ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
তাপ্সী পন্নু
তাপ্সী পন্নু (Taapsee Pannu; জন্ম: ১ আগষ্ট ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবিত গৰিষ্ঠসংখ্যক অভিনয় কৰিছে। ইয়াৰ লগতে তেলুগু, তামিল ভাষাৰ ছবিতো তেখেতক দেখিবলৈ পোৱা যায়। তেখেতে অভিনয়ৰ বাবে ফিল্মফেয়াৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
-
দিব্যা ভাৰতী
দিব্যা ভাৰতী (Divya Bharti; ২৫ ফেব্ৰুৱাৰী ১৯৭৪-৫ এপ্ৰিল ১৯৯৩) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে ১৯৯০ৰ দশকত হিন্দী, তামিল আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰিছিল৷ অভিনয়-বিচক্ষণতা আৰু সৌন্দৰ্যৰ বাবে জনাজাত দিব্যা ভাৰতী আছিল সেইসময়ত সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ অন্যতম৷ কিশোৰী অৱস্থাতেই ছবিজগতত…
-
পৰিনীতি চোপ্ৰা
পৰিনীতি চোপ্ৰা (Parineeti Chopra; জন্ম: ২২ অক্টোবৰ ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। পৰিনীতিয়ে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। তেখেতে এতিয়ালৈকে এটা ফিল্মফেয়াৰ বঁটা, এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা
এইটো উল্লেখযোগ্য ভাৰতীয় চলচ্চিত্ৰ মহিলা অভিনেত্ৰীসকলৰ এখন তালিকা।
-
স্মৃতি ইৰানী
স্মৃতি জুবিন ইৰানী (Smriti Zubin Irani; জন্মৰ নাম: স্মৃতি মলহোত্ৰা; জন্ম ২৩ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা পূৰ্বৰ মডেল, টেলিভিছন অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ গুজৰাট ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ। তেওঁৰ ভাৰত চৰকাৰৰ বৰ্তমান বস্ত্ৰমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।
-
অদিতি ৰাও হায়দৰী
অদিতি ৰাও হায়দৰী (Aditi Rao Hydari, জন্ম-২৮ অক্টোবৰ ১৯৭৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷ হিন্দী ভাষাৰ ছবিৰ লগতে অদিতিয়ে তামিল, তেলেগু আৰু মালায়ালম ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷ ২০০৭ চনত তামিল ভাষাৰ ছবি শৃংগৰামৰ যোগেদি অদিতিয়ে ছবিৰ জগতত খোজ পেলায়৷ পিছে অদিতিৰ বাবে…
-
ঈশা দেউল
ঈশা দেউল (জন্ম: ২ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী; তেওঁ মূলতঃ বলিউড চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০২ চনৰ কই মেৰে দিল ছে পুছে চলচ্চিত্ৰখনত অভিনয় কৰি হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
চোহা আলী খান
চোহা আলী খান পাটাউদী (Soha Ali Khan Pataudi, জন্ম: ৪ অক্টোবৰ ১৯৭৮) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেখেতে বিশেষকৈ হিন্দী ছবিৰ উদ্যোগত কাম কৰিছে। ইয়াৰ লগতে ইংৰাজী ভাষা আৰু বঙালী ভাষাৰ ছবিতো তেখেতে ভূমুকি মাৰিছে।
-
টুন টুন
টুন টুন বা উমা দেৱী খাত্ৰি (Tun Tun, ১১ জুলাই ১৯২৩ – ২৪ নৱেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। টুন টুন তেওঁৰ ৰূপালীপৰ্দাৰ নাম। তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰথম কৌতুক অভিনেত্ৰী আখ্যা দিয়া হয়।
-
দেৱশ্ৰী ৰায়
দেৱশ্ৰী ৰায় (Debashree Roy; জন্ম: ৮ আগষ্ট, ১৯৬২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিকল্পক, ৰাজনীতিবিদ আৰু পশু-অধিকাৰ সংৰক্ষক। তেওঁ নটৰাজ দলৰ কৰ্ণধাৰ। তেওঁ ভাৰতীয় লোকনৃত্যক পাশ্চাত্য মঞ্চত উপস্থাপনা কৰে আৰু ধ্ৰুপদী আৰু লোকনৃত্যৰ সংমিশ্ৰণত এক অপূৰ্ব নৃত্যকৌশলী ৰচনা কৰে।
-
নয়নতাৰা
নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান (Nayanthara; জন্ম- ১৮ নৱেম্বৰ ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতক প্ৰধানকৈ তামিল আৰু তেলেগু ভাষাৰ ছবিত দেখিবলৈ পোৱা যায়। কোচী টাইমছ-এ তেখেতক "২০১৪ বৰ্ষৰ পোন্ধৰগৰাকী আকাংক্ষিত নাৰী"ৰ তালিকাভুক্ত কৰিছিল।
-
পদ্মিনী কোলহাপুৰী
পদ্মিনী কোলহাপুৰী (Padmini Kolhapure; ১ নবেম্বৰ ১৯৬৫) মূলতঃ হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ ১৯৭২ চনত সাত বছৰ বয়সত শিশুশিল্পী ৰূপে জিদ্দী (১৯৭৬) আৰু ড্ৰীমগাৰ্ল্ (১৯৭৭) ছবিৰে অভিনয় জগতত প্ৰবেশ কৰে।
-
বিন্দু (অভিনেত্ৰী)
বিন্দু নানুভাই দেশাই (Bindu Nanubhai Desai) এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাৰ জনপ্ৰিয় নাম হৈছে বিন্দু। আশীৰ দশকত জনপ্ৰিয়তাৰ এক সুকীয়া স্থানত আৰোহণ কৰা বিন্দুৱে চাৰিটা দশক ব্যাপি থকা নিজৰ সুদীৰ্ঘ কেৰিয়াৰত প্ৰায় ডেৰ শতাধিক ছবিত অভিনয় কৰিছে।
-
মল্লিকা সাৰাভাই
মল্লিকা সাৰাভাই শ্বাহ (জন্ম: ৯ মে', ১৯৫৩) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী। তেওঁ শাস্ত্ৰীয় নৃত্য শিল্পী মৃণালিনী সাৰাভাই আৰু মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ কন্যা।
-
শেফালী শ্বাহ
শ্বেফালি শ্বাহ (Shefali Shah, জন্ম: ১৯ জুলাই ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবি জগত বা বলিউডত অভিনয় কৰে। ১৯৯৫ চনত মুক্তি লাভ কৰা 'ৰংগিলা' (১৯৯৫)-ৰ জৰিয়তে তেখেতে ছবিৰ জগতত খোজ পেলায়। ১৯৯৮ চনত তেখেতে অপৰাধমূলক ছবি 'সত্যা'ত এটি সহযোগী চৰিত্ৰত অভিনয় কৰে।
-
সামান্থা ৰুথ প্ৰভু
সামান্থা ৰুথ প্ৰভু (Samantha Ruth Pravu) ১৯৮৭ চনৰ ২৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তেলেগু আৰু তামিল ফিল্ম ইণ্ডাষ্ট্ৰিৰৰ পৰা অভিনয় জগতত কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
সাৱিত্ৰী (অভিনেত্ৰী)
সাৱিত্ৰী গনেশন (জন্ম: নিশংকাৰা সাৰাসাৱানীদেৱী) আছিল এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী, এগৰাকী গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক। তেখেতে মূলতঃ তেলেগু আৰু তামিল ভাষাৰ ছবিৰ লগত জড়িত আছিল। তদুপৰি, কানাড়া, মালায়ালম আৰু হিন্দী ছবিত কৰা অভিনয়-কৰ্মৰ বাবেও তেখেত জনাজাত।
-
সোণালী বেন্দ্ৰে
সোণালী বেন্দ্ৰে (Sonali Bendre, জন্ম: জানুৱাৰী ১, ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ঘাইকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিলেও তেওঁ "মুৰাৰী", "খড়গম", "ইন্দ্ৰ", "মন্মধুড়ু", "শংকৰ দাদা এম.বি.বি.এছ." আদি তেলেগু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে অধিক সমাদৃত।
-
ৰুবি মায়াৰ্ছ
ৰুবি মায়াৰ্ছ (Ruby Myers; ১৯০৭- ১০ অক্টোবৰ ১৯৮৩) বাগদাদী ইহুদী সম্প্ৰদায়ৰ এগৰাকী ভাৰতীয় নিৰ্বাক ছবিৰ অভিনেত্ৰী। তেওঁক ছবিজগতৰ নাম সুলোচনা বুলিহে বেছি ভালকৈ জনা যায়। ১৯২০-১৯৩০ দশকৰ তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল।
-
ৰূপা গাংগুলী
ৰূপা গাংগুলী (Roopa Ganguly; জন্ম: ২৫ নবেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু ৰাজনৈতিক নেতা। জনপ্ৰিয় ধাৰাবাহিক 'মহাভাৰত'ত (১৯৮৮) দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ণ কৰা বাবে তেওঁ বিশেষভাবে জনাজাত।
-
আচিন
আচিন থত্তুমকাল (জন্ম: ২৬ অক্টোবৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যমত বিশেষভাৱে প্ৰশিক্ষিত। তেওঁ বলিউড, তেলেগু, তামিল, মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ দক্ষিণ ভাৰতীয় চিনেমা উদ্যোগত অভিনয় জীৱন আৰম্ভ কৰিছিল, কিন্তু পিছত বলীউডলৈ আহে।
-
ঋতুপৰ্ণা সেনগুপ্ত
ঋতুপৰ্ণা সেনগুপ্ত ( Rituparna Sengupta; জন্ম ৭ নবেম্বৰ, ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। বঙালী চলচ্চিত্ৰৰ এগৰাকী সফল অভিনেত্ৰী হিচাপে তেওঁ ১৯৯০ৰ দশকত বক্স অফিচৰ শিখৰত আৰোহণ কৰিছিল।
-
কাজল আগৰৱাল
কাজল আগৰৱাল (Kajal Aggarwal) হৈছে ১৯৮৫ চনৰ ১৯ জুনত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। আগৰৱালে অভিনয় জগতত খোজ দিয়ে ২০০৪ চনৰ বলিউডৰ 'কিউ! হো গায়া না...' চলচ্চিত্ৰখনৰ জৰিয়তে৷ তেওঁৰ প্ৰথম তেলেগু ভাষাৰ চলচ্চিত্ৰ মুক্তিলাভ কৰে ২০০৭ চনত 'লক্ষ্মী কল্যাণাম'।
-
কানন দেৱী
কানন দেৱী (Kanan Devi; ২২ এপ্ৰিল ১৯১৬- ১৭ জুলাই ১৯৯২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা। তেওঁ কানন বালা নামেও প্ৰখ্যাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নায়িকাসকলৰ মাজত প্ৰথম গায়িকা তথা বঙালী চলচ্চিত্ৰৰ প্ৰথম তাৰকা হিচাপে স্বীকৃত। তেওঁ অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সঙ্গীততো পাৰদৰ্শী আছিল।
-
কাল্কী কেকলাঁ
কাল্কী কেকলাঁ (Kalki Koechlin; জন্ম ১০ জানুৱাৰী ১৯৮৪) হৈছে এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু লেখিকা। বলিউডত অপ্ৰচলিত আৰু ব্যতিক্ৰমধৰ্মী ধাৰাৰ ছবিত অভিনয়ৰ বাবে কাল্কী পৰিচিত। তেখেতে এতিয়ালৈকে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ, দুটা স্ক্ৰীণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
-
কোয়েল মল্লিক
কোয়েল মল্লিক (Koel Mallick) (জন্ম: ২৮ এপ্ৰিল, ১৯৮২) বঙালী চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত ভাৰতীয় অভিনেত্ৰী।
-
জদ্দনবাঈ
জদ্দনবাঈ হুছেইন ( Jaddanbai Hussain, ১৯৯২-৮ এপ্ৰিল ১৯৪৯, বৃত্তিগত নাম জদ্দনবাঈ) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সঙ্গীত পৰিচালক, অভিনেত্ৰী, ছবি নিৰ্মাতা আৰু ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম অগ্ৰদূত। সৰস্বতী দেৱীৰ সৈতে তেওঁক একেলগে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা সঙ্গীত পৰিচালক বুলি গণ্য কৰা হয়।
-
জয়া শীল
জয়া শীল ঘোষ ( Jaya Seal Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। অতি কম বয়সৰ পৰাই পাঁচ বছৰ ধৰি তেওঁ গুৰু ইন্দিৰা পি পি বৰাৰ অধীনত ভৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছিল।
-
ডিম্পল কপাড়িয়া
ডিম্পল কপাড়িয়া (Dimple Kapadia; डिम्पल कपाड़िया; জন্ম: ৮ জুন, ১৯৫৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ষোল বছৰ বয়সত তেওঁ অভিনয় জগতত ভৰি দিয়ে। ১৯৭৩ চনক এহাল কিশোৰ-কিশোৰীৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত ববীৰ মূল চৰিত্ৰত অভিনয় কৰে। সেই একে বছৰতে তেওঁ অভিনেতা ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
-
তৃপ্তি ডিমৰি
তৃপ্তি ডিমৰি (Tripti Dimri; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি প্ৰধানকৈ হিন্দী ছবিত কাম কৰে। কমেডী ছবি পোষ্টাৰ বয়ছ (২০১৭)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰা তৃপ্তিয়ে প্ৰথমবাৰৰ বাবে ৰোমাণ্টিক ড্ৰামা লাইলা মাজনু (২০১৮)ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।