ভাৰতীয় মঞ্চ অভিনেত্ৰী
৪২ প্ৰবন্ধ
-
ৰতি অগ্নিহোত্ৰী
ৰতি অগ্নিহোত্ৰী ( Rati Agnihotri; জন্ম: ১০ ডিচেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ লগতে তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয়ৰ বাবেও পৰিচিত।
-
অৰুন্ধতী নাগ
অৰুন্ধতী নাগ (Arundhati Nag; জন্ম:ৰাও; ১৯৫৫/১৯৫৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২৫ বছৰতকৈও অধিক সময় ভাৰতৰ বহুভাষিক থিয়েটাৰৰ সৈতে জড়িত হৈ আছে, প্ৰথমে মুম্বাইত, য'ত তেওঁ ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েচন (আইপিটিএ)ৰ সৈতে জড়িত হৈছিল আৰু গুজৰাটী, মাৰাঠী, আৰু হিন্দী থিয়েটাৰৰ বিভিন্ন প্ৰডাকচন কৰিছিল।
-
এঞ্জেল গ্লেডি
এঞ্জেল গ্লেডি এগৰাকী ভাৰতীয় সামাজিক কৰ্মী, শিক্ষাবিদ আৰু নাট্য শিল্পী। তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল তামিলনাডুত। তেওঁ বিশেষকৈ LGBTQ+ সমাজৰ অধিকাৰৰ বাবে কৰা কাম আৰু নাট্যকলাৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।
-
এষা দে
এষা ৱাডনেকাৰ (Esha Wadnerkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মূলতঃ মাৰাঠী থিয়েটাৰ, চলচ্চিত্ৰ, ৱেব ধাৰাবাহিক, আৰু টিভি ধাৰাবাহিকত কাম কৰে। পেছাগতভাৱে তেওঁ এষা দে নামেৰে পৰিচিত। তেওঁ মাৰাঠী টেলিভিছন শ্ব’ মহাৰাষ্ট্ৰচী হাস্যযত্ৰৰ বাবে তেওঁ পৰিচিত।
-
এষ্টাৰ লিছ
এষ্টাৰ লিছ ( Esther Leach; ১৮০৯-১৮৪৩) ঔপনিবেশিক ভাৰতৰ ইংৰাজী মঞ্চৰ অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। তেওঁ ভাৰতৰ নাট্য ইতিহাসৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব।
-
বেগম খুৰ্ছিদ মিৰ্জা
বেগম খুৰ্ছিদ মিৰ্জা ( Begum Khurshid Mirza; ৪ মাৰ্চ ১৯১৮ – ৮ ফেব্ৰুৱাৰী ১৯৮৯), এগৰাকী পাকিস্তানী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ কৰ্মজীৱন ভাৰত বিভাজনৰ পূৰ্বৰ পৰা ১৯৮০ চনলৈকে ব্যপ্ত। তেওঁক পৰ্দাৰ নাম ৰেণুকা দেৱী বুলিও জনা যায়।
-
ভানুমতী ৰাও
ভানুমতী ৰাও (Bhanumati Rao; ৪ ডিচেম্বৰ ১৯২৩ – ১২ ফেব্ৰুৱাৰী ২০২২) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, শিক্ষয়িত্ৰী আৰু মঞ্চ অভিনেত্ৰী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য কথকলি আৰু ভৰতনাট্যমৰ বিশেষজ্ঞ আৰু লগতে মালয়ালম ভাষাৰ থিয়েটাৰৰ মঞ্চ অভিনেত্ৰীও আছিল। পিছলৈ তেওঁ শাস্ত্ৰীয় নৃত্য আৰু সংগীত শিকায়।
-
মেৰী ফেণ্টন
মেৰী ফেণ্টন বা মেহেৰবাই (Mary Fenton; ১৮৫৪-১৮৯৬) এগৰাকী ইউৰোপীয় মূলৰ গুজৰাটী, পাৰ্চী আৰু উৰ্দু থিয়েটাৰৰ অভিনেত্ৰী আছিল। ব্ৰিটিছ সেনা বাহিনীৰ এজন আয়াৰলেণ্ড দেশীয় সেনা মেথিউ ফেণ্টনৰ জীয়ৰী আছিল। তেওঁ পাৰ্চী অভিনেতা, পৰিচালক কাভাছজী পালানজী খাটাউৰ সৈতে তেওঁৰ প্ৰেমবিবাহ হৈছিল।
-
শান্তা দেৱী
দময়ন্তী (Santha Devi; ১৯২৭ – ২০ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় মালয়ালম চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী; যি তেওঁৰ মঞ্চনাম কোজিকোদ শান্তা দেৱী নামেৰে অধিক পৰিচিত। প্ৰায় ষাঠি বছৰীয়া কেৰিয়াৰত তেওঁ ১০০০ তকৈ অধিক নাটক আৰু প্ৰায় ৪৮০ খন ছবিত অভিনয় কৰিছিল।
-
সুলোচনা চৱান
সুলোচনা মহাদেৱ কদম ( Sulochana Mahadev Kadam; ১৩ মাৰ্চ ১৯৩৩ – ১০ ডিচেম্বৰ ২০২২),এগৰাকী ভাৰতীয় গায়িকা। তেওঁ সুলোচনা চৱান নামেৰে জনাজাত কণ্ঠশিল্পী গৰাকী মাৰাঠী “লাৱণী”ৰ বাবে প্ৰখ্যাত।
-
সুস্মিতা মুখাৰ্জী
সুস্মিতা মুখাৰ্জী (ইংৰাজী: Sushmita Mukherjee; জন্ম: ১১ নৱেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ কেৰিয়াৰ হিন্দী চিনেমা, টেলিভিছন আৰু থিয়েটাৰত বিস্তৃত হৈ আছে। টেলিভিছন ধাৰাবাহিক গংগা আৰু গোলমাল: ফান আনলিমিটেড (২০০৬) ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ব্যাপকভাৱে পৰিচিত হৈছিল।
-
ৰাজেশ্বৰী সচদেৱ
ৰাজেশ্বৰী সচদেৱ (; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) শ্যাম বেনেগালৰ ছবি চৰ্দাৰী বেগমত (১৯৯৬) অভিনয় কৰি পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বাবে তেওঁ ১৯৯৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।