানীৰ গুৰু আছিল চি ভি ৰামন। কে শ্ৰীনিবাস কৃৃৃৃৃৃৃৃৃষ্ণনৰ নিৰ্দেশানুযায়ী হৰিশ-চন্দ্ৰই বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্সত হোমি জাহাঙ্গীৰ ভাবাক লগ ধৰি ভাৱাৰ লগত তাত্ত্বিক পদাৰ্থ বিজ্ঞানত গৱেষণা আৰম্ভ কৰে।১ বাংগালোৰলৈ গৈ প্ৰথম ছমাহ তেওঁ উদ্ভিদবিজ্ঞানী ড॰ কালেৰ ঘৰত আলহী হিচাপে থাকে। ড॰ কালেৰ সহধৰ্মিণীয়ে হৰিশ-‍‍‍‍‍চন্দ্ৰক বৰ আদৰ-সাদৰ কৰিছিল আৰু ফৰাচী ভাষা শিকাইছিল। উল্লেখযোগ্য যে কালে দম্পতীৰ দুহিতা ললিতাৰ লগতে তেওঁ পিছলৈ বিবাহ-পাশত আবদ্ধ হয়।১

পদাৰ্থ বিজ্ঞানৰ পৰা গণিত শাস্ত্ৰলৈ

বিজ্ঞানী ভাবাৰ লগত হৰিশ-চন্দ্ৰই প্ৰায় দুবছৰ গৱেষণা কৰে আৰু গৱেষণা পত্ৰ প্ৰকাশ কৰে। বিজ্ঞানী ভাৱাৰ গুৰু আছিল পল ডিৰাক। হৰিশ-চন্দ্ৰৰ গৱেষণা পত্ৰৰ বিষয়বস্তু ডিৰাকৰ বিষয় লৈয়ে আছিল আৰু সেই সূত্ৰে তেওঁ ডিৰাকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৪৫ চনত কেমব্ৰিজলৈ গৈ হৰিশ-চন্দ্ৰই ডিৰাকৰ অধীনত৪ তাত্ত্বিক পদাৰ্থ বিজ্ঞানত গৱেষণা আৰম্ভ কৰে।১ প্ৰথমে তেওঁ ডিৰাকৰ শ্ৰেণীসমূহত উপস্থিত আছিল। এদিন দেখিলে যে ডিৰাকে তেওঁৰ কিতাপ এখনৰ পৰাই পঢ়ুৱায়। তেতিয়া তেওঁ ক্লাছ কৰিবলৈ বাদ দি এটা "টাৰ্ম"ত এবাৰ লগ কৰা হ'ল। ১৯৪৭ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰে। সেই সময়ত তেওঁ গণিতজ্ঞ লিটল্উড আৰু হ'লৰ বক্তৃতাসমূহ শুনিছিল। পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ ৱল্ফগেঙ্গ ইৰাষ্ট পলিৰ বক্তৃতাসমূহো তেওঁ শুনিছিল আৰু পলিৰ এটা খুঁতো ধৰা পেলাইছিল।১

১৯৪৭-৪৮ চনত হৰিশ-চন্দ্ৰক সহযোগী হিচাপে লৈ পল ডিৰাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটনৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিলৈ যায়। তাত হৰিশ-চন্দ্ৰই তাত তিনিজন কুশাগ্ৰবুদ্ধিৰ গণিতজ্ঞৰ সান্নিধ্যলৈ অহাৰ সুবিধা পায়- হাৰমান ওয়েল (১৮৮৫-১৯৫৫), এমিল আৰ্তিন (১৮৯৮-১৯৬২) আৰু ক্লড ছেভিলি (১৯০৯-১৯৮৪)। এওঁলোকক লগ পাই হৰিশ-চন্দ্ৰই পদাৰ্থ বিজ্ঞানৰ চাহ এৰা দিয়ে। এই সন্দৰ্ভত তেওঁ লিখিছে,

"... I did not have the mysterious sixth sense which one needs in order to succeed in physics and I soon decided to move over to mathematics."

নিৰ্ধাৰিত সময়ৰ অন্তত ডিৰাক কেমব্ৰিজলৈ উভতি গ'লেও হৰিশ-চন্দ্ৰ প্ৰিন্সটনতে থাকি যায়। এবছৰৰ পিছত তেওঁ হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু ১৯৫০ চনৰ পৰা ১৯৬৩ চনলৈ কলম্বিয়া বিশ্ববিদ্যালয়ত থাকে।১ কলম্বিয়া বিশ্ববিদ্যালয়ত থকা কালছোৱাৰ মাজতে তেওঁ মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কাম কৰে। সেই সময়তে তেওঁ বিয়াও পাতে। ১৯৬৩ চনত তেওঁ প্ৰিন্সটনৰ ইনষ্টিটিউট অৱ এডভান্সত নিগাজিকৈ থানিকা পাতে।১

হৰিশ-চন্দ্ৰই Lie Group আৰু Lie Algebra ত অৱদান আগবঢ়াই গৈছে।

গৱেষণা পত্ৰ

মৃত্যু

১৯৮৩ চনৰ ১৬ অক্টোবৰত হৰিশ-চন্দ্ৰৰ পৰলোকপ্ৰাপ্তি ঘটে।১ সেইদিনা গণিতজ্ঞ আৰমাণ্ড ব'ৰেলৰ ষাঠিতম জন্মদিৱস উপলক্ষে হোৱা এটা অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল।

বঁটা সন্মান

হৰিশ-চন্দ্ৰ কেইবাটাও অনুষ্ঠানৰ সভ্য আছিল। সেইসমূহ হ'ল ৰয়েল ছ'চাইটি৫, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল একাডেমী অৱ ছায়েন্স, ইণ্ডিয়ান একাডেমী অৱ ছায়েন্স আৰু ইণ্ডিয়ান নেচনেল ছায়েন্স একাডেমী।১ কানপুৰৰ ভি.এছ.এছ.ডি. মহাবিদ্যালয়ৰ গণিত বিভাগে প্ৰতি বছৰে তেওঁৰ জন্মদিনটো বিভিন্ন ধৰণে পালন কৰি আহিছে। তাৰ ভিতৰত বিভিন্ন মহাবিদ্যালয়, প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু অধ্যাপকৰ বক্তৃতানুষ্ঠান আৰু হৰিশ-চন্দ্ৰ গৱেষণা প্ৰতিষ্ঠানলৈ শিক্ষাৰ্থীৰ ভ্ৰমণ আদি কাৰ্যসূচী অন্তৰ্ভুক্ত।

  1. ১৯৮১ চনত য়েল বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এক সন্মানীয় ডিগ্ৰী অৰ্জন কৰে।
  2. ১৯৫৪ চনত আমেৰিকান মেথেমেটিকেল ছ'চাইটিয়ে তেওঁক ক'ল প্ৰাইজেৰে সন্মানিত কৰে।
  3. ১৯৭৪ চনত ইণ্ডিয়ান নেচনেল ছায়েন্স একাডেমীয়ে তেওঁক ৰামানুজন পদকেৰে সন্মান যাচে।
  4. ১৯৭৭ চনত তেওঁ পদ্মভূষণ বঁটা লাভ কৰে।৬
  5. এলাহাবাদত তেওঁৰ নামতে, তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু গণিতত উচৰ্গিত হৰিশ-চন্দ্ৰ গৱেষণা প্ৰতিষ্ঠান(Harish-Chandra Research Institute) প্ৰতিষ্ঠিত।

ৰবাৰ্ট লেঙ্গলেনে হৰিশ-চন্দ্ৰৰ জীৱনীমূলক প্ৰবন্ধ এটাত লিখিছে:

"He was considered for the Fields Medal in 1958, but a forceful member of the selection committee in whose eyes Thom was a Bourbakist was determined not to have two. So Harish-Chandra, whom he also placed on the Bourbaki camp, was set aside."

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ ড॰ দিলীপ শৰ্মা. (২০১৮). গণিতজ্ঞ হৰিশ-চন্দ্ৰ. বাৰ-ওঠৰ. পৃ. ৪১, ৪২
  2. ↑ Varadarajan, V. S. (1984). Harish-Chandra (1923–1983). The Mathematical Intelligencer. পৃ. 9–13
  3. ↑ www.hri.res.in/about/harish-chandra/
  4. ↑ www-history.mcs.st-andrews.ac.uk/Biographies/Har
  5. ↑ Langlands, Robert P. (1985). Harish-Chandra. 11 October 1923 – 16 October 1983. Biographical Memoirs of Fellows of the Royal Society. পৃ. 198–225
  6. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় মূলৰ আমেৰিকানগণিতজ্ঞপদাৰ্থ বিজ্ঞানীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিশ-চন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৮৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।