অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুৰাইয়া

সুৰাইয়া জামাল শ্বেখ (Suraiya Jamal Sheikh, ১৫ জুন ১৯২৯ – ৩১ জানুৱাৰী ২০০৪) এগৰাকী হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আৰু গায়িকা আছিল, যাৰ জনপ্ৰিয় নাম আছিল সুৰাইয়া। তেওঁ ১৯৩৬ৰ পৰা ১৯৬৩লৈ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল। ১৯৩৬ৰ পৰা ১৯৬৩লৈ তেওঁ ৬৭খন ছবিত অভিনয় কৰিছিল আৰু ৩৩৮টা গীত গাইছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সুৰাইয়া জামাল শ্বেখ (Suraiya Jamal Sheikh, ১৫ জুন ১৯২৯ – ৩১ জানুৱাৰী ২০০৪) এগৰাকী হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আৰু গায়িকা আছিল, যাৰ জনপ্ৰিয় নাম আছিল সুৰাইয়া। তেওঁ ১৯৩৬ৰ পৰা ১৯৬৩লৈ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল।১ ১৯৩৬ৰ পৰা ১৯৬৩লৈ তেওঁ ৬৭খন ছবিত অভিনয় কৰিছিল আৰু ৩৩৮টা গীত গাইছিল। ১৯৪০ আৰু ১৯৫০ৰ দশকৰ হিন্দী ছবিৰ তেওঁ শীৰ্ষস্থানীয় নায়িকা আছিল। তেওঁ এগৰাকী প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পীও আছিল আৰু ‘নয়ি দুনীয়া’ (১৯৪২) ছবিৰে গীতৰ জগতত প্ৰবেশ কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

১৯৩৬ত শিশুশিল্পীৰ ৰূপত সুৰাইয়া
১৯৩৬ত শিশুশিল্পীৰ ৰূপত সুৰাইয়াছবি: Unknown author · Public domain

সুৰাইয়াৰ জন্ম লাহোৰত ১৯২৯ৰ ১৫ জুনত হৈছিল। আজিজ জামাল শ্বেখ আৰু মুমতাজ শ্বেখ তেওঁৰ দেউতাৰ আৰু মাক আছিল। তেওঁ এবছৰীয়া থাকোঁতেই পৰিয়ালটো বোম্বেৰ মেৰিন ড্ৰাইভলৈ গুছি আহে। তেওঁলোকে মুম্বাইত লগ পায় মোমায়েক ১৯৩০ৰ দশকৰ হিন্দী চলচ্চিত্ৰৰ প্ৰখ্যাত ভিলেইন এম জহৰক।৩১ তেওঁ বোম্বেৰ নিউ হাইস্কুলত বা বৰ্তমানৰ ছোৱালীৰ জে.বি. পেটিট হাইস্কুলত পঢ়া-শুনা কৰে। সুৰাইয়াৰ শৈশৱৰ বন্ধু ৰাজ কাপুৰ, মদন মোহনৰ (সঙ্গীত পৰিচালক) সৈতে সৰুতে আকাশবাণীৰ শিশুৰ অনুষ্ঠানত গীত গাইছিল।৪

কৰ্মজীৱন

অভিনেত্ৰী ৰূপে

এজনী শিশুশিল্পী ৰূপে সুৰাইয়াত ১৯৩৬ চনত জদ্দন বাইৰ মেডাম ফেচনৰ যোগেদি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে।৫ পিছলৈ মোমায়েক এম জহুৰৰ সহযোগিতাত এটা গুৰত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিবলৈ সুবিধা পায়। ১৯৪১চনত স্কুল বন্ধ থকা অৱস্থাত মোমায়েকৰ লগত তাজমহলৰ (১৯৪১) শ্বুটিং চাবলৈ মুম্বাইৰ মোহন ষ্টুডিঅ’লৈ যায়। পৰিচালক নানুভাই ৱকিলে সুৰাইয়াৰ কমনীয়তা দেখি মুমতাজৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ দিয়ে।৬

কণ্ঠশিল্পী ৰূপে

সুৰাইয়াই ১৯৪২ চনত সৰু ১৩ বছৰ বয়সত ‘’নয়ী দুনিয়া’ (১৯৪২) ছবিত ‘বুট কৰুঁ মেঁ পলিচ বাবু’ গীতটো গাই নেপথ্য কণ্ঠশিল্পীৰূপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ নৌশাদৰ সঙ্গীতত এ.আৰ. কাৰদাৰৰ ছবি ‘সাৰদা’ (১৯৪২), ‘কানুন’ (১৯৪৩) আৰু ‘সংযোগ’ত (১৯৪৩) গীত গাইছিল।৭

মান্না দেই গোৱা প্ৰথমখন হিন্দী ছবি ‘তামান্না’ত (১৯৪২) তেওঁৰ সৈতে সুৰাইয়ায়েও ‘জাগো আয়ী উষা’ শীৰ্ষক গীতটো গাইছিল আৰু সেইটোৱে দুয়ো একেলগে গোৱা একমাত্ৰ দ্বৈতকণ্ঠৰ গীত।৮ আকৌ ১৯৪২ত ‘ষ্টেচন মাষ্টৰ’ ছবিত নৌচাদৰ সঙ্গীতত ৰাজকুমাৰীৰ লগতে সুৰাইয়ায়ো গাইছিল।৯ Suraiya acted in both these films.২

সন্মান আৰু স্বীকৃতি

ত সুৰাইয়া, ২০১৩]]

১৯৪৬ত সুৰাইয়া, নুৰ জাহান আৰু সুৰেন্দৰ অভিনীত অনমোল ঘড়ীয়ে বোম্বে আৰু ভাৰতৰ অন্যান্য ঠাইত ৰূপালী জয়ন্তী সপ্তাহ পালন কৰে।১০

১৯৫১ চনত চলচ্চিত্ৰ সাপ্তাহিক স্ক্ৰীণৰ উদ্বোধনী সংখ্যাৰ বেটুপাতত সুৰাইয়াৰ আলোকচিত্ৰ প্ৰকাশ পায়।১১

১৯৫৪ত তেওঁৰ ছবি মিৰ্জা গালিবে দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰপতিৰ সোণৰ পদক পায়। অনুষ্ঠানত ভাৰতৰ তদানিন্তত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে মন্তব্য কৰে যে সুৰাইয়াই ছবিখনত প্ৰাণৰ সঞ্চাৰ কৰিছে।১২১৩

১৯৯৬ত সুৰাইয়াক স্ক্ৰীণ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয়।১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.rediff.com/movies/2004/feb/06sd5.htm
  2. ↑ Mahaan, Deepak (20 February 2014) "In her own orbit" . The Hindu. Retrieved 8 November 2018
  3. ↑ Why did Suraiya break Dev Anand's heart? . MagnaMags (20 March 2014). Retrieved 8 November 2018
  4. ↑ Came like a Meteor . The Hindu (6 February 2004). Retrieved 8 November 2018
  5. ↑ Dwyer, Rachel. (2002). Cinema India: The Visual Culture of Hindi Film. Rutgers University Press. ISBN 978-0-81353-175-5
  6. ↑ Nevile, Pran (21 July 2017) The story of Suraiya. The Hindu. Retrieসৎved 8 November 2018
  7. ↑ Premchand, Manek. (2018). The Hindi Music Jukebox: Exploring Unforgettable Songs. Notion Press. পৃ. 89–. ISBN 978-1-64324-760-1
  8. ↑ 10 most popular songs of Manna Dey – Movies News. Indiatoday.in. Retrieved 8 November 2018
  9. ↑ Saajan Ghar Aaye Lyrics | Saajan Ghar Aaye Station Master lyrics. lyricsgram.com. Retrieved 8 November 2018
  10. ↑ cineplot.com/wajid-ali-shah-1953/
  11. ↑ Anniversary Special. The Indian Express (3 October 2014). Retrieved 2018-11-08
  12. ↑ Suraiya, A Voice from the Past – An Interview . Indian Melody. Retrieved 8 November 2018
  13. ↑ Kaur, Devinder Bir. (8 February 2004). SURAIYA A Tribute O door jaane wale... The Sunday Tribune
  14. ↑ Singing queen Suraiya battles for life . Sify.com (31 January 2004). Retrieved 8 November 2018

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰাইয়া” প্ৰবন্ধৰ সংশোধন ৬৪০২৯২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।