অমৃতা সিং (Amrita Singh; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৫৮)১ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ বেটাব আৰু মৰ্দৰ দৰে ছবিত অভিনয় কৰি খ্যাতি আৰু সমাদৰ লাভ কৰা অমৃতা সিং আশীৰ দশকত এগৰাকী আগশাৰীৰ তাৰকালৈ উন্নীত হয়৷ নবৈৰ দশকৰ আৰম্ভণিতে তেখেতে ছবিৰ পৰা বিৰতি লয়৷ প্ৰায় দশকজোৰা বিৰতিৰ পাছত তেখেত ২০০২ চনত পুনৰ ছবিজগতলৈ ঘূৰি আহে৷ বৰ্তমান তেখেতে সহযোগী অভিনেত্ৰী হিচাপে কাম কৰিছে৷ ২০০৫ চনত তেখেতে টেলিভিছনৰ পৰ্দাতো ভুমুকি মাৰে৷
প্ৰাৰম্ভিক জীৱন
অমৃতা সিঙৰ জন্ম হৈছিল পশ্চিম পাকিস্তানৰ অন্তৰ্গত হাডালী নামৰ ঠাইত৷ তেখেতৰ মাতৃ হৈছে পাঞ্জাৱী মুছলিম সম্প্ৰদায়ৰ ৰুখছানা চুলতানা৷২ পিতৃ হৈছে পাঞ্জাৱী জট শিখ সম্প্ৰদায়ৰ শিৱিন্দৰ সিং বীৰ্ক৷ তেখেত আছিল এগৰাকী আৰ্মি বিষয়া৷৩ ১৯৭০ৰ দশকৰ জৰুৰীকালিন অৱস্থাৰ সময়ত সঞ্জয় গান্ধীৰ এগৰাকী ৰাজনৈতিক সহযোগী হিচাপে অমৃতা সিঙৰ মাতৃয়ে দায়িত্ব পালন কৰিছিল৷৪৫৬৭ ৮
অমৃতা সিঙে নতুন দিল্লীস্থ মডাৰ্ণ স্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰে৷ তেখেতৰ হিন্দী, পাঞ্জাৱী আৰু ইংৰাজী ভাষাত দখল আছে৷৯
কৰ্মজীৱন
১৯৮৩-১৯৯৩
১৯৮৩ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ কথাছবি বেটাবৰ জৰিয়তে অমৃতা সিঙে বলিউডত পদাৰ্পণ কৰে৷ এইখন কথাছবিত তেখেতৰ বিপৰীতে অভিনয় কৰিছিল ছানী দেউলে৷ ইয়াৰ পিছত তেখেতে অভিনয় কৰা বহুকেইখন ছবিয়েই বক্স অফিচত সফলতা লাভ কৰে৷ বিশেষকৈ ১৯৮৫ চনত মুক্তি লাভ কৰা মৰ্দ নামৰ ছবিখন বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ হিট হিচাপে পৰিগণিত হয়৷ অমৃতা সিঙে জীতেন্দ্ৰ, বিনোদ খান্না, ৰাজ বাব্বৰ, অনিল কাপুৰ, অমিতাভ বচ্চনৰ দৰে আগশাৰীৰ অভিনেতাৰ লগত অভিনয় কৰিছিল৷ ১০
১৯৯৩ চনত মুক্তি লাভ কৰা আইনা নামৰ ছবিখন আছিল অমৃতা সিঙৰ কেৰিয়াৰৰ এখনি উল্লেখযোগ্য ছবি৷ এইখন ছবিত অভিনয় কৰিয়েই তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷১১
২০০২-বৰ্তমানলৈকে
দীৰ্ঘদিনীয়া বিৰতিৰ অন্ত পেলাই ২০০২ চনত অমৃতা সিঙ পুনৰ চিনেজগতলৈ উভতি আহে৷ তেখেতে একবিংশ শতিকাত অভিনয় কৰা প্ৰথমখন চিনেমা আছিল-২৩ মাৰ্চ ১৯৩১:শ্বহীদ৷ ছবিখনত তেখেতে ভগৎ সিঙৰ মাতৃৰ চৰিত্ৰটো ৰূপায়ন কৰে৷ ভগৎ সিঙৰ চৰিত্ৰত ববী দেউলে অভিনয় কৰে৷ ২০০৫ চনত অমৃতা সিঙে টেলিভিছনৰ জগতত পদাৰ্পণ কৰে৷ ষ্টাৰ প্লাছযোগে সম্প্ৰচাৰিত হোৱা একতা কাপুৰৰ পৰিয়ালকেন্দ্ৰিক ধাৰাবাহিক কাব্যাঞ্জলিত তেখেতে অভিনয় কৰে৷ ঋণাত্মক চৰিত্ৰত অভিনয় কৰি তেখেতে দৰ্শকৰ পৰা সমাদৰ লাভ কৰে৷১২ সেইটো বছৰতে মুক্তিপ্ৰাপ্ত হিন্দী ছবি কলিযুগতো এটা নেতিবাচক চৰিত্ৰ ৰূপায়ন কৰে আৰু দৰ্শক-সমালোচকৰ পৰা প্ৰশংসা আৰ্জে৷ পৰৱৰ্তী সময়ত অমৃতা সিঙে শ্বুটআউট এট লোখনৱালা (২০০৭), দাশ কাহানিয়াৰ দৰে ছবিত অভিনয় কৰে৷
২০১৪ চনত অমৃতা সিঙে ধৰ্মা প্ৰডাকছনৰ ছবি টু ষ্টেটছ্ নামৰ ছবিখনত অভিনয় কৰে৷ ছবিখনত তেখেতে অৰ্জুন কাপুৰৰ মাতৃৰ ভূমিকাত অৱতীৰ্ণ হয়৷ ছবিখন বছৰটোৰ ১৪ এপ্ৰিলত মুক্তি হয়৷ ১৩ ২০১৬ চনত তেখেতে ফ্লায়িং ঝট, ২০১৭ চনত হিন্দী মিডিয়াম, ২০১৯ চনত বদলা নামৰ ছবিখনত অভিনয় কৰে৷ উল্লেখ্য, যে বদলাত তেখেতে প্ৰায় ১৮টা বছৰৰ পিছত অমিতাভ বচ্চনৰ লগত অভিনয় কৰিছে৷
ব্যক্তিগত জীৱন
১৯৯১ চনৰ জানুৱাৰী মাহত অমৃতা সিঙৰ লগত বলিউদৰ তাৰকা অভিনেতা ছৈয়ফ আলী খানৰ বিবাহ সম্পন্ন হয়৷ শিখ হিচাপে প্ৰতিপালিত হোৱা ছৈয়ফ আলী খানে বিবাহৰ পূৰ্বে ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু তেওঁলোকৰ বিবাহখনো ইছলামীয় পৰম্পৰাৰে সম্পন্ন হয়৷১৪ বিবাহৰ পাছত অমৃতা সিঙে ছবিত অভিনয় কৰিবলৈ এৰি দিয়ে৷ ২০০৪ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়৷১৫
তথ্যসূত্ৰ
- ↑ Film Actress Amrita Singh — Bollywood Star Amrita Singh — Amrita Singh Biography — Amrita Singh Profile
- ↑ Varma, Anuradha. (14 June 2009). In Bollywood, everyone's related!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (10 February 2016). Rare Pictures & Interesting Facts about 80s B-town Sensation Amrita Singh. Dailybhaskar.com
- ↑ Das, Veena. (Editor); Tarlo, Emma. (2000). Violence and subjectivity. University of California Press. পৃ. 266. ISBN 978-0-520-21608-2
- ↑ Tarlo, Emma. (2001). Unsettling memories: narratives of the emergency in Delhi. University of California Press. পৃ. 38–39, 143. ISBN 978-0-520-23122-1
- ↑ Gwatkin, Davidson R. "Political will and family planning: the implications of India's emergency experience." Population and Development Review (1979): 29-59
- ↑ French, Patrick. (2011). India: a portrait. Alfred A. Knopf. পৃ. 43. ISBN 978-0-307-27243-0
- ↑ #1975Emergency रुखसाना सुल्ताना: एक मुस्लिम सुंदरी जिसे देखते ही मुस्लिम मर्दों की रूह कांप जाती थी
- ↑ rafflesia. Saif Ali Khan and Amrita Singh
- ↑ Bollywood Actress: Amrita Singh's Biography
- ↑ www.imdb.com/title/tt0106203/
- ↑ Amrita Singh
- ↑ 2 States: Amrita Singh to play Arjun Kapoor's punjabi mother with an expert polish the role seemed totally typical or original in tone. On the other hand, Revati of south-indian films, as Alia's mother gave a skilled acting performance that was a pleasure for viewers.Also the unmatched relation with Ronit Roy's character was a strong feeling scene for viewers. Amrita was fabulous in 2 States.. the times of india
- ↑ (24 April 2015). No one changes their religion in order to get married: Saif Ali Khan speaks about 'love jihad'. The Express Tribune
- ↑ Iyer, Meena. (3 November 2014). Bollywood has a low divorce rate. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতা সিং” প্ৰবন্ধৰ সংশোধন ৫৪১০৪৩ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।