জুবেইদা বেগম ধনৰাজগীৰ (Zubeida Begum Dhanrajgir, ১৯১১-১৯৮৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰথম সবাক ছবি আলম আৰাৰ নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল। দেৱদাস (১৯৩৭), সাগৰ মোভীটোনৰ প্ৰথম সবাক ছবি 'মেৰী জান' তেওঁৰ উল্লেখযোগ্য ছবি।১২
প্ৰাৰম্ভিক জীৱন
গুজৰাটৰ সুৰাতত জুবেইদাৰ জন্ম হয়। কোৱা হয় যে আজিৰ গুজৰাটৰ অন্তৰ্গত শচীন ষ্টেটৰ নবাব ইব্ৰাহিম মহম্মদ য়াকুত খান (তৃতীয়) তেওঁৰ দেউতাক আছিল। মাক আছিল ভাৰতীয় চলচ্চিত্ৰ প্ৰথম মহিলা পৰিচালক বুলি বিবেচিত ফাটিমা বেগম। তেওঁৰ দুজনী ভনীয়েক আছিল- চুলতানা আৰু চাহজাদী। তেওঁলোকেও জুবেইদাৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ এনেকুৱা সময়ত চলচ্চিত্ৰ জগতত প্ৰবেশ কৰিছিল, যি সময়ত চলচ্চিত্ৰাভিনয়ক সামাজিকবাবে ভাল চকুৰে চোৱা হোৱা নাছিল।১
কৰ্মজীৱন

জুবেইদাৰ ১২ বছৰ বয়সতে কহিনুৰ ছবিৰ যোগে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। ১৯২০ৰ দশকত ভনীয়েক চুলতানাৰ সৈতে তেওঁ মাজেমাজে পৰ্দাত দেখা দিছিল আৰু সেই সময়ৰ আটাইতকৈ আকৰ্ষণীয় নায়িকালৈ পৰিণত হৈছিল। দুয়োজনী ভনীয়েকেক একেলগে দেখা গৈছিল ‘কল্যাণ খজিনা’ত (১৯২৪) আৰু তাৰ দুবছৰ আগতে মুক্তি পোৱা জুবেইদাৰ জীৱনৰ প্ৰথম ব্লকবাষ্টাৰ বুলি খ্যাত ‘বীৰ অভিমন্যু’ত। ‘বীৰ অভিমন্যু’ত তেওঁলোকৰ মাক ফাটিমা বেগমেও এটা গুৰুত্বপূৰ্ণ ভাওত অভিনয় কৰিছিল।১
১৯২৫ চনলৈ ‘কালা চোৰ’, ‘দেৱদাস’ আৰু ‘দেশ কা দুশমন’কে ধৰি তেওঁৰ নখন ছবিয়ে মুক্তি পাইছিল। ইয়াৰ এবছৰ পিছত তেওঁ মাক ফাটিমা বেগমে পৰিচালনা কৰা ‘বুলবুল-ই-পৰীস্তান’ত অভিনয় কৰিছিল। ১৯২৭ৰ বছৰটো তেওঁৰ বাবে এটা স্মৰণীয় বছৰ। কাৰণ এই বছৰটোতে তেওঁ সফল ছবি ‘লেইলা মজনু’, ‘ননন্দ ভোজাই’, আৰু নৱল গান্ধীৰ ‘বলিদান’ত অভিনয় কৰিছিল। পিছৰ ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াত অভিনয় কৰিছিল সুলোচনা দেৱী, মাষ্টাৰ ভিট্টাল আৰু জল খাম্বাট্টাই। ইয়াত শতিকা পুৰণি বঙ্গৰ কালি মন্দিৰৰ বলি-বিধান প্ৰথাক নিন্দা কৰা হৈছিল। ইণ্ডিয়ান চিনেমেটোগ্ৰাফ কমিটিৰ সদস্যসকলে এই ছবিখনক ‘উৎকৃষ্ট আৰু সঁচা ভাৰতীয় ছবি’ বুলি অভিহিত কৰিছিল। ইয়াৰ ইউৰোপীয় সদস্যসকলে প্ৰদৰ্শনৰ বাবে বাহিৰলৈ পঠিওৱাৰ বাবে অনুমোদন কৰিছিল।১ আলম আৰা অতি জনপ্ৰিয় হৈছিল। ছবিখনৰ জনপ্ৰিয়তাই জুবেইদাৰো পাৰিশ্ৰমিক আৰু চাহিদা বঢ়াই দিছিল।২
১৯৩৪ত তেওঁ নানুভাই ৱকিলৰ লৈতে মহালক্ষ্মী মোভীটোন স্থাপন কৰে আৰু বক্স অফিচত উখল-মাখলৰ সৃষ্টি কৰা ‘গুল-ই-সোণোবৰ’ আৰু ‘ৰসিক-ই-লেইলা’ৰ নিৰ্মাণ কৰে। ‘নিৰ্দোষ অবলা’ তেওঁৰ শেষ ছবি।১
মৃত্যু
জুবেইদাক জীৱনৰ শেষ সময়খিনি মুম্বাইৰ ধনৰাজ মহলত পাৰ কৰিছিল। ১৯৮৮ চনত তেওঁৰ মৃত্যু হয়। তেওঁক দক্ষিণ মুম্বাইৰ কোলাবাৰ ছত্ৰপতি শিৱাজী মহাৰাজ মাৰ্গত সমাধিস্থ কৰা হয়।৩
চলচ্চিত্ৰপঞ্জী
- আলম আৰা (১৯৩১)
- জৰিনা (১৯৩২)
- ৰসিক-ই-লেইলা (১৯৩৪)
- দেৱদাস (১৯৩৭)
- নিৰ্দোষ অবলা (১৯৪৯)
- আৱাৰা (১৯৫১): য়ং ৰীতা১
বাহ্যিক সংযোগ
- India Heritage:Performing Arts:Cinema In India:Personalities:Silent Screen Stars.
- Zubeida profile 1911–1988) was an ভাৰতn film actress. She starred in the first Indian talkie movie আলম আৰা (১৯৩১ চলচ্চিত্ৰ) (1931). Her credits include early hits Devdas (1937), and Sagar Movietone's first talkie, Meri Jaan
তথ্যসূত্ৰ
- ↑ Zubeida Begum - Biography In Hindi. Biography & Real Life Story
- ↑ Alam Ara: India's First Sound Film Completes 88 Years Today. The Indianness
- ↑ With Rani Zubeida Dharajgir's death:Curtain comes down on silent movie. The Free Press Journal 17 October 1988
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবেইদা” প্ৰবন্ধৰ সংশোধন ৬১১৭১২ (১০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।