ৰাধিকা আপ্টে (Radhika Apte; জন্ম ৭ ছেপ্টেম্বৰ ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী।১ তামিলনাডুৰ ভেলোৰত জন্মলাভ কৰা ৰাধিকা ডাঙৰ-দীঘল হৈছিল পুনেত। চিনেমাজগতত পদাৰ্পণ কৰাৰ পূৰ্বে তেখেতে নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। বলিউডৰ ফেণ্টাচি ছবি 'ৱাহ! লাইফ হ' ট' এইছি'ৰ (২০০৫) জৰিয়তে তেখেতে হিন্দীৰ ছবিজগতত খোজ পেলায়। তাৰ পিছৰে পৰা তেখেতে মাৰাঠী, তেলেগু, মালায়ালম, বঙালী আৰু ইংৰাজী ভাষাৰ বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৯ চনত এখন সামাজিক কাহিনীৰ বঙালী ছবি 'অন্তহীন'ৰ জৰিয়তে ৰাধিকা আপ্টেই পোনপ্ৰথমবাৰৰ বাবে ছবিৰ নায়িকা হিচাপে ভূমুকি মাৰিছিল। ২০১৫ চনত নিৰ্মিত হিন্দী ছবি 'বদলাপুৰ', 'হাণ্টাৰ' আৰু 'মাঝী – দ্য মাউণ্টেন মেন'ত কৰা অভিনয়ৰ বাবে তেখেতে ভূয়সী প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ২০১৬ৰ ছবি 'ফ'বিয়া' আৰু 'পাৰ্ছড'ত কৰা অভিনয়ৰ বাবেও তেখেতে যথাযোগ্য স্বীকৃতি লাভ কৰে।২৩৪
২০১৮ চনত ৰাধিকা আপ্টেই বহুল জনপ্ৰিয় ভিডিঅ' আৰু ছবি ষ্ট্ৰিমিং ৱেবছাইট 'নেটফ্লিক্স'ত তিনিটা বিশেষ প্ৰযোজনাত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। সেইকেইটা হ'ল: চাৰিজন পৰিচালকৰ চাৰিটা কাহিনীৰে সমৃদ্ধ 'লাষ্ট ষ্টৰিছ', থ্ৰিলাৰধৰ্মী ছিৰিজ 'ছেক্ৰেড গেইমছ্', আৰু ভৌতিকধৰ্মী মিনি-চিৰিজ 'ঘাউল'।৫৬ 'লাষ্ট ষ্টৰিজ'ত কৰা অভিনয়ৰ বাবে তেখেতে 'আন্তঃৰাষ্ট্ৰীয় এমি বঁটা'ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰে।৭
২০১৮ চনত নিৰ্মাণ হোৱা শ্ৰীৰাম ৰাঘাৱনৰ ব্লেক থ্ৰিলাৰ কমেডি 'অন্ধাধুন'ত ৰাধিকা আপ্তেই 'ছফি'ৰ চৰিত্ৰত এক স্মৰণীয় অভিনয় কৰে। এইখন ছবিক বহুতো সমালোচকে বছৰটোৰ শ্ৰেষ্ঠ ছবি হিচাপে আখ্যায়িত কৰে।৮৯
প্ৰাৰম্ভিক জীৱন
ৰাধিকাৰ জন্ম হৈছিল তামিলনাডুৰ ভেলোৰত। ১৯৮৫ চনৰ ৭ ছেপ্টেম্বৰত। তেখেতৰ পিতৃ-মাতৃয়ে ভেলোৰস্থিত 'খ্ৰীষ্টীয়ান চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়'ত সেৱা আগবঢ়াই আছিল।১০ পৰৱৰ্তী সময়ত তেখেতৰ পিতৃ চাৰুদত্ত আপ্টে স্নায়ুচিকিৎসক আৰু পুণেৰ সাহায়াদ্ৰী চিকিৎসালয়ৰ এগৰাকী অধ্যক্ষ হৈছিলগৈ।১১১২১৩ ৰাধিকা আপ্টেয়ে পুণেস্থিত ফাৰ্গুছন কলেজৰ পৰা অৰ্থনীতি আৰু গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।১৪১৫১৬ পুণেত শৈশৱ আৰু কৈশোৰ কাল অতিবাহিত কৰাৰ সময়তেই, তেখেতে কথকশিল্পী-গৱেষক ৰোহিনী ভাটেৰ অধীনত আঠটা বছৰ কথকৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।১৭ সেইখিনি সময়তে ৰাধিকাই মঞ্চৰ জগততো জড়িত হৈ পৰিছিল আৰু মুম্বাইলৈ ছবি কৰিবলৈ যাবলৈ মন বান্ধিছিল। অৱশ্যে কেইমাহমানৰ পিছত, মুম্বাইত হোৱা অভিজ্ঞতাই তেখেতক নিৰুৎসাহিত কৰে আৰু ফলস্বৰূপে তেখেত পুনৰ নিজৰ ঠাই পুণেলৈ উভতি আহে। ২০১৮ চনত 'স্কুপ-হুপ'ৰ (Scoop Whoop) লগত হোৱা এক সাক্ষাৎকাৰত ৰাধিকাই এইছোৱা কালৰ কথা স্মৰণ কৰে--যি সময়ত তেখেতে থিয়েটাৰৰ জৰিয়তে উপাৰ্জন কৰা ৮,০০০-১০,০০০ টকাতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। দেউতাকৰ পৰা আৰ্থিক সহায় নোলোৱাকৈ সেই টকাৰেই ৰাধিকাই প্ৰাত্যহিক জীৱন চলাই গৈছিল। এইছোৱা সময়তে অৰ্থাৎ, ২০০৯ চনত ৰাধিকাই জীৱনৰ প্ৰথমখন ছবি 'ঘো মালা আছালা হাৱা' (মাৰাঠী) ত অভিনয় কৰে। তাৰপিছতেই ৰাধিকাই অভিনয় কৰে প্ৰথমখন হিন্দী ছবি 'শ্ব'ৰ ইন দ্যা চিটি'ত। পৰৱৰ্তী সময়ত তেখেতে 'ৰক্তচৰিত্ৰ', 'ৰক্ত চৰিত্ৰ ২' আৰু 'আই এম'ত অভিনয় কৰে।১০
পুণেলৈ অহাৰ পাছতেই ৰাধিকাই লণ্ডললৈ যোৱাৰ এটা তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰে। লণ্ডনৰ 'ত্ৰিনিটি লাবান কনজাৰভেটৰি অৱ মিউজিক এণ্ড ডান্স'ত তেখেতে এবছৰৰ বাবে সমসাময়িক নৃত্য শিকাৰ পৰিকল্পনা কৰে।১৮ তাতেই ৰাধিকাই জীৱনসংগী বেনেডিক্ট টেইলৰক লগ পায়। পৰৱৰ্তীসময়ত বেনেডিক্ট পুণেলৈ আহে আৰু বিভিন্ন কামৰ বাবে মুম্বাইলৈ অহা-যোৱা কৰি থাকে। কিন্তু পূৰ্বৰ নেতিবাচক অভিজ্ঞতাৰ বাবে ৰাধিকা মুম্বাইলৈ যাব বিচৰা নাছিল। অৱশেষত এবছৰৰ পাছত ৰাধিকাই নিজৰ সিদ্ধান্ত সলায় আৰু মুম্বাইলৈ যাবলৈ থিৰাং কৰে। ৰাধিকাৰ দ্বিতীয়টো মুম্বাই-যাত্ৰা যথেষ্ট সুখব্যঞ্জক আছিল।১০
কৰ্মজীৱন
প্ৰথমাৱস্থাৰ চৰিত্ৰসমূহ (২০০৫-২০১০)
২০০৫ চনত হিন্দী ছবি 'ৱাহ! লাইফ হ' ট' এইছি'ত এটা সাধাৰণ চৰিত্ৰত ৰূপায়ণ কৰি ৰাধিকা আপ্টেই বলিউডত খোজ পেলায়। মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তে জড়িত হৈ পৰা সেই বিশেষ প্ৰকল্পটো তেখেতে কেৱল আনন্দৰ বাবে ('just for fun') কৰা বুলি পাছত প্ৰকাশ কৰে।১৭ অনাহিতা অবেৰয়ৰ নাটক 'বোম্বাই ব্লেক'ত ৰাধিকাৰ অভিনয় দেখি অভিনেতা ৰাহুল বসুৱে তেখেতৰ বিষয়ে পৰিচালক অনিৰুদ্ধ ৰায়চৌধুৰীক জনায়। ৰায়চৌধুৰীয়ে ৰাধিকাক তাৰপিছত 'অন্তহীন'ত অভিনয় কৰিবলৈ সুযোগ দিয়ে। টিভি সাংবাদিক বৃন্দা ৰয় মেননৰ চৰিত্ৰ ৰূপায়ণ কৰা ৰাধিকাক১৫ তেখেতৰ অভিনয়ৰ বাবে 'টাইমছ অৱ ইণ্ডিয়া'ত ৰিধিমা ছিলে উচ্চ প্ৰশংসা কৰে।১৯
২০০৯ চনত ৰাধিকাই কেবিচি প্ৰডাকচনৰ বেনাৰত 'ঘো মালা আছালা হাৱা'ত অভিনয় কৰে য'ত তেখেতে সাবিত্ৰী নামৰ এগৰাকী গাঁৱলীয়া চৰিত্ৰ ৰূপায়ণ কৰে।১৪ ২০১০ চনত ৰাধিকাক দেখা যায় মানিজ প্ৰেমনাথৰ থ্ৰিলাৰ ছবি 'দ্য ৱেইটিং ৰূম'ত।২০ পৰৱৰ্তী সময়ত ৰাধিকাই ৰাম গোপাল বাৰ্মাৰ ৰক্ত চৰিত্ৰ আৰু ৰক্ত চৰিত্ৰ-২ত দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। লণ্ডনৰ পৰা অহাৰ পাছত ৰাধিকাক এখন বিগ বাজেটৰ হিন্দী ছবিত অভিনয়ৰ সুযোগ দিয়া হৈছিল যদিও শেষমুহূৰ্তত 'অধিক মেদবহুল' (ৰাধিকাৰ মতে) বুলি কৈ তেখেতক সেই প্ৰকল্পৰ পৰা বিচ্ছেদিত কৰা হয়।১০
উত্থান আৰু সাফল্যাভিমুখী যাত্ৰা (২০১১–বৰ্তমান)

২০১১ চনত একতা কাপুৰৰ প্ৰযোজনাত ৰাধিকাই 'আই এম' আৰু 'শ্বৌৰ ইন দ্য চিটি'ত অভিনয় কৰিছিল। আন্না হাজাৰেৰ আন্দোলনৰ অনুপ্ৰেৰণা লৈ ভাবে-ছুকথংকৰে ০১২ চনত নিৰ্মাণ কৰা ছবি 'হা ভাৰত মাঝা'ত ৰাধিকাই তাৰপিছত কাম কৰে। ১৪ দিনতে চিত্ৰগ্ৰহণ শেষ হোৱা ছবিখন২১ বহুতো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।২২২৩২৪ ২০১২ চনত ৰাধিকাই মাৰাঠী ছবি 'টুকাৰাম' আৰু প্ৰথমখন তামিল ছবি 'ধোনী'ত অভিনয় কৰে। ধোনীত কৰা অভিনয়ৰ বাবে ৰাধিকালৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ SIIMA বঁটাৰ মনোনয়ন আগবঢ়োৱা হয়।২৫
২০১৩ চনত ৰাধিকাই বঙালী ছবি 'ৰূপকথা নয়'ত অভিনয় কৰে।২৬ ২০১৪ চনত ৰাধিকাই মাৰাঠী, বঙালী, তেলেগু আৰু তামিল ভাষাৰ ছবি যথাক্ৰমে 'পষ্টকাৰ্ড', 'পেণ্ডুলাম',২৭ 'লিজেণ্ড'২৮ আৰু 'ভেত্ৰী ছেলভান'ত অভিনয় কৰে।২৯
২০১৫ চনৰ প্ৰথম আঠটা মাহত ৰাধিকাৰ ছয়খন ছবিয়ে মুক্তিলাভ কৰে। প্ৰথমখন ছবি শ্ৰীৰাম ৰাঘাৱনৰ 'বদলাপুৰ'ৰ কৰা অভিনয়ে ৰাধিকাই চিত্ৰৰসিক আৰু সমালোচকৰ প্ৰশংসা আজুৰিবলৈ সক্ষম হয়।৩০৩১৩২৩৩৩৪ তাৰপিছত মুক্তিলাভ কৰে, মালায়ালম ছবি হাৰাম-ৰাধিকাৰ প্ৰথমখন মালায়ালম ভাষাৰ ছবি। 'লায়ন' নামৰ তেলেগু ছবিখনৰ মুক্তিৰ পাছতেই ছবিঘৰলৈ আহে হৰ্ষবৰ্ধন কুলকাৰ্ণিৰ হিন্দী ছেক্স কমেডি 'হাণ্টাৰ'৩৫ এইখন ছবিৰ জৰিয়তে ৰাধিকাই পুনৰ এবাৰ সমালোচকৰ প্ৰশংসা লাভ কৰে।৩৬ বদলাপুৰ আৰু হাণ্টাৰে ব্যৱসায়িক দিশত সফলতা লাভ কৰাৰ লগতে সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ ফলস্বৰূপে ৰাধিকাৰ জনপ্ৰিয়তা বৃদ্ধি পায়। মিডিয়াত তেওঁক 'বলিউডৰ শেহতীয়া খলকনি' (latest sensation of Bollywood) বুলি অভিহিত কৰা হয়।৩৭৩ কেতন মেহতাৰ বহুলসমাদৃত ছবি মাঝী – দ্য মাউণ্টেইন মেনত ৰাধিকাই দশৰথ মাঝীৰ পত্নী ফাল্গুনী দেৱীৰ চৰিত্ৰত অভিনয় কৰে।১৮৩৮ জল-সংকটৰ বিষয়টোক লৈ নিৰ্মাণ কৰা 'কৌন কিটনে পানী ম্যে' নামৰ আন এখন ছেটায়াৰ ছবি তাৰ ঠিক এসপ্তাহৰ পিছতেই মুক্তি লাভ কৰে।৩৯ৰজনীকান্তৰ পত্নী হিচাপে তামিল ছবি 'কাৱালী'ত কৰা অভিনয়ৰ বাবে ৰাধিকাই যোগাত্মক সমালোচনা লাভ কৰে। ছবিখনে বাণিজ্যিক দিশতো ব্যাপক সফলতা লাভ কৰে।৪০
২০১৮ চনত ৰাধিকাই অক্ষয় কুমাৰ আৰু সোনম কাপুৰৰ সৈতে আৰ. বাল্কিৰ ছবি 'পেডমেন'ত অভিনয় কৰে।৪১
ব্যক্তিগত জীৱন
২০১১ চনত ৰাধিকা আপ্টেয়ে সংগীতশিল্পী বেনেডিক্ট টেইলৰক লণ্ডনত লগ পায়। ২০১২ চনত দুয়োয়ে বিবাহ-পাশত আৱদ্ধ হয়।৪২
বঁটা
| বৰ্ষ | ছবি | বঁটা | শ্ৰেণী | ফলাফল |
|---|---|---|---|---|
| ২০১০ | ৰক্ত চৰিত্ৰ ১ | স্ক্ৰীন বঁটা | শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী | |
| ২০১২ | ধোনী | বিজয় বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | |
| ছিমা বঁটা (SIIMA Award) | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | |||
| ২০১৫ | বদলাপুৰ | ষ্টাৰদাষ্ট বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | |
| প্ৰডিউছাৰছ গিল্ড ছবি বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | |||
| মাঝী – দ্য মাউণ্টেইন মেন | ষ্টাৰডাষ্ট বঁটা | বছৰটোৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী (সম্পাদকৰ নিৰ্বাচন) | ||
| ২০১৬ | পাৰ্ছড | লছ এঞ্জেলছৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | |
| মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | |||
| বদলাপুৰ | অপছৰা ফিল্ম প্ৰডিউছাৰছ গিল্ড বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | ||
| জি কিউ বঁটা, ভাৰত | ছবিত উৎকৃষ্টতা | |||
| ভগ সৌন্দৰ্য বঁটা | নিখুঁত মুখ | |||
| ২০১৭ | মেডলি | ত্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱ বঁটা | আন্তঃৰাষ্ট্ৰীয় কাহিনীছবিৰ শ্ৰেষ্ঠ অভিনেত্ৰীBest Actress in an International Narrative Feature Film | |
| ২০১৮ | লাষ্ট ষ্টৰীছ | এমি বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | |
| অন্ধাধুন | ষ্টাৰ স্ক্ৰীণ বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | ||
| জি কিউ বঁটা, ভাৰত | বছৰটোৰ নাৰী | |||
| ২০১৯ | অন্ধাধুন | আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ছবি একাডেমীৰ বঁটা | সহ-অভিনেত্ৰী | |
| জি চিনে বঁটা | সহ-অভিনেত্ৰী | |||
| আইৰিল (iReel) বঁটা ২০১৯ | অনবদ্য সফল শিল্পী (Best Breakthrough) |
তথ্যসূত্ৰ
- ↑ Kotwani, Hiren. (19 November 2013). Radhika Apte- Anurag Kashyap bonding well. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (16 July 2015). I Wondered if Nawaz Didn't Like Me. The New Indian Express
- ↑ (23 July 2015). Radhika Apte: Is the new age Ahalya the next big star of Bollywood?. India.com
- ↑ Bhave, Nitin. (5 April 2015). She's doing films in six languages! Who is Radhika Apte, anyway?. হিন্দুস্তান টাইমছ
- ↑ (5 December 2018). Prabhat taught me the importance of silence: Radhika Apte
- ↑ Arora, Priya. (12 July 2018). 'Ghoul,' Netflix's First Horror Series From India, Will Give You Serious Chills. HuffPost
- ↑ From iReel Awards to Emmys, Radhika Apte is Biggest Breakthrough Artiste in Web Space. News18
- ↑ www.huffingtonpost.in/2018/10/03/andhadhun-revie
- ↑ www.hindustantimes.com/bollywood/andhadhun-is-to
- ↑ (24 August 2018). An interview with Radhika Apte. Scoopwhoop townhall (Scoopwhoop unscripted)
- ↑ (2018-08-28). Radhika Apte: Why is a North Indian playing Laxmibai, if a Maharashtrian can't play a North Indian?. hindustantimes.com
- ↑ Bonds that work. Pune Mirror
- ↑ Pune Mirror. Pune Mirror
- ↑ (30 May 2010). RGV's a treat to watch on the sets: Radhika – The Times of India. Timesofindia.indiatimes.com
- ↑ (30 July 2008). The Telegraph – Calcutta (Kolkata) | Entertainment | Spotlight – Radhika Apte. Telegraphindia.com
- ↑ Actor Radhika Apte feels experimental theatre is her true calling: EYECATCHERS – India Today. Indiatoday.intoday.in
- ↑ (25 July 2015). Radhika Apte breaks through - Livemint. livemint.com
- ↑ (20 August 2013). Radhika Apte in Rupkatha Noy. Telegraphindia.com
- ↑ Antaheen Movie Review, Trailer, & Show timings at Times of India. timesofindia.indiatimes.com
- ↑ (4 April 2008). Waiting for daybreak. দ্য হিন্দু
- ↑ (29 November 2011). Anna Hazare's movement inspires Indian film. News.in.msn.com
- ↑ (22 November 2011). Film on Hazare's movement to premiere at IFFI in Goa – The Times of India. Timesofindia.indiatimes.com
- ↑ DNA Correspondent. (20 January 2012). PIFF: 'Ha Bharat Maza' is best Marathi film | Latest News & Updates at Daily News & Analysis. Dnaindia.com
- ↑ (21 December 2011). Nihalani to inaugurate 7th Asian Film Festival – The Times of India. Timesofindia.indiatimes.com
- ↑ devoteeworld.net/bangbang/actors-and-actresses-b link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ Ruman Ganguly, TNN 9 November 2012, 11.29 am IST. (9 November 2012). I got engaged to a brit musician: Radhika Apte – Times Of India. Articles.timesofindia.indiatimes.com
- ↑ (20 March 2014). Pendulum (Bengali) / Time travel recast. The Indian Express
- ↑ (27 February 2014). Balakrishna hogs the limelight – The Times of India. Timesofindia.indiatimes.com
- ↑ India, Press Trust of. (16 February 2014). Acting not in my genes so turned down film offer: Somlata. Business Standard India. Business Standard
- ↑ (9 August 2015). I don't care for an image: Radhika Apte on finding her feet in Bollywood and more | The Indian Express. indianexpress.com
- ↑ Best served cold! | Rajeev Masand – movies that matter: from bollywood, hollywood and everywhere else. rajeevmasand.com
- ↑ (21 February 2015). Badlapur movie review | The Indian Express. indianexpress.com
- ↑ (20 February 2015). Movie review 'Badlapur': Much like his character, Varun transforms overnight from 'student' to a killer. deccanchronicle.com
- ↑ Badlapur: A perfectly twisted revenge saga – The Express Tribune Blog. blogs.tribune.com.pk
- ↑ Patra, Pratyush. (12 December 2013). In a different league. telegraphindia.com
- ↑ (20 March 2015). 'Hunterrr' - Movie review - Entertainment. mid-day.com
- ↑ (20 June 2019). Indie star Radhika Apte wins 'Digital Disruptor of the Year' at Grazia Millennial Awards!
- ↑ Anuj Kumar. (15 August 2013). Road less travelled. The Hindu
- ↑ 'Kaun Kitne Paani Mein' is a satire on water scarcity - The Times of India. timesofindia.indiatimes.com
- ↑ (4 August 2015). Radhika Apte: I have a strong role in Rajinikanth's film. Hindustan Times
- ↑ Mazumder, Jayeeta. (3 January 2017). Padman: The un-caped hero in Twinkle Khanna's book. The Telegraph
- ↑ www.indiatoday.in/movies/celebrities/story/radhi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকা আপ্টে” প্ৰবন্ধৰ সংশোধন ৩৮৬১০৩ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।