জোহৰা ছেহগল (Zohra Mumtaz Sehgal; জন্ম: চাহিবজাদী জোহৰা মুমতাজুল্লা খান বেগম; ২৭ এপ্ৰিল ১৯১২ – ১০ জুলাই ২০১৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক আছিল। সমসাময়িক নৃত্য দলৰ সদস্য হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰি ১৯৪০ চনৰ পৰা অভিনয়লৈ পৰিৱৰ্তিত হয়। ছয় দশকৰো অধিক সময়ৰ কৰ্মজীৱনত ছেহগলে কেইবাখনো ব্ৰিটিছ ছবি, টেলিভিছন শ্ব’ আৰু বলীউডৰ প্ৰডাকচনত অভিনয় কৰিছিল।
ছেহগলৰ উল্লেখযোগ্য ছবিসমূহ হ’ল নীচা নগৰ, অফচৰ (১৯৪৬),ভাজী অন দ্য বিচ্ছ (১৯৯২),দ্য মিষ্টিক মেছ্যুৰ (২০০১),বেণ্ড ইট লাইক বেকহাম (২০০২),দিল ছে (১৯৯৮),ছায়া (২০০৩),বীৰজাৰা (২০০৪)ছাৱৰিয়া আৰু চিনী কম (২০০৭); উল্লেখযোগ্য টিভি ধাৰাবাহিক- দ্য জুৱেল ইন দ্য ক্ৰাউন (১৯৮৪),তণ্ডুৰী নাইটছ (১৯৮৫–৮৭) আৰু আম্মা এণ্ড ফেমিলি (১৯৯৬)।১ ৯০ বছৰ বয়সত ছেহগলে ২০০২ চনত মুক্তিপ্ৰাপ্ত ছবি চলো ইছক্ লড়ায়েত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ভাৰতীয় নাট্য জগতত ‘প্ৰবীন শ্ৰদ্ধেয় নাৰী’ বুলি গণ্য কৰা ছেহগলে ১৪ বছৰ ধৰি ভাৰতীয় গণনাট্য সংঘ (IPTA) আৰু পৃথ্বীৰাজ কাপুৰৰ পৃথ্বী থিয়েটাৰত অভিনয় কৰিছিল।২
১৯৬৩ চনত ছেহগলক উৰ্দু নাট শাখাত সংগীত নাটক একাডেমী বঁটা, ১৯৯৮ চনত কলা শাখাত পদ্মশ্ৰী৩ আৰু ২০০১ চনত কালিদাস সন্মানেৰে সন্মানিত কৰা হয়। ২০০৪ চনত সংগীত নাটক একাডেমীয়ে তেওঁক আজীৱন সাফল্যৰ বাবে সৰ্বোচ্চ বঁটা, সংগীত নাটক একাডেমী ফেল'শ্বিপ প্ৰদান কৰে। . ২০১০ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটা লাভ কৰে।৪ ২০১৪ চনৰ ১০ জুলাইত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নতুন দিল্লীৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।৫
প্ৰাৰম্ভিক জীৱন
১৯১২ চনৰ ২৭ এপ্ৰিলত ব্ৰিটিছ ৰাজৰ সংযুক্ত প্ৰদেশৰ চাহাৰানপুৰত মুমতাজুল্লাহ খান আৰু নাটিকুৱা বেগমৰ ঘৰত জোহৰাই জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জন্মৰ নাম আছিল জোহৰা বেগম মুমতাজুল্লাহ খান। বৰ্তমানৰ উত্তৰাখণ্ডৰ অন্তৰ্গত চক্ৰতা নামৰ ঠাইত এটা মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হোৱা জোহৰা সাতটা সন্তানৰ ভিতৰত তৃতীয় আছিল। আন কেইজনৰ নাম জাকুল্লাহ, হাজৰাহ, ইক্ৰামুল্লা, উজৰা (উজৰা বাট), আমিনা আৰু চাবৰা। ছেহগালে নিজকে এগৰাকী টমবয় বুলি বৰ্ণনা কৰিছে, যিয়ে গছ বগাই আৰু বাহিৰৰ খেল ধেমালী কৰি ভাল পাইছিল। এবছৰ বয়সত গ্ল'ক'মাত আক্ৰান্ত হোৱাৰ বাবে তেওঁ বাওঁ চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল।৬
ব্যক্তিগত জীৱন
পিতৃৰ কিছু অনিচ্ছা সত্ত্বেও ছেহগলে হিন্দুধৰ্মী কামেশ্বৰ ছেহগলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৪২ চনৰ ১৪ আগষ্টত এই বিবাহ অনুষ্ঠিত হয়; জৱাহৰলাল নেহৰুৱে বিয়াৰ অভ্যৰ্থনাত উপস্থিত থকাৰ কথা আছিল যদিও গান্ধীৰ ভাৰত ত্যাগ আন্দোলনক সমৰ্থন কৰাৰ বাবে দুদিনমান আগত নেহৰুক গ্ৰেপ্তাৰ কৰা হৈছিল।৭
ছেহগলৰ দুটা সন্তান আছিল; কিৰণ ছেহগল আৰু পবন ছেহগল। কিৰণ এগৰাকী অডিচি নৃত্যশিল্পী আৰু পৱনে বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে কাম কৰে।৮ কিৰণ ছেহগলে ২০১২ চনত প্ৰকাশ পোৱা মাকৰ জীৱনী জোহৰা ছেহগল: ফেটী লিখিছিল।৯
জনপ্ৰিয় স্বীকৃতি
২০২০ চনৰ ২৯ ছেপ্তেম্বৰত ১৯৪৬ চনৰ একে দিনত কান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি পোৱা নীচা নগৰ ছবিখনৰ বাৰ্ষিকী গুগলে এটা ডুডলৰ যোগে উদযাপন কৰে। ডুডলৰ সৈতে সংলগ্ন লেখাটোত কোৱা হৈছিল যে,
ছেহগলৰ আৰম্ভণিৰ উল্লেখযোগ্য কামৰ ভিতৰত আছিল ১৯৪৬ চনৰ আজিৰ দিনটোত কান চলচ্চিত্ৰ মহোৎসৱত মুক্তি পোৱা নীচা নগৰত অভিনয় কৰা চৰিত্ৰটো। বহুলভাৱে ভাৰতীয় চিনেমাৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট সফলতা বুলি বিবেচিত নীচা নগৰে মহোৎসৱৰ সৰ্বোচ্চ সন্মান: Palme d’Or বঁটা লাভ কৰে।”১০
বাহ্যিক সংযোগ
- Obituary of Zohra Sehgal —A jewel in the crown of Indian Performing Art.
- Zohra Segal Filmography at New York Times
- Zohra Sehgal Performing Art .
- Zohra Sehgal uncut: Of love, acting & Bloody Mary CNN IBN
তথ্যসূত্ৰ
- ↑ Zohra Sehgal Encyclopædia Britannica
- ↑ "Zohra Sehgal: Naughty in her 90s!", The Times of India, 8 March 2009
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (25 January 2010). This Year's Padma Awards announced. Ministry of Home Affairs
- ↑ (10 July 2014). Bollywood's 'Laadli of the century' Zohra Sehgal dies at 102. Hindustan Times
- ↑ Zohra Sehgal: The drama of life The Times of India, 24 August 2003
- ↑ Zohra Sehgal: ninety years young Daily Times, 8 January 2003
- ↑ (10 July 2014). Zohra Sehgal, doyenne of Indian theatre, dies at 102. The Hindu
- ↑ Actress Zohra Sehgal dies at 102 due to Cardiac Arrest. news.biharprabha.com
- ↑ (29 September 2020). Celebrating Zohra Segal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোহৰা ছেহগল” প্ৰবন্ধৰ সংশোধন ৫৯৪৫২২ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।