ৰাইমা সেন (Raima Sen, জন্ম: ৭ নৱেম্বৰ ১৯৭৯)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁৰ কামৰ বাবে জনাজাত।
প্ৰাৰম্ভিক জীৱন
১৯৭৯ চনৰ ৭ নৱেম্বৰ তাৰিখে বোম্বেত (বৰ্তমানৰ মুম্বাই) ৰাইমা সেনৰ জন্ম হৈছিল। তেওঁৰ মাতৃ অভিনেত্ৰী মুন মুন সেন আৰু পিতৃ ভৰত দেৱ বৰ্মা। তেওঁ বঙালী চিনেমাৰ "মহানয়িকা" বুলি খ্যাত অভিনেত্ৰী সুচিত্ৰা সেনৰ নাতিনী। ৰাইমাৰ ভগ্নী ৰিয়া সেনও বলিউড উদ্যোগৰ লগত জড়িত।১ তেওঁলোকৰ পিতৃ ভৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ সদস্য। তেওঁৰ পৈতৃক আইতা ইলা দেৱী কোচ বিহাৰৰ ৰাজকুমাৰী আছিল। তেওঁৰ সৰু ভগ্নী গায়ত্ৰী দেৱী জয়পুৰৰ মহাৰাণী আছিল। তেওঁৰ পৈতৃক আজু-আইতা ইন্দিৰা বৰোদাৰ মহাৰাজ সায়াজিৰাও গায়কৱাদ তৃতীয়ৰ একমাত্ৰ কন্যা আছিল।২৩
ৰাইমাৰ মাতৃ প্ৰজন্মৰ আজু ককা আদিনাথ সেন কলকাতাৰ এজন বিশিষ্ট ব্যৱসায়ী আছিল। প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী অশোক কুমাৰ সেনৰ আত্মীয় তেওঁৰ পুত্ৰ দীননাথ সেন ত্ৰিপুৰাৰ মহাৰাজৰ মন্ত্ৰী বা দিৱান আছিল।৪ সেন ভগ্নীদ্বয়ে তেওঁলোকৰ মাতৃৰ উপাধিৰে সামাজিক জীৱনত জনাজাত যদিও তেওঁলোকৰ চৰকাৰী কাকতবোৰত পিতৃৰ উপাধি দেৱ বৰ্মা ব্যৱহাৰ কৰে।৫
কৰ্মজীৱন
ৰাইমা সেনে 'গডমাডাৰ' ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। শাবানা আজমীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত ৰাইমায়ে এক সৰু ভূমিকা ৰূপায়ণ কৰিছিল। তাৰ পিছত তেওঁ ৰবিনা টণ্ডন জীয়েকৰ চৰিত্ৰত অভিনয় কৰা কল্পনা লাজমীৰ 'দমন' ছবিখনত অভিনয় কৰিছিল।
তাৰপিছত তেওঁ ঋতুপৰ্ণ ঘোষৰ ছবি 'চোখেৰ বালি'ত অভিনয় কৰিছিল। আৰু কেইটামান গড় চিনেমাৰ পিছত তেওঁ ২০০৫ চনত 'পৰিনীতা' ছবিত অভিনয় কৰিছিল। এই ছবিখনত তেওঁ নবাগত বিদ্যা বালানৰ সৈতে অভিনয় কৰিছিল। তাৰপিছত তেওঁ এক্সন থ্ৰিলাৰ 'দছ' আৰু বঙালী ছবি 'অন্তৰ মহল'ত অভিনয় কৰিছিল। ২০০৬ চনত তেওঁ 'দি বং কানেক্সন' ছবিখনত অভিনয় কৰিছিল। ২০০৭ চনত তেওঁ অভয় দেওলৰ সৈতে থ্ৰিলাৰ 'মনোৰমা চিক্স ফুট আণ্ডাৰ'ত কাম কৰিছিল। ২০১১ চনত তেওঁ পৰমব্ৰত চেটাৰ্জীৰ বিপৰীতে বঙালী ছবি 'বাইশে শ্ৰাৱণ'ত অভিনয় কৰিছিল।
২০১৪ চনত সেনক সমালোচকৰ দ্বাৰা প্ৰশংসিত 'হৃদয মাঝাৰে'ৰ মুখ্য চৰিত্ৰত দেখা গৈছিল। এই ছবিখন ৱিলিয়াম শ্বেইক্সপিয়াৰৰ নাটকৰ ওপৰত আধাৰিত প্ৰথম বাংলা চলচ্চিত্ৰ আৰু বাৰ্ডৰ ৪৫০তম জন্ম বাৰ্ষিকীৰ বাবে শ্ৰদ্ধাঞ্জলি হিচাপে উপস্থাপন কৰা হৈছিল।৬৭ নবাগত চলচ্চিত্ৰ নিৰ্মাতা ৰঞ্জন ঘোষৰ এই ডাৰ্ক প্ৰেম-কাহিনীত তেওঁ আবিৰ চেটাৰ্জী আৰু ইন্দ্ৰাশীষ ৰায়ৰ সৈতে সহ-অভিনয় কৰে।৮ ছবিখনে শ্বেক্সপিয়ৰৰ নাটকৰ ওপৰত আধাৰিত বিশ্ব চিনেমাৰ তালিকাত অতি সন্মানীয় ফিল্ম লণ্ডনৰ পৰা এক বিৰল সন্মান অৰ্জন কৰিছে।৯ ছবিখন আৰু ইয়াৰ চিত্ৰনাট্যকো সন্মানীয় ইউজিচি সাহিত্য আৰ্কাইভত অন্তৰ্ভুক্ত কৰা হৈছে।১০ ছবিখন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত দৃশ্যগ্ৰহণ কৰা 'চবুজ দ্বীপেৰা ৰাজা'ৰ (১৯৭৯) পিছত একমাত্ৰ অন্য বাংলা ছবি হোৱাৰ বাবেও বিখ্যাত।১১১২১৩
২০১৬ চনত তেওঁক কে.ডি. সত্যমৰ দ্বাৰা লিখা আৰু পৰিচালনা কৰা এখন ছবি 'বলিউড ডায়েৰীছ'ত দেখা গৈছিল। ছবিখনত আশিস বিদ্যাৰ্থী আৰু চালিম দিৱানেও অভিনয় কৰিছে।১৪ আমাজন প্ৰাইম 'দা লাষ্ট আৱাৰ'১৫ ৱেব চিৰিজ ২০২০ চনত মুক্তি পোৱা এই শৃংখলাত সমাপ্ত ৰাইমা সেন আৰু সঞ্জয় কাপুৰে এই শৃংখলাটোৰ মুখ্য ভূমিকাত অভিনয় কৰিছে। এই শৃংখলাটো অমিত কুমাৰে পৰিচালনা কৰিছে।
বঁটা আৰু সন্মান
- 'নিশি যাপন'ৰ বাবে বিএফজিএ-আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ অভিনেত্ৰী বঁটা, ২০০৬১৬
তথ্যসূত্ৰ
- ↑ Raima Sen. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ COOCH BEHAR (Princely State), University of Queensland; Retrieved: 2008-04-18
- ↑ Geraldine Forbes et al., The new Cambridge history of India, page 135, Cambridge University Press, 2003
- ↑ Chatterji, Shoma A. (2002). Suchitra Sen: A Legend in Her Lifetime .. Rupa & Co. ISBN 81-7167-998-6
- ↑ Mukherjee, Amrita. (24 January 2004). Will you change your surname after marriage?. Times of India
- ↑ Love, and jealousy, 450 years after the Bard – The Times of India
- ↑ Hrid Majharey (Bengali) / Dark but honest
- ↑ Abir-Raima jodi-The pair comes together in Ranjan Ghosh's first film
- ↑ Film London launches Shakespeare India
- ↑ Hrid Majharey part of JU project
- ↑ Andaman album Hrid Majharey maker Ranjan Ghosh shares his andaman album with t2
- ↑ Actress Raima Sen in city:::: Shooting of Bengali Film ‘Hrid Majharay’ in AFC
- ↑ I was awe-struck on visiting Cellular Jail: Abir
- ↑ (2 November 2014). Raima Sen to play a Sonagachi sex worker in KD Satyam's Bollywood Diaries. India.com
- ↑ (25 April 2020). The Last Hour. webseriesreviews.com
- ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাইমা সেন” প্ৰবন্ধৰ সংশোধন ৬১৩২১৪ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।