অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তনুজা

তনুজা সমৰ্থ (Tanuja Samarth, জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৪৩)ৰ জনপ্ৰিয় নাম হৈছে তনুজা। ভাৰতীয় চলচ্চিত্ৰ জগতৰ পৰিচিত ব্যক্তিত্ব তনুজাই সৰ্বাধিক কাম কৰিছে হিন্দী ভাষাৰ ছবিত। তেখেত অভিনেত্ৰী শোভনা সমৰ্থ আৰু ছবি প্ৰযোজক কুমাৰসেন সমৰ্থৰ জীয়েক। আনহাতে তনুজাৰ বিবাহ সম্পন্ন হৈছে ছবি-নিৰ্মাতা শমু মুখাৰ্জীৰ সৈতে।

হালনাগাদ: ১৪ মাৰ্চ ২০২৪ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তনুজা সমৰ্থ (Tanuja Samarth, জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৪৩)ৰ জনপ্ৰিয় নাম হৈছে তনুজা। ভাৰতীয় চলচ্চিত্ৰ জগতৰ পৰিচিত ব্যক্তিত্ব তনুজাই সৰ্বাধিক কাম কৰিছে হিন্দী ভাষাৰ ছবিত। তেখেত অভিনেত্ৰী শোভনা সমৰ্থ আৰু ছবি প্ৰযোজক কুমাৰসেন সমৰ্থৰ জীয়েক। আনহাতে তনুজাৰ বিবাহ সম্পন্ন হৈছে ছবি-নিৰ্মাতা শমু মুখাৰ্জীৰ সৈতে। তেওঁলোকৰ দুয়োগৰাকী জীয়েক কাজল আৰু তনিষা মুখাৰ্জী অভিনেত্ৰী।১ দুটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তনুজাক 'মেমডিডি' (১৯৬১), 'ছান্দ অঔৰ সুৰজ' (১৯৬৫), 'বাহাৰেন ফিৰ ভি আয়েংগি' (১৯৬৬), 'জুৱেল থিফ' (১৯৬৭), 'হাথী মেৰে সাথী (১৯৭১), আৰু 'মেৰে জীৱন সাথী' (১৯৭২)-ৰ দৰে ছবিত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে স্মৰণ কৰা হয়।২ ১৯৬০ আৰু ১৯৭০ৰ দশকত তনুজাই বলিউদৰ প্ৰসিদ্ধ তাৰকা সঞ্জীৱ কুমাৰ, ৰাজেশ খান্না আৰু ধৰ্মেন্দ্ৰৰ লগত যুটি বান্ধিছে।

ব্যক্তিগত জীৱন

তনুজাৰ জন্ম হৈছিল এটি মাৰাঠী পৰিয়ালত। পিতৃ আছিল ছবি-নিৰ্মাতা কুমাৰছেন সমৰ্থ আৰু মাতৃ আছিল অভিনেত্ৰী শোভনা সমৰ্থ। তনুজাৰ বাই-ভনী আছিল তিনিগৰাকী। তাৰে ভিতৰত অভিনেত্ৰী নূতনো আছিল। তনুজাৰ আইতাক আছিল ৰত্তন বাই আৰু খুৰীয়েক আছিল নলিনী জয়ৱন্ত। তেওঁলোকো অভিনেত্ৰী আছিল। শোভনাই তনুজাৰ বাবে প্ৰথম ছবিখন নিৰ্মাণ কৰিছিল। তনুজাই ১৯৭৩ চনত ছবি-নিৰ্মাতা শমু মুখাৰ্জীৰ লগত বৈবাহিক জীৱনৰ আৰম্ভণি কৰে। তেওঁলোকৰ দুটি কন্যা সন্তান কাজল আৰু তনিষা মুখাৰ্জীও অভিনেত্ৰী। ২০০৮ চনৰ ১০ এপ্ৰিলত স্বামী শমু মুখাৰ্জীৰ হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ মৃত্য হয়।

কৰ্মজীৱন

জ্যেষ্ঠ ভগ্নী নূতনৰ দ্বাৰা নিৰ্মিত ছবি 'হামাৰী বেটী' (১৯৫০)ত 'বেবি তনুজা' শীৰ্ষক চৰিত্ৰটোত অভিনয় কৰি তনুজাই ছবি-জগতত পদাৰ্পণ কৰে। ১৯৬০ চনত 'চাবিলি' নামৰ ছবিখন আছিল কিশোৰী তনুজাৰ প্ৰথমখন ছবি। এইখন ছবি পৰিচালনা কৰিছিল তনুজাৰ মাতৃয়ে আৰু কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছিল নূতনে। তাৰ পিছৰটো বছৰতে তনুজাই জীৱনৰ উল্লেখযোগ্য ছবিখনত অভিনয় কৰে। সেইখন ছবি আছিল 'হামাৰী য়াদ আয়েগী'। ছবিখনৰ পৰিচালক আছিল কিদাৰ শৰ্মা। এইগৰাকী পৰিচালকেই ইয়াৰ পূৰ্বে ৰাজ কাপুৰ, মধুবালা আৰু গীতা বালীৰ প্ৰতিভাক আৱিষ্কাৰ কৰিছিল। ১৯৬৯ চনত তনুজাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে। সেইখন ছবিৰ নাম আছিল 'পেইছা য়া প্যাৰ'। সত্তৰৰ দশকৰ মধ্যভাগতে তনুজাই বঙালী ভাষাৰ ছবিতো অভিনয় আৰম্ভ কৰে। তাৰে দুখনমান ছবি হৈছে 'দেয়া নেয়া' (১৯৬৩), 'ৰাজকুমাৰী' (১৯৭০)। 'দেয়া নেয়া'ত তনুজাৰ বিপৰীতে অভিনয় কৰিছিল উত্তম কুমাৰে। ১৯৭১ চনৰ ছুপাৰহিট ছবি 'হাথী মেৰে ছাথী'ত অভিনয় কৰি উঠি তনুজাই 'দূৰ কা ৰাহী', 'মেৰে জীৱন সাথী' (১৯৭২)ৰ দৰে ছবিত অভিনয় কৰে। ২০০৩ চনত তনুজাই 'খাকী' নামৰ ছবিখনত অভিনয় কৰে।৩

বঁটা আৰু সন্মান

  • ১৯৬৪: 'বেনাজিৰ'ৰ বাবে বেংগল ছবি সংগঠনৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা
  • ১৯৬৮ - 'জিৱেল থিফ'ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ মনোনয়ন
  • ১৯৭০ - 'পেয়ছা য়া প্যাৰ'ৰ বাবে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা
  • ২০১৩ - মাৰাঠী ভাষাৰ ছবি 'পিটুৰ ৰুন'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা, বিংশতম লাইফ অকে স্ক্ৰীণ এৱাৰ্ডত
  • ২০১৪ - অপছৰা ফিল্ম এণ্ড টেলিভিছন প্ৰডিউছাৰত গিল্ড এৱাৰ্ডত জীৱনজোৰা সাধনাৰ বঁটা
  • ২০১৪ - ফিল্মফেয়াৰ জীৱনজোৰা সাধনাৰ বঁটা।৪

তথ্যসূত্ৰ

  1. ↑ Tanuja Profile, Picture Gallery
  2. ↑ Tanuja Profile, Picture Gallery
  3. ↑ আৰ্কাইভ কপি
  4. ↑ www.imdb.com/name/nm0849863/awards

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তনুজা” প্ৰবন্ধৰ সংশোধন ৪১১৫৮৫ (১৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।