ফৰিদা জালাল (Farida Jalal, জন্ম ১৪ মাৰ্চ ১৯৪৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ পঞ্চাছ বছৰৰো অধিক সময় ছবি জগতৰ লগত জড়িত থকা ফৰিদা জালালে হিন্দী ভাষা, তেলুগু ভাষা আৰু তামিল ভাষা ভাষাৰ দুইশতাধিক ছবিত অভিনয় কৰিছে৷ স্বতন্ত্ৰ ছিনেমাকে ধৰি মূলসুঁতিৰ একাধিক ছবিত অভিনয় কৰা ফৰিদা জালালে চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি দুটা বংগ ছবি সাংবাদিক সন্থা বঁটা লাভ কৰিছে৷১
১৯৬৭ চনত টকদিৰ নামৰ ছবিখনৰ জৰিয়তে ফৰিদা জালালে কেৰিয়াৰৰ পাতনি মেলে৷ '৮০ আৰু '৯০ৰ দশকত বহুকেইখন ছবিত তেখেতে শীৰ্ষ আৰু সহ-অভিনেত্ৰী হিচাপে কাম কৰে৷ ১৯৭১ চনৰ ছবি পাৰছ, ১৯৯১ চনৰ ছবি হেনা, ১৯৯৫ চনৰ ছবি দিলৱালে দুলহানীয়া লে জায়েংগে হৈছে ফৰিদা জালালৰ কেইখনমান উল্লেখযোগ্য ছবি৷ এইকেইখন ছবিত অভিনয় কৰি তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ কুৰি শতিকাৰ শেষৰফালে বহুকেইটা মাতৃৰ চৰিত্ৰত সবল অভিনয় কৰি তেখেতে দৰ্শক আৰু সমালোচকৰ মাজত প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ ১৯৯৪ চনত তেখেতে মেম্মো নামৰ ছবিখনত অভিনয় কৰি ফিল্মফেয়াৰৰ পৰা সমালোচকৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা লাভ কৰে৷ ২০১২ চনৰ হাৰলেম আন্তৰ্জাতিক ছবি মহোৎসৱত তেখেতে এ গ্ৰেন প্লেন শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে৷২
কৰ্মজীৱন
১৯৪৯ চনৰ ১৪ মাৰ্চত নতুন দিল্লীত ফৰিদা জালালৰ জন্ম হয়৷৩ ১৯৬০ৰ দশকত ফৰিদা জালালে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷ ১৯৬৫ চনত ফিল্মফেয়াৰৰ উদ্যোগত আয়োজিত হোৱা ইউনাইটেড ফিল্ম প্ৰডিউছাৰছ টেলেণ্ট হাণ্ট প্ৰতিযোগিতাত তেখেতে বিজয় সাব্যস্ত কৰে৷ অভিনেতা ৰাজেশ খান্নাৰ লগত তেখেতে ফাইনেলত প্ৰৱেশ কৰে আৰু দুয়োগৰাকীকে একেখন মঞ্চত বিজয়ী ঘোষণা কৰা হয়৷ দৰ্শকৰ আসনত বহি থকা তাৰাচন্দ বাৰতাজ্যই ফৰিদা জালালক টকদিৰ নামৰ ছবিখনত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিয়ে৷ এইখনেই হৈ পৰে ফৰিদা জালালৰ প্ৰথমখন ছবি৷৪
১৯৯০ৰ দশকত ফৰিদা জালালে ভাৰতৰ বহুকেইখন হিট ছবিত অভিনয় কৰে৷ তাৰে ভিতৰত ৰাজা হিন্দুস্তানী, কুচ কুচ হোতা হ্যেয়, দিল ট' পাগল হ্যেয়, কহো না...প্যাৰ হ্যেয়, কভি খুচি কভি গম আৰু দিলৱালে দুলহানিয়া লে জায়েংগেৰ কথা উল্লেখ কৰিব পাৰি৷ দিলৱালে দুলহানিয়া লে জায়েংগেৰ বাবে তেখেতে ১৯৯৫ চনত ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ আনহাতে মেমো নামৰ ছবিখনতত ফৰিদা জালালে শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ ছবিখনে হিন্দী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ আনহাতে ফৰিদা জালালে ফিল্মফেয়াৰত সমালোচকৰ পৰা শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা লাভ কৰে৷ ফৰিদা জালালে দূৰদৰ্শনতো দেখ ভাই দেখৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰে৷
ব্যক্তিগত জীৱন
কৰ্ণাটকৰ ভাটকালত জন্মলাভ কৰা টাবৰিজ বৰ্মাবীৰৰ লগত ফৰিদা জালালৰ বিবাহ সম্পন্ন হয়৷ ১৯৭৮ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ বিবাহ হয়৷৪ তেওঁলোকৰ য়াছিন নামৰ এটি পুত্ৰ সন্তান আছে৷৫
তথ্যসূত্ৰ
- ↑ Farida Jalal Awards: List of awards and nominations received by Farida Jalal · Times of India Entertainment. timesofindia.indiatimes.com
- ↑ January 15, 2019. This is what filmmakers tell Farida Jalal on her wish to play negative character. India Today
- ↑ Mohamed, Khalid. (14 March 2017). Happy Birthday Farida Jalal: B-Town's Most Dependable Co-Actor. The Quint
- ↑ Farida Jalal – Interview (2000), "Cineplot.com"
- ↑ Ethiraj. "I virtually grew up and grew old in the industry" – Farida Jalal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰিদা জালাল” প্ৰবন্ধৰ সংশোধন ৩৫০৬৩২ (২৫ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।