দীনা পাঠক ( Dina Pathak; জন্ম: গান্ধী, ৪ মাৰ্চ ১৯২২ – ১১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী তথা গুজৰাটী থিয়েটাৰৰ এগৰাকী পৰিচালক আছিল। তেওঁ নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান উইমেনৰ (NFIW) কৰ্মী আৰু সভানেত্ৰীও আছিল।১২
হিন্দী আৰু গুজৰাটী ছবিৰ লগতে থিয়েটাৰৰ এগৰাকী শীৰ্ষস্থানীয় নমস্য ব্যক্তি দীনা পাঠকে ছয় দশকৰো অধিক সময়ৰ কৰ্মজীৱনত ১২০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। পাঠকে প্ৰযোজনা কৰা ভৱাই লোকনাট্য শৈলীৰ নাট মেইনা গুৰজাৰী বহু বছৰ ধৰি সফলতাৰে চলিছিল।৩৪
হিন্দী চলচ্চিত্ৰ গোলমাল আৰু খুবছুৰতত স্মৰণীয় চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ পৰিচিত লাভ কৰিছিল। ভাৰতৰ কলাত্মক চলচ্চিত্ৰৰ তেওঁ এক প্ৰিয় নাম আছিল, য'ত তেওঁ কোশিছ, উমৰাও জান, মিৰ্ছ মছলা আৰু মোহন যোশী হাজিৰ হোৰ দৰে ছবিত শক্তিশালী চৰিত্ৰত অভিনয় কৰিছিল।৫
তেওঁৰ উল্লেখযোগ্য গুজৰাটী ছবিসমূহ হ’ল- মতি বা, মালেলা জীৱ আৰু ভৱানী ভৱাই। আনহাতে তেওঁৰ সুপৰিচিত নাটকসমূহৰ ভিতৰত আছে দিংলেগাৰ, ড’লছ হাউচ, বিজন শেনী আৰু সত্যদেৱ ডুবে পৰিচালিত, গিৰীশ কৰ্ণাড ৰচিত হায়াৱদনা।
প্ৰাৰম্ভিক জীৱন
১৯২২ চনৰ ৪ মাৰ্চত গুজৰাটৰ আমৰেলীত জন্মগ্ৰহণ কৰা দীনা পাঠকে ফেশ্বন আৰু ছবিৰ প্ৰতি আকৰ্ষিত হৈছিল। কিশোৰী অৱস্থাতে নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰিবলৈ লয় আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে।৩৬ বম্বে বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ এখনত পঢ়ি স্নাতক ডিগ্ৰী লয়। ৰসিকলাল পাৰেখে তেওঁক অভিনয়ৰ প্ৰশিক্ষণ দিয়াৰ বিপৰীতে শান্তি বৰ্ধনে তেওঁক নৃত্য শিকাইছিল।৬
কম বয়সতে ইণ্ডিয়ান নেচনেল থিয়েটাৰত অভিনেত্ৰী হিচাপে যোগদান কৰে। প্ৰাক-স্বাধীন সময়ছোৱাত গুজৰাটৰ লোকনাট্য ভৱাইৰ জৰিয়তে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ব্যপক সজাগতা সৃষ্টিৰ কৰিছিল, যাৰবাবে এগৰাকী সক্ৰিয় ছা্ত্ৰকৰ্মী হিচাপে পৰিচিতি লাভ কৰিছিল। এনেকৈয়ে তেওঁৰ বায়েক শান্তা গান্ধী আৰু ভনীয়েক তৰলা মেহতাৰ সৈতে ভাৰতীয় গণনাট্য সংঘৰ (IPTA)ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন হয়।৭ মুম্বাইত থকাৰ সময়ত কৈলাশ পাণ্ডিয়া আৰু দামিনী মেহতাৰ দৰে গুজৰাটী অভিনয় শিল্পীৰ সহযোগত গুজৰাটী থিয়েটাৰ পুনৰুজ্জীৱিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।৮
কৰ্মজীৱন
১৯৪০ চনত গুজৰাটত তেওঁ নাটকেৰে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। ভৱাই শৈলীৰ তেওঁৰ জনপ্ৰিয় নাট মেইনা গুৰজাৰী, লগতে বায়েক শান্তা গান্ধীৰ জছমা ওধান চাবলৈ দৰ্শকে শাৰী পাতিছিল।৪ ১৯৫৭ চনত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত তেতিয়াৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ সন্মুখত মেইনা গুৰজাৰী নাটক পৰিবেশন কৰি এতিয়ালৈকে এই কৃতিত্ব অৰ্জন কৰা প্ৰথম আৰু একমাত্ৰ গুজৰাটী নাটক হিচাপে পৰিগণিত হয়।৯
যদিও তেওঁ গুজৰাটী ছবি কৰিয়াৱাৰৰ (১৯৪৮) জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল, তথাপিও মাত্ৰ এখন ছবিত অভিনয় কৰি তেওঁ পুনৰ থিয়েটাৰলৈ উভতি গৈছিল। ভাৰতীয় গণনাট্য সংঘ (ITPA) আৰু শান্তি বৰ্ধনৰ বেলে ট্ৰুপৰ নাটকত তেওঁ ভৰা প্ৰেক্ষাগৃহত তেওঁৰ অভিনয় চলি থাকিল।১০ পিছলৈ তেওঁ আহমেদাবাদত নাটমণ্ডল নামৰ নিজাকৈ নাট্যগোষ্ঠী গঠন কৰে।১১আজিও তেওঁক গণনাট্য সংঘৰ এগৰাকী দৃঢ় অভিনেত্ৰী আৰু নাট্য কৰ্মী হিচাপে স্মৰণ কৰা হয়।১২
মনোনয়ন
- ১৯৭৭ – শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন: মাচুম ছবিৰ বাবে।
- ১৯৮০ – শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন: গোলমাল ছবিৰ বাবে।
- ১৯৮১ – শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন: খুবচুৰত ছবিৰ বাবে।
বঁটা
- ১৯৮০: সংগীত নাটক একাডেমী বঁটা (গুজৰাটী নাটকলৈ আগবঢ়োৱা অৱদানৰ বাবে)।
- ২০০২: ২৩তম গিনী এৱাৰ্ড (দীপা মেহতাৰ বলীউড হলিউডত অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা)।১৩
প্ৰসংগ
- Brandon, James R.; Martin Banham. (1997). The Cambridge guide to Asian theatre. Cambridge University Press. ISBN 978-0-521-58822-5
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Need to make women aware: Dina Pathak The Tribune, 3 February 2000
- ↑ Women panels 'toothless' The Tribune, 1 May 1999
- ↑ Brandon, p. 83
- ↑ (11 June 2006). From Gujarat with grace. The Tribune
- ↑ Veteran actress Dina Pathak passes away দ্য টাইম্ছ অৱ ইণ্ডিয়া, 11 October 2002
- ↑ Baradi, Hasmukh. (2004). The Oxford Companion to Indian Theatre. Oxford University Press. ISBN 0195644468
- ↑ "The Grand Dame of Indian Cinema" The Tribune, 11 April 1999
- ↑ "Veteran actress Dina Pathak passes away" Indian Express, 12 October 2002
- ↑ (27 March 2013). Reliving the past of Gujarati Rangbhoomi. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Remembering Dina Pathak
- ↑ Shaili Sathyu
- ↑ IPTA
- ↑ Bollywood Hollywood gets 5 Genie nominations, The Times of India, 3 January 2003
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীনা পাঠক” প্ৰবন্ধৰ সংশোধন ৪০১৮৩৬ (১০ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।