নন্দিতা দাস (Nandita Das, জন্ম ৭ নৱেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ দহটা ভিন্ন ভাষাত ৪০ খনতকৈও অধিক ফিচাৰ ফিল্মত অভিনয় কৰিছে। তেওঁ 'ফায়াৰ' (১৯৯৬), 'আৰ্থ' (১৯৯৮), 'বৱান্দৰ' (২০০০), 'কন্নাথিল মুথামিত্তাল' (২০০২), 'আঝাগি' (২০০২), 'কমলি' (২০০৬), আৰু 'বিফ'ৰ দ্য ৰেইনছ' (২০০৭) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰিছিল। টৰণ্টো চলচ্চিত্ৰ মহোৎসৱত তেওঁ পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ 'ফিৰাক'ৰ (২০০৮) প্ৰিমিয়াৰ সম্পন্ন হৈছিল। ইয়াক ৫০ খনতকৈও অধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল আৰু ই ২০ টাতকৈও অধিক বঁটা লাভ কৰিছিল। পৰিচালক হিচাপে তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ আছিল 'মাণ্টো' (২০১৮)। বিংশ শতিকাৰ ভাৰতীয়-পাকিস্তানী চুটি গল্প লেখক সদাত হাছান মাণ্টোৰ জীৱনৰ ওপৰত আধাৰিত এই ছবিখন 'আন চাৰ্টেইন ৰিগাৰ্ড' শাখাত কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।১
২০১৯ চনৰ ছেপ্টেম্বৰত নন্দিতা দাসে 'ইণ্ডিয়াজ গট কালাৰজ' শীৰ্ষক দুই মিনিটৰ পাব্লিক চাৰ্ভিছ এনাউন্সমেণ্ট মিউজিক ভিডিঅ' নিৰ্মাণ কৰে। উক্ত ভিডিঅ'টোৰ বিষয়বস্তু হৈছে বৰ্ণ আৰু ইয়াত দৰ্শকসকলক ভাৰতৰ ছালৰ ৰঙৰ বৈচিত্ৰ্য উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছে।২ তেওঁৰ প্ৰথমখন গ্ৰন্থ 'মাণ্টো এণ্ড আই'ত চলচ্চিত্ৰ নিৰ্মাণৰ তেওঁৰ ৬ বছৰীয়া দীঘলীয়া যাত্ৰাৰ বৰ্ণনা আছে। তেওঁ 'লিচেন টু হাৰ' নামৰ এখন চুটি চলচ্চিত্ৰ লিখাৰ উপৰিও ইয়াক পৰিচালনা আৰু প্ৰযোজনা কৰাৰ লগতে ইয়াত অভিনয়ো কৰিছিল। এই ছবিখনে ঘৰুৱা নিৰ্যাতন বৃদ্ধি আৰু লকডাউনৰ সময়ত মহিলাসকলে সন্মুখীন হোৱা কামৰ অত্যধিক বোজাৰ ওপৰত আলোকপাত কৰে।
দাসে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ বিচাৰক হিচাপে দুবাৰকৈ সেৱা আগবঢ়াইছে। ২০০৫ চনত তেওঁ ফাতিহ আকিন, জেভিয়েৰ বাৰ্ডেম, চালমা হায়েক, বেনট জেকোট, এমিৰ কুষ্টুৰিকা, টনি মৰিচন, এগনছ ভাৰ্ডা আৰুজন ৱুৰ সৈতে মুখ্য প্ৰতিযোগিতাৰ বিচাৰকৰ ৰূপত অৱতীৰ্ণ হয়। ২০১৩ চনত তেওঁ জেন কেম্পিয়ন, মাজি-দা আবদি, নিকোলেটা ব্ৰাচি আৰু চেমিহ কেপলান'গ্লুৰ সৈতে চিনেফণ্ডেচন আৰু চুটি চলচ্চিত্ৰৰ বিচাৰক হিচাপে সেৱা আগবঢ়ায়।
২০১১ চনত ফ্ৰান্স চৰকাৰে তেওঁক সেই দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম 'চেভালিয়াৰ ডি ল'ৰ্ড্ৰে ডেছ আৰ্টছ এট ডেচ লেট্ৰেছ' (নাইট অফ দ্য অৰ্ডাৰ অফ আৰ্টছ এণ্ড লেটাৰছ) সন্মান প্ৰদান কৰে।৩ চলচ্চিত্ৰৰ ক্ষেত্ৰত ইণ্ডো-ফৰাচী সহযোগিতাৰ বিকাশত অৱদানৰ বাবে তেওঁ প্ৰশংসিত হয়।৪ ২০০৯ চনত ফ্ৰান্সে শিল্পী টিটুৱান লামাজৌৰ প্ৰকল্প "ৱমেন অৱ দ্য ৱৰ্ল্ড"ৰ পৰা নন্দিতা দাসক লৈ এক ডাকটিকট মুকলি কৰে।৫৬
দাস আছিল ৱাশ্বিংটন ডিচিত আন্তঃৰাষ্ট্ৰীয় মহিলা মঞ্চৰ আন্তঃৰাষ্ট্ৰীয় হল অফ ফেমত অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী ভাৰতীয়। তেওঁক ২০১১ চনত "কলা আৰু বিশ্বলৈ তেওঁৰ নিৰন্তৰ অৱদানৰ বাবে আমাৰ সময়ৰ আটাইতকৈ আকৰ্ষণীয় চলচ্চিত্ৰ শিল্প নেতা হিচাপে স্বীকৃতি দিয়া হৈছিল।"৭৮৯১০ তেওঁৰ লগতে এই সন্মান লাভ কৰা অন্য লোকসকল আছিল আন্না ফেণ্ডি, হেইডি ক্লুম আৰু মেডাম চেন ঝিলি।১১
কেৰিয়াৰ
অভিনয়
দাসে মৃনাল সেন, আদুৰ গোপালকৃষ্ণন, শ্যাম বেনেগল, দীপা মেহতা আৰু মণি ৰত্নমৰ দৰে পৰিচালকৰ সৈতে ৪০ খনতকৈও অধিক ফিচাৰ ফিল্মত অভিনয় কৰিছে। তেওঁ ষ্ট্ৰীট থিয়েটাৰ গ্ৰুপজন নাট্য মঞ্চৰ সৈতে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁ পৰিচালক দীপা মেহতাৰ চলচ্চিত্ৰ 'ফায়াৰ' (১৯৯৬) আৰু 'আৰ্থ' (১৯৯৮; আমিৰ খানৰ সৈতে), 'বৱাণ্ডাৰ' (জগমোহন মুন্ধ্ৰাৰ দ্বাৰা পৰিচালিত), আৰু 'নালু পেনুংগল' (আদুৰ গোপালকৃষ্ণনৰ দ্বাৰা পৰিচালিত) অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ সন্তোষ শিৱানৰ দ্বাৰা পৰিচালিত ভাৰতীয়-ব্ৰিটিছ কালৰ ড্ৰামা চলচ্চিত্ৰ বিফ'ৰ দ্য ৰেইনছ চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ দহটা ভিন্ন ভাষাৰ, যেনে ইংৰাজী, হিন্দী, বঙালী, মালায়ালম, তামিল, তেলুগু, উৰ্দু, মাৰাঠী, ওড়িয়া আৰু কন্নড় চলচ্চিত্ৰতো অভিনয় কৰিছে। তামিল অভিনেতা সুকন্যাই তামিল ধ্ৰুপদী চলচ্চিত্ৰ 'কান্নাথিল মুথামিত্তাল'ত নন্দিতা দাসৰ ভাষিক কণ্ঠ প্ৰদান কৰিছিল।
দাসে 'বিটুইন দ্য লাইনছ' (২০১৪) নামৰ এখন নাটক সহযোগিতাৰে ৰচনা কৰাৰ লগতে পৰিচালনা আৰু অভিনয়ো কৰিছে।১২ তেওঁ বিজয় তেণ্ডুলকাৰৰ দ্বাৰা ৰচিত চিনেপ্লে প্ৰযোজনা 'খামোশ! আদালত জাৰী হে'তো অভিনয় কৰিছে(২০১৭)।১৩
তথ্যসূত্ৰ
- ↑ Scroll Staff. (12 April 2018). Nandita Das's 'Manto' to be premiered at Cannes Film Festival. Scroll.in
- ↑ India's got colour. www.unesco.org
- ↑ Ians. (2011-04-16). French honour for Nandita Das. The Hindu
- ↑ Distinction conferred on Actor-Director Nandita Das, 2011. La France en Inde / France in India
- ↑ Philatelic issues related to Nandita Das issued by Foreign Countries. www.indianphilately.net
- ↑ Taber, Kimberly Conniff. (2007-10-31). Titouan Lamazou: His vision of women around the world. The New York Times
- ↑ (5 November 2011). Game for Fame -Nandita Das is first Indian to be inducted into the International Women's Forum Hall of Fame. India Today
- ↑ The game changer. www.telegraphindia.com
- ↑ (2011-10-29). Nandita Das in IWF's International Hall of Fame · Latest News & Updates at Daily News & Analysis. dna
- ↑ International Women's Forum Programs. International Women's Forum
- ↑ International Women's Forum Brochure
- ↑ Menon, Ritesh. (2014-03-29). Nandita Das and Divya Jagdale's Between the Lines
- ↑ Menon, Ritesh. (2017-03-14). Khamosh Adalat Jaari Hai
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিতা দাস” প্ৰবন্ধৰ সংশোধন ৬৩৯৯০২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।