অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিৰণ খেৰ

কিৰণ অনুপম খেৰ (Kirron Kher জন্ম: ১৪ জুন ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা; মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী; টেলিভিচন ব্যক্তিত্ব; গায়িকা; বিনোদক; প্ৰযোজক আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ২০১৪-ৰ মে’ত তেওঁ চণ্ডীগড় সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৪৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কিৰণ অনুপম খেৰ (Kirron Kher জন্ম: ১৪ জুন ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা; মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী; টেলিভিচন ব্যক্তিত্ব; গায়িকা; বিনোদক; প্ৰযোজক আৰু ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। ২০১৪-ৰ মে’ত তেওঁ চণ্ডীগড় সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল।১

প্ৰাৰম্ভিক জীৱন

১৪ জুন ১৯৫২-ত কিৰণ ঠাকাৰ সিং সন্ধুৰ মহীশুৰ ষ্টেটৰ বাংগালোৰত এটা পাঞ্জাবী জাট শিখ পৰিয়ালত জন্ম হৈছিল। তেওঁ চণ্ডীগড়ত ডাঙৰ-দীঘল হৈছিল।২ গৌতম বেৰীৰ সৈতে প্ৰথম বিবাহ হোৱাৰ পিছত তেওঁক কিৰণ বেৰী বুলি জনা গৈছিল। পিছত অনুপম খেৰৰ সৈতে দ্বিতীয় বিবাহ হোৱাৰ পিছত তেওঁ কিৰণ ঠাকাৰ সিং খেৰ নামেৰে পৰিচিত হয়। কিন্তু নিউমাৰ’ল’জীত তেওঁৰ গভীৰ আস্থা আছিল আৰু সেয়ে ২০০৩ চনত নিজৰ নামটো ইংৰাজীত Kirron Kherলৈ৩ পৰিবৰ্তন কৰি লয়।৪

তেওঁৰ এজন ভায়েক আৰু দুজনী ভনীয়েক আছে। ভায়েক শিল্পী অমৰদীপ সিং সন্ধু ২০০৩ চনত ঢুকায়। এজনী ভনীয়েক কাঁৱাল ঠাকাৰ কৌৰ বেডমিণ্টন খেলুৱৈ আৰু অৰ্জুন বঁটা প্ৰাপক। আনজনী ভনীয়েক চৰণজিত কৌৰ সন্ধু ভাৰতীয় নৌসেনা বিষয়া এজনৰ পত্নী। কিৰণে প্ৰথম মধ্যপ্ৰদেশৰ জব্বলপুৰত স্কুললৈ যায় আৰু স্কুলীয়া শিক্ষাৰ সামৰণি মাৰে চণ্ডীগড়ত। থিয়েটাৰ বিষয়ত তেওঁ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ স্নাতক।৫

ব্যক্তিগত জীৱন

কিৰণে ১৯৭৯-ৰ মাৰ্চত মুম্বাইৰ এজন ব্যৱসায়ী গৌতম বেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। যুগ্মজীৱনৰ সাক্ষী স্বৰূপে এটা পুত্ৰ সন্তানৰ জন্ম হয়; তেওঁৰ নাম ছিকন্দৰ খেৰ।৬ আশীৰ দশকত মুম্বাই চলচ্চিত্ৰ উদ্যোগত প্ৰতিষ্ঠিত হ’বলৈ কিৰণে প্ৰচেষ্টা চলায় যদিও সফল নহয়। প্ৰযোজকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে আৰু তেনেকুৱা সময়তে তেওঁৰ সম্পৰ্ক হয় চণ্ডীগড় বিশ্ববিদ্যালয়তে সামান্য চিনা-জনা থকা অনুপম খেৰৰ সৈতে। অনুপম খেৰেও সেই সময়ত প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম চলাই আছিল। ১৯৮৫ চনত দুয়ো চান্দপুৰী কী চম্পাবাই নামৰ এখন নাটকত একেলগে অভিনয় কৰে। অনুপম খেৰে সাৰাংশ নামৰ চলচ্চিত্ৰখনত সফলতা পোৱাৰ পিছত কিৰণৰ প্ৰথম স্বামীৰ সৈতে বিবাহ-বিচ্ছেদ হয়।৭

কৰ্মজীৱন

১৯৮৩ চনত কিৰণে পাঞ্জাবী চলচ্চিত্ৰখন আছৰা প্যাৰ দা প্ৰথম চলচ্চিত্ৰত অভিনয় কৰে। ১৯৯৬ চনলৈ তেওঁ মাত্ৰ পেষ্টনজী (১৯৮৭) নামৰ এখন ছবিতহে অভিনয় কৰে; য’ত তেওঁ দ্বিতীয় স্বামী অনুপম খেৰৰ সৈতে এটা সৰু চৰিত্ৰত ভূমুকি মাৰিছিল।৮ ১৯৯০ দশকৰ মাজভাগত তেওঁ জাভেদ চিদ্দিকি ৰচিত আৰু ফিৰোজ আব্বাচ খান পৰিচালিত চালগিৰা নামৰ মঞ্চনাটখনৰ যোগেদি অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ পিছতে তেওঁ জি-টিভিৰ কম সময়ৰ বাবে সম্প্ৰচাৰ হোৱা পুৰুষক্ষেত্ৰৰে আৰম্ভ কৰি তিনিটা টেলিভিচন শ্বো হোষ্ট কৰে।৯

শ্যাম বেনেগালৰ চৰ্দাৰী বেগম (১৯৯৬) ছবিখনেৰে তেওঁ চলচ্চিত্ৰলৈ উভতি আহে। এই ছবিখন কৰা অভিনয়ৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ জুৰী বঁটা লাভ কৰে।তাৰপিছতে তেওঁ অভিনয় কৰে ঋতুপৰ্ণ ঘোষৰ বঙালী ছবি বাৰীৱালীত (১৯৯৯); যিখন ছবিয়ে সমালোচকৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয়। যেতিয়া তেওঁ এই ছবিখনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা পায়, বঙালী অভিনেত্ৰী ৰীতা কৈৰালে দাবী কৰে যে কিৰণৰ চৰিত্ৰটো তেওঁহে ডাব কৰিছিল। গতিকে তেৱোঁ বঁটাটোৰ সমান দাবীদাৰ। ২০০২ চনত কিৰণে দেৱদাসত ভূমুকি মাৰে আৰু শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।১০

সামাজিক-ৰাজনৈতিক কাৰ্যকলাপ

কিৰণ খেৰ কন্যাভ্ৰুণ হত্যাৰ বিৰুদ্ধে প্ৰচাৰাভিযান চলোৱা লাডলী আৰু কৰ্কট ৰোগ সম্পৰ্কে সচেতনা বৃদ্ধিৰ প্ৰয়াস চলোৱা ৰোকো কেনচাৰ নামৰ সামজিক সংগঠনৰ সৈতে জড়িত।১১ ২০০৯ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। ২০১৪ আৰু ২০১৯-ৰ লোকসভা নিৰ্বাচনত তেওঁ চণ্ডীগড় সমষ্টিৰ পৰা জয়ী হয়।১২

তথ্যসূত্ৰ

  1. ↑ Election results: BJP's Kirron Kher wins from Chandigarh, Naveen Jindal finishes third - Times of India ►. The Times of India
  2. ↑ Members: Lok Sabha
  3. ↑ Always there, from tiny steps to big leaps Indian Express, 12 May 2002
  4. ↑ (3 April 2014). Shifting roles, yet 'keeping it real'. Hindustan Times
  5. ↑ Anupam Kher visits dept of theatre, remembers old days - Times of India. The Times of India
  6. ↑ Second Time Lucky In Love: A Beautiful Love Story Of Anupam Kher And Kirron Kher. BollywoodShaadis
  7. ↑ Once more, with feeling. desimatch.com
  8. ↑ The Making of Neoliberal India: Nationalism, Gender, and the Paradoxes of Globalization, by Rupal Oza, Published by CRC Press, 2006. . Page 63
  9. ↑ 56th Locarno International Film Festival in Switzerland The Tribune, 18 August 2003
  10. ↑ Members: Lok Sabha
  11. ↑ (10 October 2007). Kirron Kher prefers social work to politics. DNA
  12. ↑ (16 May 2014). Kirron Kher wins Chandigarh. The Indian Express

সম্পৰ্কিত শ্ৰেণী

শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীভাৰতীয় অভিনেত্ৰীভাৰতীয় মঞ্চ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰীপাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণ খেৰ” প্ৰবন্ধৰ সংশোধন ৩৮০৪৬৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।