অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাওলি দাম

পাওলি দাম (Paoli Dam; জন্ম: ৪ অক্টোবৰ ১৯৮০) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী; যিয়ে বঙালী ভাষাৰ টেলিভিছন ধাৰাবাহিক 'জীৱন নিয়ে খেলা' (২০০৩)ৰ জৰিয়তে কেৰিয়াৰৰ আৰম্ভ কৰিছিল। পাওলি দামে কলিকতাত শৈশৱ অতিবাহিত কৰিছে আৰু ৰাজাবজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে।

হালনাগাদ: ১৯ জুন ২০২৫ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পাওলি দাম (Paoli Dam; জন্ম: ৪ অক্টোবৰ ১৯৮০) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী;১ যিয়ে বঙালী ভাষাৰ টেলিভিছন ধাৰাবাহিক 'জীৱন নিয়ে খেলা' (২০০৩)ৰ জৰিয়তে কেৰিয়াৰৰ আৰম্ভ কৰিছিল। পাওলি দামে কলিকতাত শৈশৱ অতিবাহিত কৰিছে আৰু ৰাজাবজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে। তেখেতৰ ইচ্ছা আছিল এগৰাকী ৰাসায়নিক গৱেষক অথবা এগৰাকী পায়লট হোৱাৰ।

পাওলি দামৰ প্ৰথমখন বঙালী ছবি হৈছে 'তিন য়াৰী কথা'। ২০০৪ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা সুদেষ্ণা ৰয় আৰু অভিজিৎ গুহৰ। অৱশ্যে ছবিখন ২০১২ চনলৈকে চিত্ৰগৃহত মুক্তি দিয়া হোৱা নাছিল। সেইগতিকে দামৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবিখন হয়গৈ 'অগ্নিপৰীক্ষা'। পৰিচালনা আছিল ৰবী কিনাগীৰ। ২০০৬ আৰু ২০০৯ চনৰ ভিতৰত পাওলি দামে পাঁচখন বঙালী ছবিত অভিনয় কৰে। ২০০৯ চনত মুক্তি লাভ কৰা 'কালবেলা'ৰ জৰিয়তে পাওলি দামে দৰ্শক-সমালোচকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে। ছবিখনৰ পৰিচালক আছিল গৌতম ঘোষ।

২০১১ চনত পাওলি দামে বঙালী ভাষাৰ ছবি 'চত্ৰক'ৰ বাবে আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হয়।২ ছবিখনে কাঁৰ চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়। আনহাতে টৰণ্টো আৰ গণৰাজ্যৰ ছবি মহোৎসৱতো ছবিখনে বিশেষ দৰ্শনী লাভ কৰে।৩৪ ২০১২ চনত পাওলি দামে বলিউডত অভিষেক কৰে। ছবিখনৰ নাম আছিল 'হেইট ষ্টৰী'।৫ বিক্ৰম ভাটৰ ছবি 'অংকৰ অৰোৰা মাৰ্ডাৰ কেছ'তো পাওলিক এক গুৰুত্বপূৰ্ণ ভূমিকাত দেখা পোৱা যায়। ছবিখনৰ পৰিচালক আছিল ছোহেইল টাটাৰী। ২০১৬ চনত হায়দৰাবাদ বঙালী ছবি মহোৎসৱত, 'নাটকৰ মত'ত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে তেখেতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ "ভিউৱাৰ্ছ ছয়ছ" বঁটা লাভ কৰে।

জন্ম আৰু পৰিয়াল

পাওলি দামৰ জন্ম হৈছিল পশ্চিমবংগৰ কলিকাতত, এটি বঙালী পৰিয়ালত। তেওঁলোকৰ পৰিয়ালটোৰ মূল নিবাসস্থল আছিল এতিয়াৰ বাংলাদেশ আৰু তেতিয়াৰ ফৰিডপুৰ।৬ মাতৃৰ নাম পাপিয়া আৰু পিতৃৰ নাম আমোল। তেখেতৰ এগৰাকী ভ্ৰাতৃও আছে; যাৰ নাম হৈছে ময়নাক।৭

শিক্ষা

পাওলি দামে বৌবজাৰত থকা লৰেটো স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰে। ইয়াৰ আগতে তেখেতে উচ্চতৰ মাধ্যমিকৰ শিক্ষা সাং কৰে। তেখেতে এগৰাকী মেধাৱী ছাত্ৰী আছিল আৰু জলপানিও লাভ কৰিছিল।৮ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিদ্যাসাগৰ কলেজৰ পতা পাওলিয়ে ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্জন কৰে।৯ পৰৱৰ্তী সময়ত পাওলিয়ে কলিকতা বিশ্ববিদ্যালয়ৰে অন্তৰ্গত ৰাজাবজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানতে স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰে।১০১১

খুব কম বয়সতে পাওলি থিয়েটাৰৰ প্ৰতি আকৰ্ষিত হয়। ইয়াৰ লগতে তেখেতে ধ্ৰুপদী নৃত্যৰ শিক্ষাও গ্ৰহণ কৰে। কিন্তু পাওলিয়ে অভিনয়ৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰা নাছিল।৮

তথ্যসূত্ৰ

  1. ↑ Actress Paoli Dam shoots for Mir Afsar Ali-hosted Mirakkel Season 10. Times Of India
  2. ↑ Vats, Rohit. (12 October 2011). Is 'Chatrak' the boldest film ever made in India?. The Times of India
  3. ↑ Dasgupta, Priyanka. (15 September 2011). Paoli axed from movie promos. The Times of India
  4. ↑ Dasgupta, Priyanka. (18 September 2011). I'll cast Paoli in my next: Vimukti Jayasundara. The Times of India
  5. ↑ Which is the raunchiest Hate Story? VOTE!
  6. ↑ bn:ফৰিদপুৰ যেতে চান পাওলি. Prothom Alo
  7. ↑ Actress Paoli Dam Parents. MerePix
  8. ↑ Damned if She Does. India Today
  9. ↑ Paoli Dam: Who is she?. India Today
  10. ↑ Smita Patil of Bengali cinema
  11. ↑ Paoli Dam on life after Kalbela

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাওলি দাম” প্ৰবন্ধৰ সংশোধন ৫১৯১৬৫ (১৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।