ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
শ্ৰুতি হাছান
শ্ৰুতি ৰাজলক্ষ্মী হাছান (Shruti Rajalakshmi Haasan, ஸ்ருதி ஹாசன்) (জন্ম ২৮ জানুৱাৰী, ১৯৮৬) দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁৰ পিতৃ-মাতৃ কমল হাছান আৰু সাৰিকা।
-
তবু
তবচ্চুম ফাতিমা হাচমী (Tabassum Fatima Hashmi; জন্ম: ৪ নৱেম্বৰ ১৯৭১) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতৰ জনপ্ৰিয় নাম হৈছে তবু। তেলুগু, তামিল, মালয়ালম, বঙালী আৰু মাৰাঠী ভাষাৰ ছবিতো তবুৱে অভিনয় কৰিছে।
-
সাগৰিকা মুখাৰ্জী
সাগৰিকা মুখাৰ্জী বা সাগৰিকা (Sagarika Mukherjee; জন্ম ৪ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ মুখ্যতঃ হিন্দী, অসমীয়া আৰু বাংলা ভাষাৰ গান গায় কিন্তু তামিল আৰু তেলেগু ভাষাতো গান গায়। তেওঁ গায়ক আৰু সুৰকাৰ মানস মুখাৰ্জী আৰু গীতিকাৰ জাহাৰ মুখাৰ্জীৰ নাতিনীৰ কন্যা।
-
সুৰাইয়া
সুৰাইয়া জামাল শ্বেখ (Suraiya Jamal Sheikh, ১৫ জুন ১৯২৯ – ৩১ জানুৱাৰী ২০০৪) এগৰাকী হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আৰু গায়িকা আছিল, যাৰ জনপ্ৰিয় নাম আছিল সুৰাইয়া। তেওঁ ১৯৩৬ৰ পৰা ১৯৬৩লৈ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল। ১৯৩৬ৰ পৰা ১৯৬৩লৈ তেওঁ ৬৭খন ছবিত অভিনয় কৰিছিল আৰু ৩৩৮টা গীত গাইছিল।
-
সোনাক্ষী সিন্হা
সোণাক্ষী সিন্হা (Sonakshi Sinha), জন্ম: ২ জুন, ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী আৰু গায়িকা। তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। কেৰিয়াৰৰ আৰম্ভণিতে সোণাক্ষীয়ে সাজসজ্জা পৰিকল্পক হিচাপে কাম কৰে।
-
তনুজা
তনুজা সমৰ্থ (Tanuja Samarth, জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৪৩)ৰ জনপ্ৰিয় নাম হৈছে তনুজা। ভাৰতীয় চলচ্চিত্ৰ জগতৰ পৰিচিত ব্যক্তিত্ব তনুজাই সৰ্বাধিক কাম কৰিছে হিন্দী ভাষাৰ ছবিত। তেখেত অভিনেত্ৰী শোভনা সমৰ্থ আৰু ছবি প্ৰযোজক কুমাৰসেন সমৰ্থৰ জীয়েক। আনহাতে তনুজাৰ বিবাহ সম্পন্ন হৈছে ছবি-নিৰ্মাতা শমু মুখাৰ্জীৰ সৈতে।
-
পূজা ভাট
পূজা ভাট (Pooja Bhatt; জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৭২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা। পূজা ভাটে লাভ কৰা বহুকেইটা পুৰস্কাৰৰ ভিতৰত দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও সন্নিৱিষ্ট হৈ আছে। তেখেত চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ জীয়ৰী।
-
ফৰিদা জালাল
ফৰিদা জালাল (Farida Jalal, জন্ম ১৪ মাৰ্চ ১৯৪৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ পঞ্চাছ বছৰৰো অধিক সময় ছবি জগতৰ লগত জড়িত থকা ফৰিদা জালালে হিন্দী, তেলেগু আৰু তামিল ভাষাৰ দুইশতাধিক ছবিত অভিনয় কৰিছে৷ স্বতন্ত্ৰ ছিনেমাকে ধৰি মূলসুঁতিৰ একাধিক ছবিত অভিনয় কৰা ফৰিদা জালালে চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ…
-
শ্ৰদ্ধা কাপুৰ
শ্ৰদ্ধা কাপুৰ (Shraddha Kapoor; জন্ম ৩ মাৰ্চ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী যিয়ে বিশেষকৈ হিন্দী চলচ্চিত্ৰৰ লগত জড়িত। তেওঁ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বেতন প্ৰাপ্ত অভিনেত্ৰীসকলৰ তালিকাত স্থান পাইছে আৰু ফোৰ্বচ এছীয়াত সিহঁতৰ ২০১৬ চনৰ ৩০ আণ্ডাৰ ৩০ তালিকাত স্থান পাইছিল।
-
ৰাখী গুলজাৰ
Rakhee Gulzar ( Rakhee Gulzar; জন্ম ৰাখী মজুমদাৰ ১৫ আগষ্ট ১৯৪৭; অধিক জনাজাত নাম ৰাখী) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বহুতো হিন্দী আৰু বঙালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
ৰেখা (অভিনেত্ৰী)
ভানুৰেখা গণেশন (Bhanurekha Ganesan; জন্ম ১০ অক্টোবৰ ১৯৫৪) ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী বহুমুখী প্ৰতিভা সম্পন্ন আৰু অতি নিপুণ অভিনেত্ৰী, যাৰ জনপ্ৰিয় বৃত্তিগত নাম ৰেখা। তেওঁ ১৮০খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছে আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
পাওলি দাম
পাওলি দাম (Paoli Dam; জন্ম: ৪ অক্টোবৰ ১৯৮০) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী; যিয়ে বঙালী ভাষাৰ টেলিভিছন ধাৰাবাহিক 'জীৱন নিয়ে খেলা' (২০০৩)ৰ জৰিয়তে কেৰিয়াৰৰ আৰম্ভ কৰিছিল। পাওলি দামে কলিকতাত শৈশৱ অতিবাহিত কৰিছে আৰু ৰাজাবজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে।
-
সোণম কাপুৰ
সোণম কাপুৰ (জন্ম: ৯ জুন, ১৯৮৫) হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰি ২০১২ চনৰ পৰা ২০১৬ চনলৈকে আয় আৰু জনপ্ৰিয়তাৰ ভিত্তিত ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকাত স্থান লাভ কৰিছিল।
-
ৰাইমা সেন
ৰাইমা সেন (Raima Sen, জন্ম: ৭ নৱেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁৰ কামৰ বাবে জনাজাত।
-
অনুষ্কা শৰ্মা
অনুষ্কা শৰ্মা (Anushka Sharma; জন্ম: ১ মে' ১৯৮৮) এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু প্ৰযোজক। তেওঁৰ অধিকাংশ ছবিয়েই হিন্দী ভাষাত নিৰ্মিত। ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য আৰু উপাৰ্জনকাৰী তাৰকা হিচাপে সমাদৃত অনুষ্কাই ফিল্মফেয়াৰ, আইফাকে ধৰি বহুকেইটা বঁটা-স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
-
অমৃতা সিং
অমৃতা সিং (Amrita Singh; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ বেটাব আৰু মৰ্দৰ দৰে ছবিত অভিনয় কৰি খ্যাতি আৰু সমাদৰ লাভ কৰা অমৃতা সিং আশীৰ দশকত এগৰাকী আগশাৰীৰ তাৰকালৈ উন্নীত হয়৷ নবৈৰ দশকৰ আৰম্ভণিতে তেখেতে ছবিৰ পৰা বিৰতি লয়৷ প্ৰায় দশকজোৰা বিৰতিৰ পাছত তেখেত ২০০২ চনত পুনৰ…
-
জংকী বৰঠাকুৰ
জংকী বৰঠাকুৰ (১ অক্টোবৰ ১৯৭৫-১২ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী আছিল যিয়ে অসমীয়া আৰু হিন্দী ভাষাত গান গাইছিল। তেওঁ কপিল ঠাকুৰৰ জীয়ৰী আৰু পালমী বৰঠাকুৰৰ ভগ্নী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গ এজন গায়ক আৰু অভিনেতা।
-
জীনত আমান
জীনত খান (Zeenat Khan, জন্ম: ১৯ নৱেম্বৰ ১৯৫১)ৰ জনপ্ৰিয় নাম হৈছে জীনত আমান। তেখেত হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। হিন্দী ছবিজগতত তেখেতে জীৱনৰ পঞ্চাছটা বছৰ অতিবাহিত কৰিছে। দুটা ফিল্মফেয়াৰ আৰু এটা BFJAকে ধৰি একাধিক বঁটা-সন্মান পাবলৈ জিনাত আমান সক্ষম হৈছে।
-
নন্দিতা দাস
নন্দিতা দাস (Nandita Das, জন্ম ৭ নৱেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ দহটা ভিন্ন ভাষাত ৪০ খনতকৈও অধিক ফিচাৰ ফিল্মত অভিনয় কৰিছে।
-
নিৰূপা ৰয়
নিৰূপা ৰয় (জন্ম কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা; Nirupa Roy; નિરુપા રોય; ৪ জানুৱাৰী ১৯৩১- ১৩ অক্টোবৰ ২০০৪) হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল।
-
বেগম আখটাৰ
আখটাৰীবাঈ ফৈজাবাদী জনপ্ৰিয়ভাবে বেগম আখটাৰ (Begum Akhtar, ১০ জানুৱাৰী ১৯১৪ – ৩০ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী। তেওঁক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ গজল, দাদৰা আৰু থুমৰি ধাৰাৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে গণ্য কৰা হয়। তেওঁক 'মল্লিকা-এ-গজল' বুলি অভিহিত কৰা হয়।
-
মালা সিনহা
আলদা সিনহা (Mala Sinha; জন্ম ১১ নবেম্বৰ ১৯৩৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰূপালী পৰ্দাৰ মালা সিনহা নামেৰ তেওঁ অধিক জনাজাত। তেওঁ হিন্দী, বঙালী আৰু নেপালী চলচ্চিত্ৰত কাম কৰিছে। প্ৰথমে তেওঁ আঞ্চলিক ছবিত প্ৰতিষ্ঠিত হোৱাৰ পিছতহে ১৯৫০ৰ দশকৰ শেষৰ ফালে হিন্দী ছবিত অভিনয় কৰিবলৈ লয়।
-
লাৰা দত্ত
লাৰা দত্ত (Lara Dutta; জন্ম: ১৬ এপ্ৰিল ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, উদ্যোগী আৰু মিছ ইউনিভাৰ্ছ ২০০০ প্ৰতিযোগিতাৰ বিজয়ী। তেওঁক আগতে মিছ আন্তঃমহাদেশীয় ১৯৯৭ হিচাপে মুকুট পিন্ধোৱা হৈছিল। তেওঁৰ কেৰিয়াৰত, তেওঁ মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰিছে।
-
সুস্মিতা সেন
সুস্মিতা সেন (জন্ম ১৯ নৱেম্বৰ ১৯৭৫) তেওঁ হিন্দী, তামিল আৰু বাংলা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ লগতে তেওঁ ফিল্মফেয়াৰকে আদি কৰি বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। তেওঁ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাৰ পিছত বিভিন্ন চলচ্চিত্ৰত কাম কৰিবলৈ সুযোগ লাভ কৰিছিল।
-
ৰাধিকা আপ্টে
ৰাধিকা আপ্টে (Radhika Apte; জন্ম ৭ ছেপ্টেম্বৰ ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী। তামিলনাডুৰ ভেলোৰত জন্মলাভ কৰা ৰাধিকা ডাঙৰ-দীঘল হৈছিল পুণেত। চিনেমাজগতত পদাৰ্পণ কৰাৰ পূৰ্বে তেখেতে নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।
-
অৰুণা ইৰানী
অৰুণা ইৰানী (Aruna Irani; জন্ম: ১৮ আগষ্ট ১৯৪৬) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেখেতে পাঁচশতকৈও অধিক ছিনেমাত অভিনয় কৰিছে। হিন্দী, কন্নড়, মাৰাঠী আৰু গুজৰাটী ছবিত সাধাৰণতে তেখেতক দেখা যায়। অৰুণা ইৰানীয়ে প্ৰায়েই সহ-অভিনেত্ৰী আৰু চৰিত্ৰত অৱতীৰ্ণ হয়।
-
আশা পাৰেখ
আশা পাৰেখ (Asha Parekh; জন্ম: ২ অক্টোবৰ ১৯৪২) হৈছে ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী, পৰিচালিকা আৰু প্ৰযোজক। আশা পাৰেখে নিজৰ সুদীৰ্ঘ কেৰিয়াৰত বহুকেইখন সফল আৰু সমাদৃত ছবিত অভিনয় কৰিছে।
-
কিৰণ খেৰ
কিৰণ অনুপম খেৰ (Kirron Kher জন্ম: ১৪ জুন ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা; মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী; টেলিভিচন ব্যক্তিত্ব; গায়িকা; বিনোদক; প্ৰযোজক আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ২০১৪-ৰ মে’ত তেওঁ চণ্ডীগড় সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল।
-
জাহ্নৱী কাপুৰ
জাহ্নৱী কাপুৰ (Janhvi Kapoor; জন্ম: মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ শ্ৰীদেৱী আৰু বনি কাপুৰৰ কন্যা। তেওঁ ২০১৮ চনত ৰোমাণ্টিক চলচ্চিত্ৰ ধড়কৰ জৰিয়তে অভিনয়ৰ সূচনা কৰিছিল, যিখন বাণিজ্যিকভাৱে সফল ছবি আছিল।
-
জুবেইদা
জুবেইদা বেগম ধনৰাজগীৰ (Zubeida Begum Dhanrajgir, ১৯১১-১৯৮৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰথম সবাক ছবি আলম আৰাৰ নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল। দেৱদাস (১৯৩৭), সাগৰ মোভীটোনৰ প্ৰথম সবাক ছবি 'মেৰী জান' তেওঁৰ উল্লেখযোগ্য ছবি।