
বিনোদিনী দাসী ( Binodini Dasi, ১৮৬৩-১৯৪১) এগৰাকী কলিকতাৰ বঙালীভাষী প্ৰখ্যাত মঞ্চ অভিনেত্ৰী আছিল, যাক নটী বিনোদিনী বুলিও জনা যায়।১ ১৯১৩ চনত প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনী ‘আমাৰ কথা’ত উল্লেখ কৰা মতে ১২ বছৰ বয়সতে তেওঁ অভিনয় আৰম্ভ কৰিছিল আৰু ২৩ বছৰ বয়সত অভিনয় জীৱনৰ সামৰণি মাৰিছিল।২
জীৱন পৰিক্ৰমা
দেহপোজীৱিনীৰ পৰিবেশত জন্মগ্ৰহণ কৰা বিনোদিনীয়ে বাঈজী ৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ১২ বছৰ বয়সত ১৮৭৪ চনত কলিকতাৰ নেচনেল থিয়েটাৰত গিৰিশ্চন্দ্ৰ ঘোষৰ নিৰ্দেশনাত প্ৰথম অভিনয় কৰিছিল।৩ ইউৰোপীয় থিয়েটাৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ বঙ্গৰ দৰ্শকৰ মাজত গা কৰি উঠা প্ৰচেনিয়াম (proscenium) শৈলীৰ থিয়েটাৰৰ প্ৰয়োজনীয়তাৰ সৈতে বিনোদিনীৰ সংযোগ ঘটিছিল। বাৰ বছৰীয়া অভিনয় জীৱনত ৮০টাতকৈ অধিক ভাওত অভিনয় কৰিছে; যাৰ ভিতৰত আছে- প্ৰমিলা, সীতা, দ্ৰৌপদী, ৰাধা, আয়েষা, কৈকেয়ী, মতিবিবি, কপালকুণ্ডলা আদি চৰিত্ৰ। ভাৰতীয় উপ-মহাদেশৰ তেৱেঁ আছিল প্ৰথম মঞ্চ অভিনেত্ৰী, যিয়ে নিজৰ আত্মজীৱনী লিখিছে। তেওঁ কিয় হঠাতে মঞ্চ পৰিত্যাগ কৰিলে, তাৰ কোনো ব্যাখ্যা পোৱা নাযায়। ১৮৮৪ত বঙ্গৰ মহান সন্ত ৰামকৃষ্ণ পৰমহংসই তেওঁৰ নাট্যাভিনয় উপভোগ কৰিব আহিছিল।৪
নেচনেল থিয়েটাৰত তেওঁ মাহে ১০টকা দৰমহাত কাম কৰিছিল। বঙ্গত ১৮৭৩ চনত বেঙ্গল থিয়েটাৰে প্ৰথম মহিলা শিল্পীৰে অভিনয় আৰম্ভ কৰে। ইয়াৰ এবছৰ পিছতে বিনোদিনীয়ে নাটমঞ্চত প্ৰবেশ কৰে। নৃত্য-গীতত পাৰদৰ্শী বিনোদিনীয়ে খুব কম সময়ত অভিনয়তো পাৰদৰ্শী হৈ উঠে আৰু প্ৰথম শ্ৰেণীৰ অভিনেত্ৰী ৰূপে খ্যাত হয়।৫
নেচনেল থিয়েটাৰৰ মালিক আছিল এজন অবঙালী ব্যসায়ী প্ৰতাপচান্দ জহুৰী, যিয়ে থিয়েটাৰকো ব্যৱসায় হিচাপেই চাইছিল। মালিকৰ সৈতে গিৰিশ্চন্দ্ৰৰ সংঘাত হোৱাত তেওঁ নেচনেল থিয়েটাৰ এৰি আহে আৰু নতুন থিয়েটাৰ কোম্পানী এটা গঠন কৰাৰ মনস্থিৰ কৰে। কিন্তু থিয়েটাৰ গঢ়ি তোলাৰ বাবে যি পা-পইচাৰ প্ৰয়োজন, সেয়া গিৰিশ ঘোষৰ নাছিল। তেতিয়া এজন ২০-২১ বছৰীয়া ব্যৱসায়ী গুৰ্মুখ ৰায়ে অৰ্থ-সাহায্য প্ৰদান কৰে। বিনিময়ত বিনোদিনী গুৰ্মুখ ৰায়ৰ ৰক্ষিতা হবলগীয়া হয়। তেওঁৰ ইচ্ছা আছিল তেওঁৰ নামেৰে এখন থিয়েটাৰ খোলাৰ। কিন্তু বিনোদিনীৰ ত্যাগ স্বীকাৰৰ মাজেৰে যি থিয়েটাৰ স্থাপন হ’ল- তাৰ নাম কিন্তু ৰখা হ’ল ষ্টাৰ থিয়েটাৰ। তাৰ দুবছৰ পিছত ১৮৮৬ত তেওঁ অভিনয় জগত চিৰদিনৰ বাবে এৰি দিয়ে।৫
জনপ্ৰিয় সংস্কৃতিত
দিনেন গুপ্তৰ বঙালী চলচ্চিত্ৰ ‘নটী বিনোদিনী’ত (১৯৯৪) দেৱশ্ৰী ৰয়ে বিনোদিনীৰ চৰিত্ৰটোত অভিনয় কৰিছিল।৬৭
তেওঁৰ আত্মজীৱনী ‘আমাৰ কথা’ৰ ভিত্তিত প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ৰেপাৰেটৰী কোম্পানীয়ে ১৯৯৫ চনত নটী বিনোদিনী শীৰ্ষক নাট মঞ্চস্থ কৰে, য’ত মূল ভূমিকাত আছিল সীমা বিশ্বাস। পিছত ২০০৬ চনত প্ৰখ্যাত নাট পৰিচালক অমল আল্লানাই একে নামৰ নাটক এখন পৰিচালনা কৰে। নাটকখনৰ প্ৰিমিয়াৰ হয় দিল্লীত।৮৯১০
বঙালী টেলিভিচন শ্বো প্ৰথমা কাদম্বিনীত দীয়া মুখাৰ্জীয়ে নটী বিনোদিনীৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে।১১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Murshid, Ghulam. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ (11 March 2010). Women on stage still suffer bias: Amal Allana (Interview). Sify News
- ↑ Bringing alive Binodini Dasi The Tribune (Chandigarh), Sunday, 18 November 2007
- ↑ Christopher Pinney. (2004). Photos of the Gods. Reaktion Books. পৃ. 42. ISBN 1-86189-184-9
- ↑ দৰ্শন চৌধুৰী. বাংলা থিয়েটাৰেৰ ইতিহাস. পুস্তক বিপনী কলকাতা
- ↑ Nati Binodini (1994). youtube.com
- ↑ Pradeep Sarkar to helm a biopic on Bengali theatre doyen Notee Binodini. The Times of India
- ↑ Romesh Chander. (8 December 2006). Autobiography comes alive: "Nati Binodini", based on Binodini's autobiography "Aamar Kathaa". The Hindu
- ↑ (8 February 2008). STAGE CRAFT. India Today
- ↑ (24 November 2006). Lights, sets, action.: Nissar and Amal Allana's "Nati Binodini" premieres this weekend in Delhi.. The Hindu
- ↑ (25 November 2020). Diya Mukherjee joins the cast of 'Prothoma Kadambini'. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনোদিনী দাসী” প্ৰবন্ধৰ সংশোধন ৪৩০৩৫৯ (১ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।