ভাৰতীয় মঞ্চ অভিনেত্ৰী
৪২ প্ৰবন্ধ
-
কংগনা ৰাণাৱত
কংগনা অমৰদ্বীপ ৰানাৱত (Kangna Amardeep Ranaut; জন্ম: ২৩ মাৰ্চ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে।
-
কিৰণ খেৰ
কিৰণ অনুপম খেৰ (Kirron Kher জন্ম: ১৪ জুন ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা; মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী; টেলিভিচন ব্যক্তিত্ব; গায়িকা; বিনোদক; প্ৰযোজক আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ২০১৪-ৰ মে’ত তেওঁ চণ্ডীগড় সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল।
-
দীনা পাঠক
দীনা পাঠক ( Dina Pathak; জন্ম: গান্ধী, ৪ মাৰ্চ ১৯২২ – ১১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী তথা গুজৰাটী থিয়েটাৰৰ এগৰাকী পৰিচালক আছিল। তেওঁ নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান উইমেনৰ (NFIW) কৰ্মী আৰু সভানেত্ৰীও আছিল।
-
বীণা বাৰুৱতী
বীণা বাৰুৱতী (Bina Baruwati) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী। দূৰদৰ্শন ধাৰাবাহিক আৰু মঞ্চত অভিনয় কৰাৰ উপৰিও তেওঁ আকাশবাণীৰ নাট্ বিভাগৰ এগৰাকী শিল্পী। পদুম বৰুৱা পৰিচালিত গঙা চিলনীৰ পাখি ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ বাসন্তীৰ ভূমিকাত অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।
-
জোহৰা ছেহগল
জোহৰা ছেহগল (Zohra Mumtaz Sehgal; জন্ম: চাহিবজাদী জোহৰা মুমতাজুল্লা খান বেগম; ২৭ এপ্ৰিল ১৯১২ – ১০ জুলাই ২০১৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক আছিল। সমসাময়িক নৃত্য দলৰ সদস্য হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰি ১৯৪০ চনৰ পৰা অভিনয়লৈ পৰিৱৰ্তিত হয়।
-
তৃপ্তি মিত্ৰ
তৃপ্তি মিত্ৰ (Tripti Mitra; জন্ম:ভাদুৰী, ২৫ অক্টোবৰ ১৯২৫ – ২৪ মে' ১৯৮৯) বঙালী থিয়েটাৰ আৰু চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় ভাৰতীয় অভিনেত্ৰী আৰু বিখ্যাত থিয়েটাৰ পৰিচালক শম্ভু মিত্ৰৰ পত্নী, যাৰ সৈতে তেওঁ ১৯৪৮ চনত অগ্ৰণী নাট্যগোষ্ঠী বহুৰুপী প্ৰতিষ্ঠা কৰে।
-
সাবিত্ৰী চট্টোপাধ্যায়
সাবিত্ৰী চট্টোপাধ্যায় ( Sabitri Chatterjee; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৩৭) এগৰাকী অভিনেত্ৰী, যাক বঙালী চলচ্চিত্ৰ আৰু পশ্চিমবঙ্গৰ মঞ্চত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ৬০ বছৰ জুৰি অভিনয়ৰ সৈতে জড়িত আছে। তেওঁ দুবাৰ ‘বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা’ পাইছে।
-
মলিনা দেৱী
মলিনা দেৱী (Molina Devi; ১৯১৭- ১৩ আগষ্ট ১৯৭৭) থিয়েটাৰ আৰু চলচ্চিত্ৰৰ এগৰাকী বঙালী অভিনেত্ৰী আছিল। অভিনেত্ৰী হিচাপে তেওঁ বহু ধৰণৰ চৰিত্ৰত অভিনয় কৰিছিল, পিছলৈ সঘনাই মাতৃস্থানীয় চৰিত্ৰত অভিনয় কৰিছিল।
-
উমাশশী
উমাশশী (Umasashi; ১৯১৫-২০০০) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ ১৯২৯-ৰ পৰা ১৯৫১ চনলৈ বিভিন্ন ভূমিকাত অভিনয় কৰিছিল। কুন্দনলাল চাইগল, পাহাড়ী সান্যাল আৰু পৃথ্বীৰাজ কাপুৰ আদিৰ সৈতে তেওঁৰ যুটি সেই সময়ত যথেষ্ঠ জনপ্ৰিয় আছিল।
-
নাদিৰা বব্বৰ
নাদিৰা বব্বৰ ( Nadira Babbar; জন্ম ২০ জানুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰৰ অভিনেত্ৰী আৰু পৰিচালক। ২০০১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা পাইছে। ভাৰতীয় থিয়েটাৰৰ তেওঁ এটা প্ৰতিষ্ঠিত নাম, যি মুম্বাই ভিত্তিক একজুটে নামৰ হিন্দী থিয়েটাৰ দল এটাৰ সৈতে জড়িত।
-
বিনোদিনী দাসী
বিনোদিনী দাসী ( Binodini Dasi, ১৮৬৩-১৯৪১) এগৰাকী কলকাতাৰ বঙালীভাষী প্ৰখ্যাত মঞ্চ অভিনেত্ৰী আছিল, যাক নটী বিনোদিনী বুলিও জনা যায়। ১৯১৩ চনত প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনী ‘আমাৰ কথা’ত উল্লেখ কৰা মতে ১২ বছৰ বয়সতে তেওঁ অভিনয় আৰম্ভ কৰিছিল আৰু ২৩ বছৰ বয়সত অভিনয় জীৱনৰ সামৰণি মাৰিছিল।
-
মুখতাৰ বেগম
মুখতাৰ বেগম (Mukhtar Begum; ১২ জুলাই ১৯০১- ২৫ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী আছিল। ছবি আৰু ৰেডিঅ'ত গীত গাই তেওঁ সংগীতৰ ৰাণী নামেৰে পৰিচিতি পাইছিল।
-
শুভা খোটে
শুভা বালসাৱৰ (Shubha Balsavar Khote; জন্ম: খোটে, ৩০ আগষ্ট ১৯৩৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। কেইবাখনো হিন্দী আৰু কিছু সংখ্যক মাৰাঠী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ সাঁতোৰ আৰু চাইক্লিঙৰ প্ৰাক্তন মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন।
-
সুদীপ্তা চক্ৰৱৰ্তী
সুদীপ্তা চক্ৰৱৰ্তী ( Sudiptaa Chakraborty ) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে বেছিভাগ বাংলা চলচ্চিত্ৰত কাম কৰে। বাড়ীৱালী ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
সুলভা দেশপাণ্ডে
সুলভা দেশপাণ্ডে ( Sulabha Deshpande; ১৯৩৭ – ৪ জুন ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। মুম্বাইৰ মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও ৭৩খনতকৈও অধিক মূলসুঁতিৰ বলীউডৰ ছবিত অভিনয় কৰিছে।
-
সোহিনী সেনগুপ্ত
সোহিনী সেনগুপ্ত ( Sohini Sengupta ) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী। সোহিনী অভিনেতা ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু স্বাতীলেখা সেনগুপ্তৰ কন্যা, যি থিয়েটাৰত সক্ৰিয় আছিল। সোহিনী বাংলা নাট্যগোষ্ঠী নান্দীকাৰৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী আছিল।
-
স্বাতীলেখা সেনগুপ্ত
স্বাতীলেখা সেনগুপ্ত ( Swatilekha Sengupta; জন্ম: চেটাৰ্জী; ২২ মে' ১৯৫০ – ১৬ জুন ২০২১) এগৰাকী বাংলা অভিনেত্ৰী। অভিনেত্ৰী হিচাপে ভাৰতীয় নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। বৃক্কৰ ৰোগত সৃষ্টি হোৱা জটিলতাৰ ফলত ২০২১ চনৰ ১৬ জুনত সেনগুপ্তৰ মৃত্যু হয়।
-
সৰিতা যোশী
সৰিতা যোশী ( Sarita Joshi; জন্ম: ১৭ অক্টোবৰ, ১৯৪১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী। গুজৰাটী আৰু মাৰাঠী থিয়েটাৰৰ এগৰাকী আগশাৰীৰ আৰু গুৰুত্বপূ্ৰ্ণ অভিনেত্ৰী বুলি তেওঁক উল্লেখ কৰা হয়। ১৯৭০ দশকত স্বামী প্ৰবীণ যোশীৰ সৈতে কৰা গুজৰাটী নাটকৰ বাবে তেওঁ পৰিচিত।
-
ৰোহিনী হট্টংগড়ী
ৰোহিনী হট্টংগড়ী (Rohini Hattangadi; জন্ম: ওৱাক; ১১ এপ্ৰিল ১৯৫৫) এগৰাকী হিন্দী, তেলেগু, মাৰাঠী, তামিল, কানাড়া, আৰু গুজৰাটী চলচ্চিত্ৰৰ, দূৰদৰ্শন ধাৰাবাহিক আৰু নাট্যমঞ্চৰ অভিনেত্ৰী। তেওঁ দুটা ফিল্মফেয়াৰ আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
অশ্বিনী ভাৱে
অশ্বিনী ভাৱে (Ashwini Bhave; জন্ম: ৭ মেʼ ১৯৬৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ মাৰাঠী, হিন্দী, আৰু কন্নড় চলচ্চিত্ৰৰ লগতে হিন্দী টেলিভিছনত তেওঁৰ কামৰ বাবে পৰিচিত।
-
উত্তৰা বাওকৰ
উত্তৰা বাওকৰ (Uttara Baokar; ৫ আগষ্ট ১৯৪৪ – ১২ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ, আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো উল্লেখযোগ্য নাটকত অভিনয় কৰিছিল।
-
উষা গাংগুলী
উষা গাংগুলী (Usha Ganguli; ১৯৪৫ – ২৩ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় নাট পৰিচালক, অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ ১৯৭০ আৰু ১৯৮০ দশকত কলকাতাৰ হিন্দী থিয়েটাৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত।
-
কে পি এ চি ললিতা
মহেশ্বৰী আম্মা (K. P. A. C. Lalitha; ১৯৪৭ চনৰ ১০ মাৰ্চ – ২০২২ চনৰ ২২ ফেব্ৰুৱাৰী) গৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী, যিয়ে মূলতঃ মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ সৈত্ জড়িত। তেওঁক কে পি এ চি ললিতা মঞ্চনামৰে অধিক জনা যায়।
-
চুনীবালা দেৱী
চুনীবালা দেৱী (Chunibala Devi; ১৮৭৫-১৯৫৫) এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁক বিশেষকৈ সত্যজিৎ ৰায়ৰ পথেৰ পাঁচালী ছবিখনত অপুৰ বিধবা পেহীয়েক ইন্দিৰ ঠাকুৰনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। এই চৰিত্ৰটোত অভিনয় কৰাৰ সময়ত তেওঁৰ বসয় আছিল ৮০ বছৰ।
-
তাৰা সুন্দৰী
তাৰা সুন্দৰী (Tara Sundari; ১৮৭৮-১৯ এপ্ৰিল ১৯৪৮) এগৰাকী বঙালী থিয়েটাৰৰ অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পী। তাৰাসুন্দৰী আৰু অপৰেশ চন্দ্ৰ বঙালী নাট্য মঞ্চৰ এক অন্যতম সফল যুটি আছিল।
-
পি কন্নাম্ব
পছুপুলেটি কন্নাম্ব ( Pasupulēţi Kannāṃba; ৫ অক্টোবৰ ১৯১১ – ৭ মে’ ১৯৬৮) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু তেলেগু ছবিৰ প্ৰযোজক। ১৯৩০ দশকৰ পৰা ১৯৬০ দশকলৈ তেওঁ ১৭০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু তেলেগু আৰু তামিল ভাষাত প্ৰায় ২৫ খন ছবি নিৰ্মাণ কৰিছিল।
-
পুনম ধিল্লোঁ
পুনম ধিল্লোঁ (Poonam Dhillon; জন্ম: ১৮ এপ্ৰিল ১৯৬২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ ১৯৭৮ চনৰ এগৰাকী প্ৰাক্তন ইভছ উইকলি মিছ ইয়ং ইণ্ডিয়া। ১৯৭৯ চনৰ ছবি নুৰীৰ বাবে বেছিকৈ পৰিচিত।
-
ভানুমতী দেৱী
ভানুমতী দেৱী (Bhanumati Devi; ১৫ মে' ১৯৩৪ – ৪ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আছিল। ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰিছিল। ১৯৩৪ চনৰ ১৫ মে'ত ব্ৰিটিছ বাৰ্মাত তেওঁৰ জন্ম হয়।[3][4] দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৰিয়ালৰ সৈতে ভাৰতৰ ওড়িশাৰ পুৰীলৈ স্থানান্তৰ হয়।
-
ভাৰতী আচৰেকৰ
ভাৰতী আচৰেকৰ ( Bharati Achrekar; ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী মাৰাঠী আৰু হিন্দী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও দূৰদৰ্শন ধাৰাবাহিক ‘ৱাগলে কি দুনিয়াৰ মিচেছ ৱাগলে’ চৰিত্ৰটোত ৰূপায়ণ কৰি প্ৰখ্যাত হৈছিল।
-
সাবিত্ৰী হৈস্নাম্
সাবিত্ৰী হৈস্নাম্ (Sabitri Heisnam, জন্ম: ৫ জানুৱাৰী ১৯৪৬) বা হৈস্নাম্ সাবিত্ৰী এগৰাকী ভাৰতীয় মঞ্চ অভিনেত্ৰী আৰু মণিপুৰী থিয়েটাৰৰ অন্যতম উল্লেখযোগ্য থিয়েটাৰ ব্যক্তিত্ব। তেওঁ মধুশ্ৰী দত্তৰ দ্বাৰা পৰিচালিত সমালোচনামূলকভাৱে প্ৰশংসিত চুটি ছবি 'স্ক্ৰিবেলছ অন আক্কা'ত অভিনয় কৰিছিল।