সুস্মিতা সেন (জন্ম ১৯ নৱেম্বৰ ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ১৯৯৪ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু পিছলৈ ১৮ বছৰ বয়সত মিছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ দখল কৰিছিল। মিছ ইউনিভাৰ্ছ দখল কৰা সুস্মিতা সেন প্ৰথম গৰাকী বঙালী আৰু ভাৰতীয়।১ তেওঁ হিন্দী, তামিল আৰু বাংলা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ লগতে তেওঁ ফিল্মফেয়াৰকে আদি কৰি বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। তেওঁ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাৰ পিছত বিভিন্ন চলচ্চিত্ৰত কাম কৰিবলৈ সুযোগ লাভ কৰিছিল। ১৯৯৬ চনৰ হিন্দী ছবি দস্তকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।
চলচ্চিত্ৰ আৰু মডেলিং জগতৰ বাহিৰে সমাজ সেৱাৰ লগতেও জড়িত হৈ আছে। ইয়াৰ বাবে তেওঁ ২০১৩ চনৰ মাদাৰ টেৰেছা বঁটা লাভ কৰিছিল।২৩ তেওঁ ২০১৬ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত বিচাৰকৰ পদত অধিষ্ঠিত হৈছিল। তেওঁ দুগৰাকী ছোৱালীৰ একক মাতৃ।
প্ৰাৰম্ভিক জীৱন
১৯৭৫ চনৰ ১৯ নৱেম্বৰ তাৰিখে হাইদৰাবাদ চহৰৰ এক বঙালী পৰিয়ালত সুস্মিতা সেনৰ জন্ম হৈছিল।৪১ তেওঁৰ পিতৃ সুবীৰ সেন এগৰাকী ভাৰতীয় বায়ু সেনাৰ উইং কমাণ্ডাৰ আৰু মাতৃ শুভ্ৰ সেন এগৰাকী অলংকাৰ ডিজাইনাৰ। তেওঁৰ এগৰাকী ভণ্টি নীলম আৰু ভাইটি ৰাজীৱ আছে।৫
তেওঁ নতুন দিল্লীৰ এয়াৰ ফৰ্চ গোল্ডেন যুবলি ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল।৬ তাৰপিছত তেওঁ ছেকেন্দ্ৰাবাদৰ চেইণ্ট এনছ হাই স্কুলত নামভৰ্তি কৰিছিল যদিও শিক্ষা সমাপ্ত নকৰিলে।৭৮
সৌন্দৰ্য প্ৰতিযোগিতা
ফেমিনা মিছ ইণ্ডিয়া
১৯৯৪ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ খিতাপ দখল কৰে আৰু ১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছিল।৯
মিছ ইউনিভাৰ্ছ
১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ তৃতীয় স্থান লাভ কৰিছিল। অৱশেষত তেওঁ মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰে। মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয়।১০
পিছলৈ তেওঁৰ প্ৰকল্প আই এম চি-মিছ ইণ্ডিয়া ইউনিভাৰ্ছয়ে টাইমছ গ্ৰুপৰ পৰা ২০১০ চনৰ পৰা ২০১২ চনলৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতৰ প্ৰতিযোগী নিৰ্বাচন কৰিবলৈ অধিকাৰ লাভ কৰিছিল। ২০১৩ চনত ফেমিনায়ে পুনৰাই এই অধিকাৰ ঘূৰাই পায়।১১
মিছ ইউনিভাৰ্ছ ২০১৬
মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাৰ ২৩ বছৰ পিছত ৬৫ তম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত তেওঁ বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল।১২১৩
ব্যক্তিগত জীৱন

সুস্মিতা সেন এগৰাকী একক মাতৃ। তেওঁ ২০০০ চনত এগৰাকী ছোৱালী তুলি লৈছিল। আকৌ ২০১০ চনত আন এগৰাকী ছোৱালী তুলি লয়।১৪১৫১৬
বঁটা আৰু মনোনয়ন
| + | ||||
| চন | বঁটা | শ্ৰেণী | চলচ্চিত্ৰ | ফলাফল |
|---|---|---|---|---|
| ২০০০ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | বিৱি নম্বৰ ১ | |
| শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | চিৰ্ফ তুম | |||
| ষ্টাৰ স্ক্ৰীন বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | বিৱি নম্বৰ ১ | ||
| শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | চিৰ্ফ তুম | |||
| ইণ্ডিয়ান ইণ্টাৰনেছনেল ফিল্ম একাডেমী বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | |||
| শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | বিৱি নম্বৰ ১ | |||
| জি চিনে এৱাৰ্ড | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | |||
| ২০০৩ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | ফিলহাল | |
| ষ্টাৰ স্ক্ৰীন এৱাৰ্ড | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | |||
| ইণ্ডিয়ান ইণ্টাৰনেছনেল ফিল্ম একাডেমী বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | |||
| জি চিনে এৱাৰ্ড | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | |||
| ২০০৪ | ষ্টাৰ স্ক্ৰীন এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী | সময়: হুৱেন টাইম ষ্ট্ৰিইকছ | |
| ২০০৫ | ষ্টাৰডাষ্ট এৱাৰ্ড | ষ্টাৰ অফ দা ইয়াৰ- ফিমেল | মে হু না | |
| ২০০৫ | জি চিনে এৱাৰ্ড | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী | মে হু না | |
| ২০০৬ | ৰাজীৱ গান্ধী বঁটা | বলিউডত কৃতিত্ব | ||
| ২০১৩ | মাদাৰ টেৰেছা বঁটা | সামাজিক ন্যায় | ১৭ | |
| ২০১৬ | ইণ্ডিয়ান এফেয়াৰছ ইণ্ডিয়া লিডাৰশ্বিপ কনক্লেভ | ইটাৰনেল বিউটি এণ্ড এক্টৰেছ অফ দা ডিকেড | ১৮ | |
| ২০১৬ | জিওস্পা এছিয়াস্পা ইণ্ডিয়া এৱাৰ্ড | ৱমেন অফ চাবটেন্স এৱাৰ্ড | ||
| ২০১৭ | লাক্স গোল্ডেন ৰজ এৱাৰ্ড | টাইমলেছ বিউটি বঁটা | ১৯ | |
| ২০১৮ | আই এম ৱমেন এৱাৰ্ড | ৱমেন অফ চাবটেন্স এৱাৰ্ড | ২০ |
তথ্যসূত্ৰ
- ↑ (23 November 2011). Fans wish Zeenat, Sushmita on birthday. Sify.com
- ↑ (8 November 2014). Harmony Foundation to host Mother Teresa awards on Nov 9. DNA India
- ↑ (12 July 2016). aInspiring Youth Icon Sushmita Sen Bags The Prestigious “Eternal Beauty & Actress Of The Decade” At India Leadership Conclave. 2016. Indianaffairs tv
- ↑ (15 March 2018). Interview of Jisshu Sengupta. Anandabazar Patrika
- ↑ Sushmita Sen with Father. Photogallery.indiatimes.com
- ↑ Sen, Sushmita. Biography for Sushmita Sen. IMDB
- ↑ Ganesh S Lakshman. (12 February 2006). MCH bulldozers may force St. Ann's to relocate. Times of India. TNN
- ↑ Sharma, Garima. (6 March 2010). No college degree for Sushmita Sen. Times Of India. TNN
- ↑ (16 July 2003). The Hindu Business Line: Coke-Sushmita Sen deal cancelled. Thehindubusinessline.in
- ↑ (3 July 2012). Miss Universe 1994 - Full results. Critical Beauty
- ↑ (13 July 2011). I'm a born entrepreneur: Sushmita Sen. Hindustan Times
- ↑ (31 January 2017). 23 years after Sushmita Sen won, she was back at Miss Universe pageant. See pics
- ↑ (January 29, 2017). Sen as a judge of 65th Miss Universe. Heavy.com
- ↑ (5 February 2011). Sush consoles Renee. Deccan Chronicle
- ↑ (October 26, 2018). Meet Rohman Shawl - Sushmita Sen's 11th boyfriend, his age, pictures and background. International Business Times
- ↑ (January 25, 2019). Everything You Need To Know About Rohman Shawl, The New Hottie Sushmita Sen Is Dating. msn.com
- ↑ (8 November 2014). Harmony Foundation to host Mother Teresa awards on Nov 9. Daily News and Analysis
- ↑ (20 July 2016). Inspiring Youth icon Sushmita Sen bags the prestigious “Eternal Beauty & Actress of the Decade” at India Leadership Conclave 2016. Indian Affairs
- ↑ www.easterneye.eu/winners-lux-golden-rose-awards
- ↑ Being born as woman a huge award for Former Miss Universe Sushmita Sen
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুস্মিতা সেন” প্ৰবন্ধৰ সংশোধন ৬৪০২৮৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।