অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পূজা ভাট

পূজা ভাট (Pooja Bhatt; জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৭২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা। পূজা ভাটে লাভ কৰা বহুকেইটা পুৰস্কাৰৰ ভিতৰত দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও সন্নিৱিষ্ট হৈ আছে। তেখেত চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ জীয়ৰী।

হালনাগাদ: ২২ জুলাই ২০২৬ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পূজা ভাট (Pooja Bhatt; জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৭২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা।১ পূজা ভাটে লাভ কৰা বহুকেইটা পুৰস্কাৰৰ ভিতৰত দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও সন্নিৱিষ্ট হৈ আছে। তেখেত চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ জীয়ৰী। ১৯৮৯ চনত মহেশ ভাটে নিৰ্মাণ কৰা টেলিভিছন ছবি ডেডিৰ জৰিয়তে পূজা ভাটে পোনপ্ৰথমবাৰৰ বাবে শীৰ্ষ চৰিত্ৰত অভিনয় কৰে। ছবিখনৰ বাবে পূজা ভাটে শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ লাক্স নিউ ফেচ অৱ দ্যা ইয়েৰ সন্মান লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

লগতে চাওক: ভট্ট পৰিয়াল

১৯৭২ চনৰ ২৪ ফেব্ৰুৱাৰীত পূজা ভাটৰ জন্ম হয়।২ পূজা ভাটৰ পিতৃ আছিল মহেশ ভাট আৰু মাতৃ আছিল কিৰণ ভাট। পূজা ভাটে পিতৃৰ পৰা গুজৰাটী জাত্যাংশ আৰু মাতৃৰ পৰা ইংৰাজী, স্কটিশ, আৰ্মেনিয়ান আৰু বাৰ্মিছ জাত্যাংশ লাভ কৰিছে।৩৪৫৬

কৰ্মজীৱন

পূজা ভাটে ১৭ বছৰ বয়সত (১৯৮৯ চনত) অভিনয়ৰ জগতত প্ৰৱেশ কৰে। ছবিখন আছিল মহেশ ভাটৰ দ্বাৰা নিৰ্মিত ডেডী। সেইখন ছবি মহেশ ভাটে টিভিৰ ছবি হিচাপে নিৰ্মাণ কৰিছিল। ছবিখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল বলিউডৰ বলিষ্ঠ অভিনেতা অনুপম খেৰে।

১৯৯১ চনত নিৰ্মাণ হোৱা দিল হেই কে মানতা নহী শীৰ্ষক ৰোমাণ্টিক ছবিখন আছিল পূজা ভাটৰ কেৰিয়াৰৰ এখন উল্লেখযোগ্য ছবি।৭ এইখন ছবি আছিল অস্কাৰ-বিজয়ী ইট হেপেনড ওৱান নাইটৰ ৰিমেক।৮

পূজা ভাটৰ কেইখনমান উল্লেখযোগ্য ছবি হৈছে ছড়ক (১৯৯১),৭, জুনুন (১৯৯২), জানম, হাম দোনো (১৯৯৫), অংগৰক্ষক, বৰ্ডাৰ (১৯৯৭) আৰু জখম (১৯৯৮) আদি। ২০০১ চনত পূজা ভাটে Everybody Says I'm Fine! নামৰ ইংৰাজী ছবিখনত অভিনয় কৰে। ২০০৪ চনত পূজা ভাটৰ নিজস্ব পৰিচালনা আৰু প্ৰযোজনাত পাপ নামৰ ছবিখন মুক্তি হয়। ইয়াৰ পিছত তেখেতে চাৰিখনকৈ ছবি পৰিচালনা কৰে।৭ ২০২১ চনত পূজা ভাটে অলংকৃতা শ্ৰীবাস্তৱেৰ নিৰ্দেশনাত বোম্বাই বেগমছ নামৰ ছটা খণ্ডৰ চিৰিজটোত অভিনয় কৰিছে।৯

তথ্যসূত্ৰ

  1. ↑ (8 April 2018). Pooja Bhatt photos: 50 rare HD photos of Pooja Bhatt. The Indian Express
  2. ↑ AP/AFP/PTI/Agencies/Twitter/Movie stills. (24 February 2013). Birthday Exclusive: Pooja Bhatt. Deccan Chronicle
  3. ↑ Bollywood Trade News Network. (July 2007). Tulip's one exciting girl to watch for!. GlamSham
  4. ↑ Jha, Subhash K. (23 May 2013). Pooja Bhatt auctions role for women's cause. Bollywood Hungama
  5. ↑ Bhatt, Pooja. (21 November 2013). My mother is Scottish, Burmese, Armenian, English. My father is half Brahmin, half Muslim & Soni is Half Kashmiri & half German.. Twitter
  6. ↑ Bhatt, Pooja. (13 August 2013). Did you know my maternal great-grandmother was Burmese? I now have the chance to celebrate my roots. Come join me!. Twitter
  7. ↑ Pooja Bhatt: Lesser known facts · The Times of India. The Times of India
  8. ↑ OMG! Magazine covers. photogallery.indiatimes.com
  9. ↑ Keshri, Shweta. (16 July 2020). Netflix's Bombay Begums starring Pooja Bhatt deals with desire, ethics and vulnerabilities. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতৰ চলচ্চিত্ৰ পৰিচালকফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা ভাট” প্ৰবন্ধৰ সংশোধন ৬১৮৮৫৫ (২২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।