অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীণা বাৰুৱতী

বীণা বাৰুৱতী (Bina Baruwati) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী। দূৰদৰ্শন ধাৰাবাহিক আৰু মঞ্চত অভিনয় কৰাৰ উপৰিও তেওঁ আকাশবাণীৰ নাট্ বিভাগৰ এগৰাকী শিল্পী। পদুম বৰুৱা পৰিচালিত গঙা চিলনীৰ পাখি ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ বাসন্তীৰ ভূমিকাত অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৩ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

বীণা বাৰুৱতী (Bina Baruwati) এগৰাকী অসমৰ চলচ্চিত্ৰৰ অভিনেত্ৰী। দূৰদৰ্শন ধাৰাবাহিক আৰু মঞ্চত অভিনয় কৰাৰ উপৰিও তেওঁ আকাশবাণীৰ নাট্ বিভাগৰ এগৰাকী শিল্পী। পদুম বৰুৱা পৰিচালিত গঙা চিলনীৰ পাখি ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ বাসন্তীৰ ভূমিকাত অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।১

প্ৰাৰম্ভিক জীৱন

বীণা বাৰুৱতীৰ জন্ম হয় যোৰহাট জিলাৰ টীয়কত। টীয়ক হাইস্কুল আৰু টীয়ক কলেজৰ পৰা তেওঁ স্কুলীয়া আৰু কলেজীয়া শিক্ষা আহৰণ কৰে। মুঠ পাঁচজন ল’ৰা-ছোৱালীৰ ভিতৰত বাৰুৱতী মাক-দেউতাকৰ দ্বিতীয় সন্তান আছিল। দেউতাক বিৰিঞ্চি কুমাৰ বাৰুৱতী এজন বৈষ্ণৱ পণ্ডিত আছিল আৰু তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰৰ আসনত অধিস্থিত হৈছিল। মাক নীৰবালা বাৰুৱতী এগৰাকী সহজ-সৰল গৃহিণী। ঘৰখনত এটা সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল আৰু তাৰ প্ৰভাৱ বাৰুৱতীৰ জীৱনতো পৰিছিল। দেউতাকে বিচাৰিছিল জীয়েকে গীত গাওক। কিন্তু বাৰুৱতীৰ সংগীতত সিমান পাৰদৰ্শিতা নাছিল আৰু তেওঁ আগ্ৰহ অভিনয়ৰ প্ৰতিহে আছিল। টীয়ক কলেজত পঢ়ি থাকোঁতে কলেজ সপ্তাহত একাংকিকা নাটকত অভিনয় কৰি একেৰাহে চাৰিবছৰ তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ পায়।১

চলচ্চিত্ৰত অভিনয়

বাৰুৱতীয়ে টিয়ক কলেজত পঢ়ি থকা অৱস্থাতে পদুম বৰুৱা আৰু লক্ষ্মীনন্দন বৰাই গঙা চিলনীৰ পাখি ছবিখনৰ বাবে কেন্দ্ৰীয় চৰিত্ৰ বাসন্তীৰ বাবে এগৰাকী অভিনেত্ৰীৰ অনুসন্ধান কৰি আছিল। তেনেতে বাৰুৱতীহঁতৰ ঘৰৰ লগত ভাল সম্পৰ্ক থকা, যোৰহাট জিলাৰ চেলেংহাট নামৰ এখন ঠাইৰ ব্যক্তি এজনে বীণা বাৰুৱতীৰ বিষয়ে পদুম বৰুৱাহঁতক জনায়। এদিন পৰিচালকগৰাকী তেওঁলোকৰ ঘৰ ওলাল আৰু দেউতাকৰ সন্মতি আদায় কৰিলে। তথাপি চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে মানুহে বা কি কয়, এনে কথাত বাৰুৱতী দোধোৰ-মোধোৰত পৰাত দেউতাকে কয় যে ‘যদি মানুহৰ কথা তুমি ভাবা, কোনোবাই মোৰ বদনাম গাব, তেতিয়া তুমি কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰা।’ ১৯৭০ চনত গঙা চিলনীৰ পাখিৰ শ্বুটিং আৰম্ভ হয়; কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে ছবিখন ১৯৭৬ চনতহে মুক্তি ভাল ব্যৱসায় কৰিব নোৱাৰা এই ছবিখনক পৰৱৰ্তী সময়ত ক্লাচিক চলচ্চিত্ৰ ৰূপে গণ্য কৰা হৈছিল।পায়।১

গঙা চিলনীৰ পাখি যদিও তেওঁৰ প্ৰথম চলচ্চিত্ৰ, মুক্তিৰ দিশৰ পৰা বিবেচনা কৰিলে তেওঁৰ প্ৰথম চলচ্চিত্ৰ ১৯৭১ চনত মুক্তি পোৱা সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত অৰণ্য, য’ত তেওঁ এগৰাকী সহযোগী অভিনেত্ৰী ৰূপে এজনী নেপালী ছোৱালীৰ ভূমিকাত অভিনয় কৰিছিল। তেওঁ প্ৰায় একুৰি চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ কেইখনমান ছবি হ’ল- বৰুৱাৰ সংসাৰ, নিষিদ্ধ নদী (পৰিচালক- বিদ্যুৎ চক্ৰৱৰ্তী), মৎস্যগন্ধা (পৰিচালক- সঞ্জীৱ হাজৰিকা), সপোন (পৰিচালক- ৰাজেন ৰাজখোৱ) আদি।১২

অন্যান্য মাধ্যমত

বাৰুৱতীয়ে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ নাট্ বিভাগত এগৰাকী অভিনয়-শিল্পী ৰূপে চাকৰিত যোগদান কৰে। প্ৰথমে তেওঁৰ চাকৰিটো অস্থায়ী আছিল যদিও পিছলৈ চাকৰিটো নিয়মীয়া কৰা হয়। ইয়াতে তেওঁ দুলাল ৰয়ৰ পৰিচালনাত বহু কেইখন উচ্চ মানৰ নাটকত অভিনয় কৰে। তেওঁ আকাশবাণী গুৱাহাটীৰ নাট বিভাগৰ এগৰাকী অনুমোদিত শিল্পী আছিল। তাৰোপৰি তেওঁ বহু কেইখন দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছে।৩

পাৰিবাৰিক জীৱন

বীণা বাৰুৱতীৰ বিবাহ হয় মণি মেধিৰ সৈতে। মেধিক বাৰুৱতীয়ে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনতে লগ পাইছিল। ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা ভোটাই ডেকা নামৰ নাটক এখনত পৰিচালক দুলাল ৰয়ে মেধিক কাষ্টিং কৰে, য’ত বাৰুৱতীয়েও অভিনয় কৰিছিল। দম্পতীহালৰ এজনী কন্যা সন্তান আছে, নাম প্ৰজ্ঞা পাৰমিতা।৩

তথ্যসূত্ৰ

  1. ↑ সাক্ষাৎকাৰ লওতা-ইন্দ্ৰজিৎ দাস. সাধক সুন্দৰৰ, খণ্ড-১, বীণা বাৰুৱতীৰ সৈতে সাক্ষাৎকাৰ. আকাশবাণী গুৱাহাটী
  2. ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী
  3. ↑ সাক্ষাৎকাৰ লওতা-ইন্দ্ৰজিৎ দাস. সাধক সুন্দৰৰ, খণ্ড-২, বীণা বাৰুৱতীৰ সৈতে সাক্ষাৎকাৰ. আকাশবাণী গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীঅসমীয়া অভিনেত্ৰীভাৰতীয় মঞ্চ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীণা বাৰুৱতী” প্ৰবন্ধৰ সংশোধন ৩৪৫২৮০ (১১ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।