অৰুণা ইৰানী (Aruna Irani; জন্ম: ১৮ আগষ্ট ১৯৪৬) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেখেতে পাঁচশতকৈও অধিক ছিনেমাত অভিনয় কৰিছে। হিন্দী, কন্নড়, মাৰাঠী আৰু গুজৰাটী ছবিত সাধাৰণতে তেখেতক দেখা যায়। অৰুণা ইৰানীয়ে প্ৰায়েই সহ-অভিনেত্ৰী আৰু চৰিত্ৰত অৱতীৰ্ণ হয়। তেখেতে এতিয়ালৈকে দুবাৰকৈ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৫ চনত নিৰ্মিত 'পেট প্যাৰ ঔৰ পাপ' (১৮৫) আৰু ১৯৯৩ চনত নিৰ্মিত 'বেটা' হৈছে সেই ছবি দুখনৰ নাম। ইয়াৰ লগতে দহটাতকৈও অধিক বঁটাৰ বাবে তেখেত মনোনীত হৈছে। উল্লেখযোগ্য যে, এইটো শিতানত সৰ্বাধিক মনোনয়ন লাভ কৰা অভিনেত্ৰীৰ ভিতৰত তেখেত শীৰ্ষত আছে। ২০১২ চনত ৫৭ সংখ্যক ফিল্মফেয়াৰ মহোৎসৱত তেখেত 'জীৱনজোৰা সাধনাৰ বঁটা'ৰে সন্মানীত হয়।১
প্ৰাৰম্ভিক জীৱন
অৰুণা ইৰানীৰ জন্ম হৈছিল মুম্বাইত। পিতৃৰ নাম হৈছে ফাৰেডুন ইৰানী আৰু মাতৃ হৈছে সগুন। পিতৃয়ে এটা নাট্যগোষ্ঠী পৰিচালনা কৰিছিল আৰু মাতৃ আছিল এগৰাকী অভিনেত্ৰী। আঠগৰাকী ভগ্নীৰ মাজত অৰুণা ইৰানী আছিল জ্যেষ্ঠ। পৰিয়ালৰ আৰ্থিক অভাৱৰ বাবে অৰুণাই মাত্ৰ ষষ্ঠ শ্ৰেণীলৈকেহে পঢ়িব পাৰিছিল।২ছবিজগতত কাম কৰি থকাৰ সময়তে অৰুণা ইৰানীয়ে নৃত্যৰ শিক্ষা গ্ৰহণ কৰা বুলি মন্তব্য কৰে। কাৰণ পেছাদাৰী প্ৰশিক্ষকৰ অধীনত নৃত্যশিক্ষা গ্ৰহণ কৰিবৰ বাবে তেখেতৰ একাধিক সীমাবদ্ধতা আছিল। তেখেতৰ ভ্ৰাতৃ ইন্দ্ৰ কুমাৰ, আদি ইৰানী আৰু ফিৰোজ ইৰানী ছবিজগতৰ লগতে জড়িত। আনহাতে অভিনেত্ৰী বিন্দু হৈছে তেখেতৰ ভাগিনী।
কৰ্মজীৱন
১৯৬১ চনত মুক্তিলাভ কৰা 'গংগা যমুনা' ছবিৰ যোগেদি অৰুণা ইৰানীয়ে ছবিৰ জগতত প্ৰৱেশ কৰে। ছবিখনত তেখেতে আজৰাৰ শৈশৱৰ ৰূপটো ৰূপায়ণ কৰে। ইয়াৰ পিছত অৰুণা ইৰানীয়ে 'অনপড়' (১৯৬২) ছবিত মালা সিনহাৰ শৈশৱৰ ৰূপটোত অৱতীৰ্ণ হয়। পৰৱৰ্তী সময়ত তেখেতে 'জাহানাৰা' (১৯৬৪), 'ফৰ্জ' (১৯৬৭), 'উপকাৰ' (১৯৬৭) আৰু 'আয়া সাৱন ঝুমকে' (১৯৬৯) ছবিত অভিনয় কৰে। ভাৰতৰ বিশিষ্ট অভিনেতা আৰু কমেডিয়ান মেহমুদ আলীৰ লগত অৰুণা ইৰানীয়ে 'ঔলাদ' (১৯৬৮), 'হামজোলী' (১৯৭০), 'দেৱী' (১৯৭০) আৰু 'নয়া জমানা' (১৯৭১)ত অভিনয় কৰে।১
১৯৭১ চনত তেখেতে 'কাৰাভান' ছবিত অভিনয় কৰে।৩
১৯৮৪ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'পেট প্যাৰ ঔৰ পাপ'ৰ বাবে অৰুণা ইৰানীয়ে ফিল্মফেয়াৰৰ পৰা প্ৰথমটো শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে।৪
১৯৮০-৯০ৰ দশকৰ ফালে তেখেতে মাতৃৰ চৰিত্ৰবোৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তাৰে উল্লেখযোগ্য ছবিখন হৈছে ১৯৯২ চনত মুক্তিলাভ কৰা অনিল কাপুৰ আৰু মাধুৰী দীক্ষিত অভিনীত ছবি "বেটা। " এইখন ছবিত অভিনয় কৰি তেখেতে সহ-অভিনেত্ৰীৰ শিতানত দ্বিতীয়টো ফিল্মফেয়াৰ বঁটা অৰ্জন কৰে।৫
কেৰিয়াৰৰ শেষৰফালে অৰুণা ইৰানীয়ে দূৰদৰ্শনৰ জগতত ভূমুকি মাৰে আৰু একাধিক ধাৰাবাহিকত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰে। তেখেতে 'মেহেন্দী তেৰে নাম কী', 'দেছ মেইন নিকলা হোগা ছান্দ'ৰ দৰে ধাৰাবাহিক প্ৰযোজনা আৰু পৰিচালনাৰ দায়িত্বও পালন কৰে।৬
২০১২ চনৰ ১৯ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰৰ বাৰ্ষিক মহোৎসৱত অৰুণা ইৰানীক 'জীৱনজোৰা সাধনাৰ বঁটা' প্ৰদান কৰা হয়।৭
ব্যক্তিগত জীৱন
চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক কুকু কোহলীৰ সৈতে ১৯৬০ চনত অৰুণা ইৰানীৰ দাম্পত্য জীৱন আৰম্ভ হয়।৮
তথ্যসূত্ৰ
- ↑ IMDB-Aruna Irani. IMDB
- ↑ Meera Joshi. (3 September 2013). Mehmood & I never married - Aroona Irani. Filmfare
- ↑ Exclusive biography of #ArunaIrani and on her life.. FilmiBeat
- ↑ Filmfare Awards: Aruna Irani wins the Lifetime Achievement Award. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (17 August 2018). 5 lesser known facts about Aruna Irani · Tata Sky Blog Buster. Tata Sky Blogbuster
- ↑ 'An actor should consider no role small or big': Aruna Irani. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Aruna Irani on winning the Lifetime Achievement Award. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ www.bollywoodshaadis.com/articles/aruna-irani-lo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণা ইৰানী” প্ৰবন্ধৰ সংশোধন ৫৬১৭৩৮ (৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।